বিশেষ লেখা : বৰঠাকুৰ ক্লিনিক 

নিৰুপমা বৰগোহাঞি

মই গুৱাহাটী চহৰৰ আৰু সমগ্র অসমৰে এখন বাটকটীয়া চিকিৎসানুষ্ঠানৰ এক গভীৰ সংকটৰ বিষয়ে দুআষাৰ কৈ অসমৰ ৰাইজ তথা স্বাস্থ্য বিভাগৰ মাননীয় মন্ত্রী ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছোঁ৷ সু–সাহিত্যিক আৰু মেধাৱী, প্রতিভাসম্পন্ন চিকিৎসক প্রয়াত আনন্দেশ্বৰ বৰঠাকুৰে ১৯৭৫ চনত এই চিকিৎসালয়খন স্থাপন কৰিছিল৷ গুৱাহাটীৰ খাৰঘুলি অঞ্চলৰ এক মনোৰম পৰিৱেশত নির্মিত চিকিৎসালয়খনে মাথোন অসমৰে নহয়, সমগ্র উত্তৰ–পূর্বাঞ্চলৰ পীড়াগ্রস্ত ৰাইজক সেৱা কৰাৰ ক্ষেত্রত এখন বাটকটীয়া অনুষ্ঠান বুলি ক’ব পাৰি৷ পিছলৈ গুৱাহাটীত বহুতো হাস্পতাল গঢ়ি উঠিল, তাত প্রযুক্তিবিদ্যাৰ কল্যাণত ৰোগীয়ে নানাধৰণৰ ব্যাধিৰ বাবে নানাধৰণৰ প্রতিকাৰৰ সুবিধা লাভ কৰিছে৷ কিন্তু বৰঠাকুৰ ক্লিনিকৰ ঘৰুৱা পৰিৱেশ, মালিকপক্ষ, চিকিৎসক আৰু বিভিন্ন স্তৰৰ কর্মচাৰীৰ মধুৰ, মার্জিত ব্যৱহাৰ আৰু নিভাঁজ সেৱা আগবঢ়োৱা আগ্রহে ইমান প্রতিযোগিতাৰ মাজতো চিকিৎসালয়খনৰ বাবে এক বিশিষ্ট, সুকীয়া স্থান মানুহৰ হৃদয় আৰু মনত সংৰক্ষিত কৰি ৰাখিছে৷ মই যিহেতু চিকিৎসালয়খনৰ ওচৰৰ বাসিন্দা হওঁ, সেয়ে একাধিকবাৰ এই চিকিৎসালয়ৰ চিকিৎসক আৰু নার্ছৰ শুশ্রূষা লাভ কৰিছোঁ, তেওঁলোকৰ মধুৰ ব্যৱহাৰে মোক আপ্লুত কৰিছে৷ কিন্তু এই মুহূর্তত চিকিৎসালয়খনৰ ভৱিষ্যৎ মেঘাচ্ছন্ন হৈ পৰিছে৷ প্রাকৃতিক দুর্যোগৰ বাবে ইয়াৰ প্রভূত ক্ষতি হ’ল, ওচৰৰে ৰাজভৱনৰ বেৰ ভাঙি সেই বেৰ বৰঠাকুৰ ক্লিনিকৰ ওপৰত পৰাত ইয়াৰ বেৰ, কোঠালি আদি ভাঙি চূৰমাৰ হ’ল৷ পিছত এই লোকচানৰ বাবে চৰকাৰৰ পৰা ক্ষতিপূৰণ পাইছে নে নাই মই নাজানো, কিন্তু শেহতীয়াভাৱে চিকিৎসালয়খন পুনৰ বিপর্যস্ত হৈছে আৰু শুনা মতে চিকিৎসালয়খন সম্পূর্ণৰূপে বন্ধ হৈ যোৱাৰ এক আশংকা হৈছে৷ এনে হ’লে এজন দূৰদর্শী আৰু দৰদী চিকিৎসকৰ সপোন থানবান হ’ব আৰু স্থানীয় ৰাইজৰো অপূৰণীয় ক্ষতি হ’ব৷ অসমীয়া মানুহেও যে সৎ, নিকা ব্যৱসায় কৰিব পাৰে বা চিকিৎসাৰ দৰে এক মহৎ বৃত্তিক সাধাৰণ ব্যৱসায়ৰ বহুতো ঊর্ধ্বলৈ লৈ যাব পাৰে, বৰঠাকুৰ ক্লিনিক তাৰেই স্মাৰক আৰু প্রতীক৷ মই নিজে ড০ আনন্দেশ্বৰ বৰঠাকুৰৰ সুযোগ্য সন্তান ডাঃ হিমাদ্রী বৰঠাকুৰ আৰু ডাঃ অৰুণিমা গোস্বামীৰ চিকিৎসাৰ দ্বাৰা পৰম লাভৱান হৈছোঁ৷ এইখন এক জাতীয় সম্পদ আৰু প্রতিষ্ঠান৷ বৰঠাকুৰ ক্লিনিকক পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰে যাতে সকলোধৰণৰ ব্যৱস্থা কৰে মই তাৰেই কামনা কৰোঁ৷ তেতিয়া হ’লে মোৰ দৰে বৃদ্ধসকলে আৰু অনাগত দিনৰ চুবুৰীয়াৰ অনেক বৃদ্ধ–বৃদ্ধাই দূৰৈৰ চিকিৎসালয়লৈ কষ্টকৰ, ব্যয়বহুল ঢাপলি নেমেলি ওচৰৰ বৰঠাকুৰ ক্লিনিকতে চিকিৎসা কৰিব পাৰিব৷ এইটো বহু লোকৰ বাবে কম সৌভাগ্যৰ কথা হ’বনে? আমাৰ জনসংখ্যা বৃদ্ধিহে হৈ আছে, কমা নাই, সেই বর্ধিত জনসংখ্যালৈ চাই আন চিকিৎসালয়ৰ প্রয়োজনহে আছে, তাৰ কর্তন নহয়৷

Featured