নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰাৰেত জিম্বাব’ৱেৰে টীম ইণ্ডিয়াৰ আজি প্রথম টি-২০

🎯 সাজু নৱাগত খেলুৱৈৰে সমৃদ্ধ গিল বাহিনী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জুলাইঃ নৱাগত খেলুৱৈৰে সমৃদ্ধ টীম ইণ্ডিয়া আৰু জিম্বাব’ৱেৰ মাজৰ পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচ আজি হাৰাৰেত অনুষ্ঠিত হ’ব৷ ৰোহিত শর্মা, বিৰাট কোহলিকে ধৰি কেইবাজনো জ্যেষ্ঠ খেলুৱৈৰ অনুপস্থিতিত নতুন ৰূপত আজিৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলটোত নামিব ভৱিষ্যতৰ ভাৰতীয় দলটো৷ শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৰ আটাইকেইগৰাকী উদীয়মান খেলুৱৈ৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া শৃংখলাটো অসমবাসীৰ বাবে বিশেষ তাৎপর্যপূর্ণ হিচপে বিবেচিত হৈছে৷ কিয়নো, কাইলৈ টীম ইণ্ডিয়াৰ হৈ অভিষেক ঘটাৰ সম্ভাৱনা আছে অসম সন্তান ৰিয়ান পৰাগৰ৷ অসমৰ প্রথমগৰাকী পুৰুষ ক্রিকেটাৰ হিচাপে ভাৰতীয় ক্রিকেট দলটোত স্থান লাভ কৰি ইতিহাস ৰচনা কৰা ৰিয়ান পৰাগৰ ওপৰত সকলোৰে চকু নিবন্ধ থাকিব৷ সদ্য সমাপ্ত আইপিএলত দুর্দান্ত প্রদর্শন দাঙি ধৰি ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ৰিয়ান পৰাগে জিম্বাব’ৱেৰে কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া টি–২০ শৃংখলাটোতো দুর্দান্ত প্রদর্শন দঙি ধৰি ভাৰতীয় দলটোৰ জয়ত মুখ্য ভূমিকা ল’ব পাৰিব বুলি আশা ব্যক্ত কৰিছে অনুৰাগীয়ে৷ অৱশ্যে শৃংখলাটোৰ প্রথম দুখন মেচ সঞ্জু ছেমছন, শিৱম ডুবে আৰু যশস্বী জয়ছোৱাল অবিহনে খেলিব ভাৰতীয় দলটোৱে৷ অৱশ্যে পৰৱর্তী তিনিখন মেচত উপলব্ধ হ’ব এই তিনিগৰাকী খেলুৱৈ৷ ভাৰতীয় টি-২০ দলটোৰ ভৱিষ্যতৰ অধিনায়ক হার্দিক পাণ্ডিয়া, সূর্যকুমাৰ যাদৱ, অক্ষৰ পেটেল, ঋষভ পণ্ট, অর্শদীপ সিং আৰু কুলদীপ যাদৱ অবিহনে অংশগ্রহণ কৰিবলগীয়া দলটোৰ বাবে টি-২০ শৃংখলাটো অগ্নিপৰীক্ষা স্বৰূপ হ’ব৷ এই টি-২০ শৃংখলাটোত উদীয়মান খেলুৱৈসকলে উন্নত প্রদর্শন দাঙি ধৰি ভাৰতীয় টি-২০ দলটোত স্থান নিগাজী কৰাৰ সুবর্ণ সুযোগ লাভ কৰিব৷ কাইলৈ অধিনায়ক শুভমন গিলে অভিষেক শর্মাৰে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে৷ যদি গিল আৰু অভিষেকে ইনিংছ মুকলি কৰে তেতিয়াহ’লে তৃতীয় স্থানত বেটিং কৰিবলৈ আহিব ৰুতুৰাজ গাইকোৱাডে৷ ইফালে, অভিষেক শর্মাৰ তুলনাত ৰিয়ান পৰাগৰ অভিষেক ঘটাৰ সম্ভাৱনা অধিক আছে৷ কাৰণ, অসম সন্তান ৰিয়ান পৰাগে তৃতীয় স্থানত অধিক উন্নত বেটিং কৰিব পাৰে৷ আনহাতে, ঘৰুৱা দল জিম্বাব’ৱে নিশ্চিতভাৱে শক্তিশালী দল নহয় যদিও টীম ইণ্ডিয়াই ছিকন্দৰ ৰাজা বাহিনীক সহজভাৱে ল’ব বিচৰা নাই৷

খেলৰ সময়ঃ বিয়লি ৪.৩০ বজা৷

You might also like