চুলিৰ যত্নত কমলাৰ বাকলিৰ গুড়ি অন্তর্ভুক্ত কৰক

কমলাৰ বাকলিৰে চুলিৰ মাস্ক কেনেকৈ বনাব
যদি আপুনি কমলাৰ বাকলিৰে চুলিৰ মাস্ক বনাব বিচাৰে, তেন্তে প্রথমে কমলাৰ বাকলি ভালদৰে ধুই ৰ’দত শুকুৱাই লৈ ভালকৈ পিহি লওক৷ এতিয়া কমলাৰ গুডিত নাৰিকল তেল, এলোভেৰা জেল, গোলাপ জল আৰু অলিভ অইল মিহলাই লওক৷ এই সকলোবোৰ ভালদৰে মিহলাই লোৱাৰ পিছত চুলিৰ গুৰিত লগাব আৰু ১ ঘণ্টাৰ পিছত পৰিষ্কাৰ পানীৰে চুলি ধুব৷ যদি আপুনি ভাল ফলাফল বিচাৰে, তেন্তে নিশ্চিতভাৱে এই হেয়াৰ মাস্কটো সপ্তাহত কমেও দুবাৰৰ পৰা তিনিবাৰ ব্যৱহাৰ কৰক আৰু আপুনি অতি সোনকালে আপোনাৰ চুলিত পার্থক্য দেখিব৷

১৷ চুলি চিকচিকীয়া দেখা যাব
ভিটামিন ‘চি’য়ে আমাৰ চুলিৰ জিলিকনি বজাই ৰখাত বহুখিনি সহায় কৰে৷ সেইবাবেই কমলাৰ বাকলি ব্যৱহাৰ কৰিব পাৰে, কাৰণ কমলাত ভিটামিন ‘চি’ প্রচুৰ পৰিমাণে পোৱা যায়, আনহাতে নাৰিকল তেলে চুলিক আর্দ্র কৰি ৰাখে৷ গতিকে যেতিয়াই কমলাৰ খোলাৰ চুলিৰ মাস্ক লগাব, তেতিয়াই আপোনাৰ চুলিবোৰ চিকচিকীয়া দেখা যাব৷

২৷ প্রাকৃতিক কণ্ডিচনাৰ
কমলাৰ বাকলিক এণ্টি–ক্সিডেণ্টৰ উত্তম উৎস বুলি গণ্য কৰা হয়৷ আনকি কমলাৰ বাকলিৰ গুড়ি ধূলিৰ ফলত হোৱা চুলিৰ ক্ষতি আঁতৰোৱাৰ বাবে অতি উপকাৰী৷ আনকি চুলিৰ মাস্ক লগোৱাৰ সময়তো আপুনি অনুভৱ কৰিব যে আপোনাৰ চুলিখিনি আগৰ তুলনাত চিকচিকীয়া হৈছে৷

৩৷ শুষ্কতা নোহোৱা হ’ব
যদি আপোনাৰ চুলিখিনি অতি শুকান হয়, তেন্তে সেই শুষ্কতা আঁতৰাবলৈ কমলাৰ বাকলিৰ চুলিৰ মাস্কো ব্যৱহাৰ কৰিব পাৰে, কাৰণ কমলাৰ বাকলিৰ গুড়িয়ে আপোনাক মইশ্বৰাইজাৰ প্রদান কৰিব, যিয়ে আপোনাৰ চুলিৰ শুষ্কতা আঁতৰাই পেলাব৷

৪৷ চুলি দীঘল আৰু ডাঠ হ’ব
কমলাৰ বাকলিত ভিটামিন ‘এ’ আৰু ভিটামিন ‘বি’ পাওঁ, যিবোৰ আমাৰ চুলিৰ বৃদ্ধিৰবাবে ভালবুলি গণ্য কৰা হয়৷ সপ্তাহত দুবাৰৰ পৰা তিনিবাৰকৈ চুলিৰ এই মাস্ক ব্যৱহাৰ কৰিলে চুলি আগতকৈ ডাঠ আৰু দীঘল হৈ পৰিব৷

৫৷ উফিৰ পৰা পৰিত্রাণ পাব
কমলাৰবাকলিত এণ্টিবেক্টেৰিয়েল উপাদান থাকে, যিবোৰ আমাৰ চুলিৰ বাবে অতি গুৰুত্বপূর্ণ৷ আমাৰ চুলিত যদি উফি থাকে, তেন্তে ই সহজেই আঁতৰি যায়৷