ৰাজস্থান ৰয়েলছৰ মুখ্য প্রশিক্ষকৰ দায়িত্বত ৰাহুল দ্রাবিড়

নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ : সফলতাৰে টীম হণ্ডিয়াৰ প্রশিক্ষকৰ দায়িত্ব এৰাৰ পাছতে এতিয়া আইপিএলত প্রৱেশ কৰিছে ৰাহুল দ্রাবিড়ে৷ ইতিমধ্যে ৰাজস্থান ৰয়েলছে দ্রাবিড়ক নতুন মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি দিছে৷ যোৱা জুন মাহত ভাৰতীয় ক্রিকেট দলটোৱে টি–২০ বিশ্বকাপ জয় কৰাৰ লগে লগে তেওঁৰ কার্যকালৰ অন্ত পৰে৷ প্রশিক্ষক হিচাপে দ্রাবিড়ৰ অধীনত ভাৰতীয় দলটোৱে লাভ কৰা এই সফলতাৰ পাছত এতিয়া ৰাজস্থানে তেওঁক মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি দিছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে ৰাজস্থানৰ মুখ্য প্রশিক্ষকৰ দায়িত্বত আছিল শ্রীলংকাৰ প্রাক্তন ক্রিকেটাৰ কুমাৰ ছাংগাকাৰা৷ অৱশ্যে ছাংগাকাৰা এতিয়া দলটোৰ মুখ্য প্রশিক্ষকৰ দায়িত্ব নাথাকে যদিও ৰাজস্থান ৰয়েলছৰ সৈতে জড়িত হৈ থাকিব৷ কেৰিবিয়ান প্রিমিয়াৰ লীগ আৰু এছ এ ২০ লীগত ফ্রেনছাইজীৰ কাম চম্ভালিব ছাংগাকাৰাই৷ শেহতীয়াকৈ ৰাজস্থান ৰয়েলছৰ ফ্রেনছাইজীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে ৰাহুল দ্রাবিড়ে৷ প্রকাশিত খবৰ অনুসৰি, ৰাজস্থান ৰয়েলছে ভাৰতৰ প্রাক্তন বেটিং প্রশিক্ষক বিক্রম ৰাথোৰক সহকাৰী প্রশিক্ষক হিচাপে চুক্তিবদ্ধ কৰিব পাৰে৷ ৰাজস্থান ৰয়েলছৰ সৈতে ৰাহুল দ্রাবিড়ৰ দীর্ঘদিনীয়া সম্পর্ক আছে ৷ ২০১২ আৰু ২০১৩ ছিজনত দলটোৰ অধিনায়কৰ দায়িত্ব পালন কৰিছিল ৰাহুল দ্রাবিড়ে৷ ২০১৪ আৰু ২০১৫ ছিজনত তেওঁ দলটোৰ পৰিচালক আৰু গুৰুৰ ভূমিকা পালন কৰিছিল৷ বর্তমানৰ ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনৰ সৈতেও দীর্ঘদিনৰ কাম কৰাৰ অভিজ্ঞতা আছে দ্রাবিড়ৰ৷ ২০১৯ চনত দ্রাবিড়ক এনচিএলৈ প্রেৰণ কৰা হয় আৰু তাৰ পাছত ২০২১ চনত তেওঁক টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি দিয়া হয়৷ উল্লেখ্য যে আইপিএলৰ প্রথমটো ছিজনত ট্রফী লাভ কৰিবলৈ সক্ষম হৈছিল ৰাজস্থানে৷

Featured