বিশেষ লেখা : কু-কীর্তিৰ বাবে লজ্জানত মুছলিম সমাজ

অধ্যাপক আব্দুল কাইয়ুম আল-আমান

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত এগৰাকী মহিলা চিকিৎসকক ধর্ষণ কৰি হত্যা কৰাৰ জঘন্যতম ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই যোৱা ২২ আগষ্টত নগাঁও জিলাৰ ধিঙত দশম শ্রেণীৰ ১৪ বছৰীয়া এগৰাকী নাবালিকা ছাত্রীক তিনিটা নৰপিশাচে দলবদ্ধভাৱে ধর্ষণ কৰা কাণ্ডই সমগ্র অসমত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ জাতি–ধর্ম–বর্ণ–ভাষ্ নির্বিশেষে সকলোৱে একেমুখে ইয়াক ধিক্কাৰ জনাইছে আৰু দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে৷ আমাৰ কাৰণে অতি দুখ আৰু দুর্ভাগ্যৰ বিষয় হ’ল যে অভিযুক্ত ধর্ষণকাৰী পাষণ্ড নৰপিশাচকেইটা নামধাৰী মুছলমান৷ ড্রাগ সেৱনকাৰী আৰু মদ–ভাং গ্রহণকাৰী চূড়ান্ত দুষৃকতিকাৰী চয়তানকেইটা মুছলমানৰ নামত পাপী–জহান্নামী৷ এইধৰণৰ জঘন্য কামৰ লগত জডিত নৰপিশাচৰ কোনো নির্দিষ্ট ধর্ম নাথাকে৷ এইবোৰৰ এটাই নাম– ধর্ষণকাৰী৷ ধর্ষণকাৰী ধর্ষণকাৰীয়েই৷ সেয়া বাহ্যিকভাৱে হিন্দুয়েই হওক বা মুছলমানেই হওক, সিহঁতৰ কোনো ধর্ম নাই৷ আভ্যন্তৰীণভাৱে এটাই দল– দুষ্কৃতিকাৰী পাপী ধর্ষণকাৰী জহান্নামী৷ আমি শত–সহস্রবাৰ এইবোৰক ধিক্কাৰ জনাইছোঁ আৰু চৰকাৰৰ ওচৰত ফাঁচিৰ দাবী জনাইছোঁ৷ চৰকাৰে ফাষ্ট ট্ৰেক আদালতৰ বিচাৰ প্রক্রিয়াৰ মাধ্যমত তিনি মাহৰ ভিতৰত সম্পন্ন কৰি ধর্ষণকাৰীক ফাঁচি দিয়ক৷
সুখৰ বিষয় যে ইতিমধ্যে তফাজ্জুল ইছলাম নামৰ নৰপিশাচটোৱে পুখুৰীত ডুবি নিকৃষ্ট মৃত্যুবৰণ কৰিছে৷ তাতকৈ ডাঙৰ কথা হ’ল ধিঙৰ মুছলিম সমাজে নৰপিশাচটোৰ জানাজা নপঢ়াৰ সিদ্ধান্ত লৈছে আৰু ৰাজহুৱা কবৰস্থানত কবৰ দিবলৈও অমান্তি প্রকাশ কৰি ইছলামৰ নীতিৰ দৃঢ়তা প্রকট কৰিছে৷ ইয়াৰ উপৰি অভিযুক্ত পৰিয়ালবোৰক এঘৰীয়া বা সমাজচ্যুত কৰিছে৷ এইদৰে অসমৰ প্রতিটো মুছলিম সমাজে সিদ্ধান্ত গ্রহণ কৰি সামাজিকভাৱে দুষ্কৃতিকাৰী পৰিয়ালক ল’ৰা– ছোৱালীৰ প্রতি থকা দায়িত্ব সোঁৱৰাই দিয়াৰ সমান্তৰালকৈ কঠিন তথা দৃষ্টান্তমূলক সকীয়নি দিলেহে বাধ্য