১৭ বছৰ অনূৰ্ধ ভাৰতীয় বি টীমত ঢকুৱাখনাৰ পৰীক্ষিত চুতীয়াৰ স্থান লাভ

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ অহা ৯ৰ পৰা ১৪ ছেপ্টেম্বৰলৈ নেপালত অনুষ্ঠিত হব লগা 3rd Indo Nepal T20 Friendship Cup 2024 2025ৰ বাবে নিৰ্বাচিত ১৭ বছৰ অনুৰ্ধ ভাৰতীয় বি টীমত ঢকুৱাখনাৰ পৰীক্ষিত চুতীয়াই স্থান লাভ কৰাৰ উপৰি উপ-অধিনায়ক হিচাপে নিৰ্বাচিত হোৱাত উৎফুু্ল্লিত হৈ পৰিছে সমগ্ৰ সোণাৰি চাপৰি কেঁকুৰি অঞ্চলবাসী৷ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত নকুৰৈগুৰি গাঁৱৰ প্ৰেম (ভামুক) চুতীয়া আৰু নিৰ্মালি পেগুৰ পুত্ৰ পৰীক্ষিতৰ এনে সফলতাক লৈ এতিয়া আনন্দৰ জোৱাৰ উঠিছে পৰিয়ালৰ লগতে অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমীৰ মাজত ৷ জীৱিকাৰ সন্ধানত গুৱাহাটীত থাকি গাড়ী চলাই পৰিয়াল পোহপাল দিয়া সাধাৰণ এজন গাড়ীচালকৰ পুত্ৰ আৰু গুৱাহাটী খানাপাৰাৰ লিটিল ষ্টাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা উইকেটকীপাৰ বেটচমেন পৰীক্ষিত চুতীয়াৰ এনে সফলতাত সমগ্ৰ সোণাৰি চাপৰি কেঁকুৰিবাসীয়ে সন্তোষ প্ৰকাশ কৰাৰ লগতে পৰীক্ষিতৰ আৰু অধিক উন্নতি আৰু সফলতা কামনা কৰিছে অঞ্চলবাসীয়ে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

Featured