নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুগলত ভাৰতৰ কোনকেইজন ব্যক্তি সৰ্বাধিক চৰ্চিত ২০১৯ত

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ ক্ষন্তেক সময়ৰ পিছত পুৰণি বছৰে বিদায় মাগিব। চলিত বৰ্ষটো বহু লোকৰ বাবে বিশেষ এইবৰ্ষ ৰূপে পৰিচিত হব। যাৰ ভিতৰত ৰাতিৰ ভিতৰত জনপ্ৰিয় হোৱা ৰাণুমণ্ডলো অন্যতম। বিভিন্ন ক্ষেত্ৰত এওঁলোক চৰ্চাত আছিল। বিশ্বৰ বহুলোকক এওঁলোকৰ বিষয়ে জানিবলৈ উতসুকতা দেখা গৈছিল। শেহতীয়াকৈ গুগলে ১০ জন ভাৰতীয়ৰ নাম উল্লেখ কৰিছে।

কৌয়না মিত্ৰাঃ কৌয়না মিত্ৰা বলিউদৰ অভিনেত্ৰী। এইবৰ্ষত ৰিয়েলিটি শ্ব বিগবছ ১৩ ত অংশ গ্ৰহণ কৰিছিল। অৱশ্যে বিগ বছত মিত্ৰাই অন্যান্য কৰ্ম কাজৰ বাবে চৰ্চিত হৈছিল।

 

 

সিদ্ধাৰ্থ শুকলাঃ সিদ্ধাৰ্থ শুকলা সৰু পৰ্দাৰ অভিনেতা। কেইবাখনো ধাৰাবাহিকত শুকলাই অভিনয় কৰিছে। সিদ্ধাৰ্থই বিগবছ ১৩ত অভিনয় কৰাৰ উপৰিও বিভিন্ন কাৰণ গুগলত চাৰ্চ কৰা হৈছিল।

 

 

তাৰা সুতাৰিয়াঃ ২৪ বছৰীয়া তাৰা বলিউদৰ অভিনেত্ৰী। এইবৰ্ষতে তাৰাই ষ্টুডেণ্ট অফ দ্যা ইয়েৰ ২ৰ যোগেদি অভিনয় জগতত খোজ দিছিল। ছবিখনত টাইগাৰ শ্ৰুফৰ লগতে অন্যন্যা পাণ্ডেও অভিনয় কৰিছিল।

ৰাণু মণ্ডলঃ ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছিল ৰাণু মণ্ডলে। পশ্চিমবংগৰ ৰানাঘাট ৰেলৱে ষ্টেচনত গীত গোৱাৰ এটা ভিডিঅ ছছিয়লে মিডিয়াত খুব ভাইৰেল হৈছিল। সেই ভিডিঅয়ে ৰাণু মণ্ডলৰ ভাগ্যৰ পৰিৱৰ্তন হৈছিল। এই ভাইৰেল ভিডিঅয়ে ৰাণু মণ্ডলক বলিউদ পালেগৈ। হিমেশ ৰেশমিয়াৰ সৈতে ৰাণুয়ে গীত গাবলৈ সুযোগ পাইছিল।

ঋষভ পণ্টঃ ভাৰতীয় ক্ৰিকেট দলৰ উইকেট ৰক্ষক । ২২ বছৰীয়া পণ্টক গুগলত বহু লোকে চাৰ্চ কৰিছিল।

বিকী কৌশলঃ বলিউদৰ অভিনেতা বিকী কৌশলে উৰী দ্যা ছাৰ্জিকেল ষ্টাইকৰ জৰিয়েত চৰ্চালৈ আহিছিল। এই ছবিখনৰ জৰিয়তে বিকীক গুগলত বিচৰা হৈছিল।

 

 

 

আনন্দ কুমাৰঃ বিহাৰৰ গণিতজ্ঞ আৰু ছুপাৰ থাৰ্টিৰ ফ্ৰেম আনন্দ কুমাৰ ২০১৯ বৰ্ষ বিশেষৰূপে পৰিগণিত হব। চলিত বৰ্ষতে তেওঁৰ জীৱন ভিত্তিক ছবি ছুপাৰ ৩০ দৰ্শকৰ মাজলৈ আহিছিল। ছবিখনৰ বাবে আনন্দ কুমাৰক সমগ্ৰ বিশ্বত বিখ্যাত হৈ পৰিছিল।

 

 

যুৱৰাজ সিঙঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সদ্য যুৱৰাজ সিঙ সৰ্বাধিক চাৰ্চ কৰা হয়। কাৰণ ১০ জুন ২০১৯ত যুৱৰাজ সিঙে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল।

লতা মংগেশকাৰঃ কোকিলকণ্ঠ গায়িকা লতা মংগেশকাৰ প্ৰায় ২৮ দিন মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পাতালত ভৰ্তি হৈছিল। কোকিল কণ্ঠ গায়িকা গৰাকী নিমোনিয়া ৰোগত আক্ৰান্ত হৈছিল।
সমগ্ৰ দেশতে লতাৰ সুশ্বাথ্য কামানাৰে প্ৰাৰ্থনা কৰা হৈছিল।

 

অভিনন্দন বৰ্ধমানঃ চলিত বৰ্ষত যদি সমগ্ৰ বিশ্বত চৰ্চিত হৈছিল সেইজন হৈছে অভিনন্দন বৰ্ধমান। ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডৰ জন পাকিস্তানৰ এফ-১৬ মিগ-২১ৰে ধব্বংস কৰিছিল। কিন্তু অভিনন্দনৰ বিমানখন পাকিস্তানত গৈ ধব্বংস হৈছিল। পাকিস্তানত ৬০ঘণ্টা সময় অতিবাহিত কৰাৰ পিছত ভাৰতক চমজাই দিয়ে দেশখনৰ কৃৰ্তপক্ষই।

You might also like