হৈ সন্তানৰ দায়িত্ব সুস্থভাৱে পালন কৰিব৷ ধর্ষণ সম্পর্কে ইছলামত কঠোৰতকৈ কঠোৰতম ব্যৱস্থা থকা সত্ত্বেও এক শ্রেণীৰ মুছলমানৰ লজ্জা বোলা বস্তুটোই নাই৷ লালন–পালনৰ সক্ষমতা থাকক বা নাথাকক, অনা–ইছলামিকভাৱে জানোৱাৰৰ দৰে ল’ৰা–ছোৱালী জন্ম দিয়ে আৰু ধর্মীয় তথা নৈতিক শিক্ষা–দীক্ষা অবিহনে সমাজৰ ঘৃণনীয় চৰণীয়া পথাৰত গৰু–ছাগলীৰ দৰে এৰি দিয়ে৷ এইবোৰেই সৃষ্টি কৰে ড্রাগছ–মদ সেৱনৰ পৰা আৰম্ভ কৰি চুৰি–ডকাইতি–ধর্ষণ আদিলৈ হাজাৰটা জঘন্যতম অনৈতিক কর্ম৷ সমগ্র মুছলিম সমাজ এইবোৰৰ কু–কীর্তিৰ কাৰণেই আজি লজ্জানত৷ এইবোৰ প্রকৃতার্থত ইছলামৰ শত্রু আৰু মুছলমানৰ দুচমন৷
ব্যভিচাৰ আৰু বর্তমান মুছলিম সমাজঃ ব্যভিচাৰ, যৌন নির্যাতন বা ধর্ষণ বিশ্বৰ এটি জটিল সামাজিক সমস্যা৷ এই সমস্যাই দিনকদিনে আৰু অধিকভাৱে প্রকট হৈ আহিছে৷ বাতৰিকাকতৰ পাতত আৰু টিভি চেনেলসমূহত এয়া এতিয়া এক প্রাত্যহিক ঘটনা৷ অসুস্থ মানসিকতাৰ বিকাৰগ্রস্ত মানৱৰূপী দানৱে আজিকালি ব্যভিচাৰ বা ধর্ষণ কৰিয়েই ক্ষান্ত নাথাকে বৰং জঘন্য কু–কর্মৰ পৰা নিজক ৰক্ষার্থে ধর্ষিতাক হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰে৷ এই ধৰণৰ ঘটনাসমূহ সম্প্রতি মুছলমান সমাজতো ধাৰাবাহিকভাৱে সংঘটিত হোৱা পৰিলক্ষিত হৈছে৷ সৌ সিদিনা নগৰবেৰা অঞ্চলত ধর্ষণৰ পিছত মৃত্যুবৰণ কৰা নির্ভয়াজনীৰ পিছত নগাঁও জিলাৰ লালুংক গাঁৱৰ এগৰাকী নাবালিকা ছাত্রীক ধর্ষণ কৰি জ্বলাই হত্যা কৰাৰ পিছতো সংঘটিত হৈ আছে এই ধৰণৰ পৈশাচিক কর্মকাণ্ড৷ এই ধৰণৰ গুৰুতৰ অপৰাধ প্রতিৰোধকল্পে দেশত আইন থাকিলেও আইনৰ সীমাবদ্ধতাৰ বাবে দৃষ্টান্তমূলক শাস্তি নোপোৱাৰ কাৰণে এই ব্যাধি বর্তমানে অধিকৰ পৰা অধিকতম ৰূপে প্রকট পোৱা দেখা যায়৷ উল্লেখ্য, বিগত দুই মাহত ৰাজ্যত ২৫টা ধর্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে বুলি বাতৰিত প্রাকাশ৷ আনহাতে, নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ৰ ২০২১ চনৰ বার্ষিক প্রতিবেদন অনুসৰি সমগ্র দেশত ৩১,৬৬৭টা ধর্ষণৰ গোচৰ পঞ্জীয়ন হৈছিল৷ অর্থাৎ দৈনিক গডে ৮৬টা গোচৰ পঞ্জীয়ন কৰা হৈছিল৷ আনহাতে আজি ২৫ তাৰিখৰ বাতৰি মতে ৰাজ্যত ২৪ ঘণ্টাত সংঘটিত হৈছে ১২টা ধর্ষণৰ জঘন্য ঘটনা৷ অভিযুক্ত মৌলানাৰ পৰা পূজাৰীলৈ আৰু শিক্ষকৰ পৰা ব্যৱসায়ীলৈ বিকৃত মানসিকতাৰ নৰপিশাচবোৰ৷
