নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০১৯ ত কন্দুৱালে সেইবাবে নতুন বছৰত কেন্দ্ৰই মজুত ৰাখিব পিঁয়াজ

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ সমগ্ৰ দেশতে অত্যাৱশ্যকীয় সামগ্রী পিঁয়াজৰ ঊর্ধ্বমুখী দামে সর্বসাধাৰণ ৰাইজক জ্বলাকলা খুওৱাৰ সময়তে আহিছে এক সুখবৰ ।

এক চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি আগন্তুক বৰ্ষত দেশত পিঁয়াজৰ সংকট দূৰ কৰাৰ বাবে কেন্দ্ৰই ১ লাখ টন পিঁয়াজ মজুত ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উল্লেখ্য যে চলিত বৰ্ষৰ বাবে চৰকাৰে এই বৰ্ষত ৫৬ হাজাৰ টন পিঁয়াজ মজুত ৰাখিছিল যদিও শেষৰ ফালে এই পিঁয়াজৰ নাটনি সৃষ্টি হয় । যাৰ বাবে কেন্দ্ৰই পিঁয়াজ আমদানি কৰিবলগীয়া হয় ।

উল্লেখ্য যে চলিত বৰ্ষত চাহিদাৰ বিপৰীতে বজাৰত নাছিল পিঁয়াজৰ যোগান । যাৰ বাবে এতিয়াও দেশৰ বজাৰত ৰঙা পিঁয়াজে কোৱাই আছে শতক ।

You might also like