বর্তমানে প্রচলিত আইনৰ লেহেমীয়া গতি তথা আইনৰ ফাঁকৰ বাবেও ধর্ষণকাৰীক ডৎসাহিত কৰা অনুুমান হয়৷ সেয়ে দেশত এই ব্যাধিক চিৰতৰে নির্মূল কৰিবলৈ প্রচলিত আইন–কানুনক আৰু অধিক কঠোৰভাৱে প্রণয়ন কৰি এইবোৰ ঘটনাৰ বিচাৰ ‘ফাষ্ট ট্ৰেক’ আদালতত সম্পন্ন কৰাৰ সু–ব্যৱস্থা কৰিব লাগে৷ চৰকাৰে এইক্ষেত্রত সময় থাকোঁতেই সচেতন নহ’লে এই ব্যাধিয়ে কেৱল কোনো জাতি বা জনগোষ্ঠীৰ ক্ষতি নকৰে বৰং দেশত অৰাজকতাৰ সৃষ্টিৰে প্রত্যেক জাতি–জনগোষ্ঠীৰ প্রভূত ক্ষতিসাধন কৰিব৷ আকৌ কৈছোঁ– এয়া কোনো জাতি–জনগোষ্ঠীৰ আভ্যন্তৰীণ সমস্যা নহয় বৰং এয়া এখন ৰাজ্য বা দেশৰ জ্বলন্ত সমস্যা৷ চৰকাৰেই ইয়াক কঠোৰ হাতেৰে নির্মূল কৰিব লাগিব৷
ইছলামী শ্বৰীয়তত ব্যভিচাৰৰ ঘৃণতাঃ বিশ্বত এনে কোনো ধর্ম নাই, যি ধর্মই যৌনাচাৰ বা ব্যভিচাৰৰ অনুমতি প্রদান কৰে৷ সকলো ধর্মই ইয়াৰ বিৰুদ্ধে বিধান প্রণয়ন কৰিছে৷ সেয়ে সকলো ধর্মতেই সামাজিক শান্তি তথা পৰকালীন সুখৰ বাবে বৈবাহিক বন্ধনৰ সু–ব্যৱস্থা কৰিছে৷ যিয়ে সমাজলৈ কঢ়িয়াই আনিছে প্রভূত সামাজিক ভাৰসমতা, সুখ–শান্তি আৰু মানৱিক মর্যাদা৷ ব্যভিচাৰৰ ঘৃণতা বর্ণনা কৰিবলৈ গৈ আল্লাহে পৱিত্র কোৰানত ছুৰা বনী ইছৰাইলৰ ৩২নং আয়াতত কঠোৰভাৱে ঘোষণা কৰিছে– ‘ওৱালা তাকৰাবুজ জ্বিনা ইন্নাহু কানা ফাহেশ্বাতুন ওৱা ছাআ’–ছাবিলা’, অর্থাৎ সাৱধান, তোমালোকে ব্যভিচাৰৰ ওচৰতো নাযাবা, কাৰণ এয়া এটি অশ্লীল আৰু নিকৃষ্ট কর্ম৷ আনহাতে, কোৰানৰ ভাষ্যত এইদৰে কোৱা হৈছে–Adultery is not only shameful in itself and inconsistent with any self-respect or respect for others, but it opens the road to many evils. It destroys the basis of the family…loss of reputation and property, and also loosen permanently the bonds of society. (পৃ–৭৮৫)৷ অর্থাৎ ব্যভিচাৰ কেৱল নিজৰ মাজতেই লজ্জাজনক নহয় আৰু আনৰ প্রতি আত্মসন্মান বা সন্মানৰ লগত অসংগতিপূর্ণই নহয় বৰং এইটোৱে বহুত বেয়া কর্মৰ ৰাস্তা খুলি দিয়ে৷ এইটোৱে পৰিয়ালৰ ভিত্তি ধ্বংস কৰে, সুনাম আৰু সম্পত্তিৰ ক্ষতি কৰে আৰু সমাজৰ বন্ধন চিৰকালৰ বাবে শিথিল কৰি দিয়ে৷
সেয়ে কোৰানৰ ডপৰিডক্ত নির্দেশটো এজন ব্যক্তিবিশেষৰ বাবে যিদৰে প্রযোজ্য, ঠিক সেইদৰে সমগ্র সমাজৰ বাবেও তদ্রূপ প্রযোজ্য৷ সমাজেই জ্বিনা বা ব্যভিচাৰৰ প্রতি ডৎসাহ প্রদানকাৰী ডপায়–ডপাদানক কঠোৰ হাতেৰে নির্মূল কৰিব লাগিব৷ এই ডদ্দেশ্যে সমাজৰ বা দেশৰ আইন–কানুন, শিক্ষা–ব্যৱস্থা, চৰিত্র গঠনৰ বাবে প্রশিক্ষণ আৰু সামাজিক পৰিৱেশপৰিৱর্তনৰ্ মাজেৰে ব্যভিচাৰক কঠোৰ হাতেৰে দমন কৰাৰ বিধান প্রণয়নেৰে কার্যকৰী ব্যৱস্থা হাতত ল’ব লাগিব৷ প্রয়োজনসাপেক্ষে ইয়াৰ বিৰুদ্ধে সামাজিকভাৱে তীব্র আন্দোলন গঢ়ি তুলিব লাগিব৷ ইছলামী সমাজ ব্যৱস্থাত ব্যভিচাৰ দমন এটি অতি গুৰুত্বপূর্ণ বিষয় হিচাপে নির্ধাৰিত হৈছে৷ সেয়ে সমাজৰ শৃংখলাৰ বান্ধোন শক্তিশালী ৰূপে বাহাল ৰাখিবলৈ প্রতিটো পৰিয়ালৰ পৰা আৰম্ভ কৰি সমাজৰ ইমাম আৰু মুৰব্বীসকলৰ কাৰণে এই ব্যাধিক দমন কৰা এটি অত্যন্ত গুৰুত্বপূর্ণ কর্তব্য৷
বিভিন্ন তফছিৰ আৰু হাদিছ শাস্ত্রৰ ব্যাখ্যানুযায়ী ইছলামী শ্বৰীয়তত জ্বিনা বা ব্যভিচাৰ আৰু ধর্ষণ আদি এটি মহা অপৰাধ৷ এয়া এটি সাংঘাতিক কবীৰাহ গুনাহ বা মহাপাপ৷ ব্যভিচাৰ ডন্মুক্ত হ’লে মানুহ আৰু চতুষ্পদ জন্তুৰ মাজত কোনো পার্থক্য নাথাকে৷ সেয়ে মহান আল্লাহে ইয়াক পৃথিৱীৰ সকলো অশ্লীল তথা নগ্ন কামৰ মাজত সবাতোকৈ নিকৃষ্ট আৰু জঘন্য কর্ম বুলি অভিহিত কৰিছে৷ উল্লেখ্য, পৃথিৱীৰ সকলো ধর্মই একবাক্যে ব্যভিচাৰক অবাঞ্ছিত আৰু নিষিদ্ধ ঘোষণা কৰিছে৷ কাৰণ ব্যভিচাৰে বহুবিধ ভয়াৱহতা তথা অনিষ্টৰ সৃষ্টি কৰে৷ কোৰানৰ ভাষ্যকাৰ ইডছুফ আলীৰ মতে–It works against the interests of children born or to be born. যি সমাজত ব্যভিচাৰে ব্যাপকভাৱে বিস্তাৰ লাভ কৰে, সেই সমাজত কোনো বংশই সংৰক্ষিত নাথাকে৷ ব্যভিচাৰৰ অশুভ পৰিণতিয়ে সমাজ গাঁথনিৰ জঁকাটোৰ ওপৰত মোক্ষম আঘাত হানে, যিটোক আন কোনো অপৰাধে এইদৰে আঘাত হানিব নোৱাৰে৷ সেয়ে ব্যভিচাৰ কেৱল নিজেই অপৰাধ নহয় বৰং নিশ্চিতভাৱে অনেক অপৰাধৰ সমষ্টি৷ এইটোৱে বিভিন্ন অপৰাধৰ জন্ম দিয়ে৷ ফলস্বৰূপে ই স্থায়ীভাৱে সামাজিক বান্ধোন শিথিল কৰি দিব পাৰে৷ সেয়ে আল্লাহে পৱিত্র কোৰানত যৌনাংগ হিফাজত বা সংৰক্ষণকাৰী নাৰী–পুৰুষৰ বাবে ৰাখিছে ক্ষমা আৰু মহাপ্রতিদান৷
এয়া ধ্রুৱ সত্য যে সামাজিক অসম্প্রীতি তথা অশান্তিৰ মূল কাৰণেই হ’ল এই ব্যভিচাৰ আৰু ধর্ষণ৷ ব্যভিচাৰে মানুহৰ আ’মল–আখলাক অর্থাৎ ধম্য় কার্যকলাপ আৰু স্বভাৱ–চৰিত্র নষ্ট কৰি মানৱতাক কৰে ভূ–লুণ্ঠিত৷ সম্পদ হয় ধ্বংস আৰু মানৱ বংশ হয় দূষিত তথা কলংকিত৷ মানৱতাৰ ডৎস সাধন হয় ব্যাহত৷ মানৱ সভ্যতা হয় বিধবস্ত৷ পৰিয়াল, সমাজ আৰু দেশৰ নৈতিক মান হয় নিম্নগামী৷ জাতীয় মর্যাদা হয় ক্ষুণ্ণ৷ শৌর্য–বীর্য হয় বিপর্যস্ত৷ সেয়ে মানৱতা হৈ পৰে দুর্বল আৰু ফলস্বৰূপে নিৰাপত্তা হয় বিপন্ন৷
ওপৰত উল্লেখ কৰা কোৰান, হাদিছ আৰু সাধাৰণ আলোচনাৰ মাজেৰে যিখিনি সাৱধানবাণী তথা কঠোৰ শাস্তিৰ কথা দাঙি ধৰা হ’ল, সেইবোৰ যথোচিতভাৱে অনুসৰণ অবিহনে এই জঘন্য ব্যাধি সমাজৰ পৰা দূৰীকৰণ কেতিয়াও সম্ভৱ নহয়৷ মুছলমান সমাজত এই মহাব্যাধিয়ে দিনকদিনে প্রসাৰতা লাভ কৰাত অমুছলিমসকলে তেওঁলোকক ধিক্কাৰ দিছে৷ ৰাজ্যৰ পৰা খেদি দিয়াৰ হুমকি দিছে৷ কিমান অপমানজনক কথা এয়া৷ এবাৰো ভাবি চাইছেনে? যদি সঁচা অর্থত লাজ বোলা কোনো বস্তু এতিয়াও মুছলমানৰ মাজত বাকী থাকে, তেতিয়াহ’লে আজিয়েই প্রতিখন সমাজে কোৰান–হাদিছৰ আলোকত ‘ব্যভিচাৰ দমন সমিতি’ গঠন কৰি তাৰ জৰিয়তে সমাজৰ ডেকা–গাভৰু, ছাত্র–ছাত্রী, শিক্ষিত–শিক্ষিতসক চৰিত্র গঠনৰ প্রতি তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰা সময়ৰ দাবী৷ লগতে প্রতিটো পৰিয়ালে নিজৰ সন্তানক ইছলামী আচাৰ–ব্যৱহাৰ, আদেশ–নিষেধ আৰু বর্তমান সমাজৰ ভয়াৱহতাৰ পৰা নিজক দূৰত ৰখাৰ ডপায় আদি শিক্ষা দিয়া অতি প্রয়োজনীয় তথা অপৰিহার্য কর্তব্য৷
উল্লেখ্য যে শিক্ষাই ইয়াৰ একমাত্র সমাধান আৰু সকলো প্রকাৰ সামাজিক ৰোগৰ আৰোগ্য–বিধান তথা ‘সর্বঢ়াক’ ঔষধ৷ ছাৰ ছৈয়দ আহমদে বিশ্বাস কৰিছিল যে যদি মানুহ শিক্ষিত হয়, তেতিয়াহ’লে সমাজৰ পৰা প্রতিটো অমংগল বিলুপ্ত হৈ যাব অন্যথা তেওঁলোক নিজেই বিলুপ্ত হৈ যাব৷ তেওঁৰ ভাষাত–‘If people were educated every evil would disappear; if not, they would themselves disappear.’ আন কথাত নিৰক্ষতা তথা অজ্ঞতাই হ’ল দৰিদ্রৰ মাতৃ৷ শিক্ষা অবিহনে জাতি এটাৰ ধবংস অনিবার্য৷ কাৰণ দৰিদ্রতাই অপৰাধৰ সৃষ্টি কৰে আৰু অপৰাধ প্রৱণতাই জাতি ধ্বংসৰ মূল কাৰণ৷ সেয়ে শিক্ষা অবিহনে মুছলিম জাতিৰ মুক্তি নাই৷ কোৰানৰ প্রথম নির্দেশে হ’ল– ‘ইকৰা’– পঢ়া, অধ্যয়ন কৰা, শিক্ষা লাভ কৰা, গৱেষণা কৰা৷ ইয়াকে যেতিয়া আমি পাহৰিছোঁ, তেতিয়া দুনিয়াৰ সকলো বিপদে আমাক আগুৰি ধৰিছে আমাক বিলুপ্ত কৰিবলৈ৷ সেয়ে সময় থাকোঁতে সজাগ হওক৷ ল’ৰা–ছোৱলীক সুশিক্ষিত কৰক আৰু সকলো প্রকাৰ বেয়া কর্মৰ পৰা দূৰত ৰাখক৷
পূর্বেই কোৱা হৈছে যে ‘আল–হায়ায়ো শ্বু’বাতু মিনাল ঈমান’, অর্থাৎ লজ্জা–চৰম ঈমানৰ এটি অংগ৷ যাৰ লাজ নাই, তাৰ ঈমান নাই৷ আন কথাত সেইজন ব্যক্তি মুছলমানেই নহয়৷ অত এব সময় থাকোঁতে যদি আমাৰ দোষ–ত্রুটিসমূহ দূৰীভূত কৰাৰ সুস্থ পদক্ষেপ গ্রহণ নকৰোঁ, তেতিয়াহ’লে তাৰ কাৰণে আমি সমগ্র মুছলমান সমাজখনেই জবাবদিহি হ’ব লাগিব৷ ইহকালত বিভিন্ন জাতি–জনগোষ্ঠী আৰু চৰকাৰৰ ওচৰত আৰু পৰকালত আল্লাহৰ ওচৰত৷ মহানবী (ছ)ৰ বাণীয়ে তাকেই সকীয়াইছে৷ ‘আ–লা কুল্লুকুম ৰায়েন ওৱা কুল্লুকুম মাছডলেন আন ৰায়াতিহী৷’ সাৱধান, তোমালোক প্রত্যেকেই অভিভাৱক আৰু প্রত্যেকেই নিজৰ অধীনস্থবোৰ সম্পর্কে (আল্লাহৰ ওচৰত) জবাবদিহি হ’ব লাগিব৷ পিতা–মাতাই নিজৰ ল’ৰা–ছোৱালীৰ চৰিত্র তথা কর্ম সম্পর্কে, সমাজৰ নেতাই সমজুৱাৰ কর্ম সম্পর্কে আৰু দেশ বা ৰাজ্য চৰকাৰে জনসাধাৰণৰ চৰিত্র তথা কর্ম সম্পর্কে জবাবদিহি হ’ব লাগিব৷ কোনোৱে নিজ দায়িত্ব এৰাই চলিব নোৱাৰে৷
ইছলামৰ দৃষ্টিত ব্যভিচাৰৰ শাস্তিঃ অবিবাহিত ব্যক্তিদ্বয়ে সন্মতিসাপেক্ষে ব্যভিচাৰত লিপ্ত হ’লে ইয়াৰ জৰিয়তে যিহেতু আল্লাহৰ আইন লংঘন কৰা হয় আৰু সেয়ে আল্লাহৰ প্রতি অপৰাধ কৰা বুলি বিবেচনা কৰা হয়৷ এই ধৰণৰ ব্যক্তিৰ বাবে ইছলামে দুই প্রকাৰৰ শাস্তিৰ ব্যৱস্থা প্রণয়ন কৰিছে৷ (ক) এশটি বেত্রাঘাত আৰু (খ) নির্বাসন৷ আনহাতে যদি পুৰুষ আৰু নাৰী বিবাহিত হয় তেতিয়াহ’লে তাৰ বিধান হ’ল পাথৰ মাৰি উভয়কে হত্যা কৰা৷ কাৰণ এই অপৰাধ ক্ষমাৰ যোগ্য নহয়৷ (ইছলামী আইন ও আইন বিজ্ঞানঃ ইছলামিক ফাউণ্ডেচন– ২য় খণ্ড, পৃ–১২৫)৷ তফছিৰে মা’ৰেফুল কোৰানত বর্ণিত বনী ইছৰাইলৰ ৩২নং আয়াতৰ ব্যাখ্যাত শাস্তি সম্পর্কে এইদৰে বর্ণনা কৰা হৈছে– (এক)বিবাহিত হোৱা সত্ত্বেও যদি নাৰী–পুৰুষে ব্যভিচাৰ কৰে, তেতিয়াহ’লে শ্বৰীয়ত মতে ডভয়কে পাথৰ মাৰি হত্যা কৰাই ইয়াৰ শাস্তি৷ (দুই) যদি অন্যায়ভাৱে কোনো মানুহে কোনো মানুহক হত্যা কৰে, তেন্তে শ্বৰীয়ত মতে তাৰ শাস্তি হ’ল নিহত ব্যক্তিৰ অভিভাৱকে তাক বদলা হিচাপে হত্যা কৰিব৷ (ঐ, পৃ–৭৭৬)৷ ডল্লিখিত শ্বৰীয়তৰ বিধান মতে ধর্ষণৰ শাস্তি অধিক কঠিন৷ সেয়া হ’ল বিবাহিত পুৰুষৰ ব্যভিচাৰৰ শাস্তিৰ দৰে ধর্ষণকাৰীক পাথৰ মাৰি মাৰি হত্যা কৰা৷ আনহাতে ফতোৱা–ই–আলমগিৰীৰ মতে যদি কোনো ব্যক্তিয়ে কোনো মহিলাক ধর্ষণ কৰে বা ধর্ষণ কৰি হত্যা কৰে, তেতিয়াহ’লে সেইজন অপৰাধী পুৰুষক জ্বিনাৰ হদ কার্যকৰী কৰাৰ উপৰি তাৰ ওপৰত হত্যাকাণ্ডৰ ‘দিয়াত’ বা ৰক্ত ঋণ অর্থাৎ হত্যাৰ পৰিৱর্তে হত্যা সাব্যস্ত কৰা হ’ব৷ (অপৰাধ ও শাস্তি সংক্রান্ত মাসআলা–মাসায়েল, পৃ–১০০)৷
অত এব চৰকাৰক আমি দেশৰ প্রচলিত আইন অনুসাৰে ‘ফাষ্ট ট্ৰেক’ আদালতৰ জৰিয়তে তিনি মাহৰ ভিতৰত ধর্ষণকাৰীক মৃত্যুদণ্ডৰে দণ্ডিত কৰিবলৈ দাবী জনাইছোঁ৷ অৱশেষত অসমৰ মুছলমান সমাজলৈ বিনম্র অনুৰোধ– আপোনলোকে আল্লাহৰ কঠিন শাস্তিক ভয় কৰক, ইছলামৰ শিক্ষা আৰু দেশৰ আইন–কানুনক সন্মান জনাই নিজ নিজ পৰিয়ালক সুশিক্ষিত কৰি একো একোজন চৰিত্রৱান মানৱ হিচাপে গঢ়ি তোলক৷ ইয়াৰ জৰিয়তে ধর্মৰ গৌৰৱৰ সমান্তৰালকৈ নিজৰ আৰু দেশৰ গৌৰৱ কঢ়িয়াই আনক৷ এগৰাকী বিশুদ্ধ মুছলমান হিচাপে নিজকে আত্মপ্রকাশ কৰক৷

লেখক অৱসৰপ্রাপ্ত বিদ্যালয় পৰিদর্শক
ফোনঃ ৯৩৬৫২–৬৬৩০৪

Featured