নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ডি’ ভোটাৰ সম্পূর্ণৰূপে উঠাই দিব লাগে

বিজনীত বিজেপি বিধায়ক শিলাদিত্য দেৱৰ আহ্বান

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ চিৰাং জিলাৰ বিজনীত সদৌ বাঙালী পৰিষদৰ চিৰাং জিলা আৰু বিজনী আঞ্চলিকৰ তৃতীয় বার্ষিক অধিৱেশনত অংশগ্রহণ কৰে বিজেপি বিধায়ক শিলাদিত্য দেৱে৷ বিজনীৰ বড় কালীবাৰী প্রাংগণত অনুষ্ঠিত সভাৰ আঁত ধৰে পৰিষদৰ চিৰাং জিলা কমিটীৰ সভাপতি উত্তম কুমাৰ তৰফদাৰে৷ সভাত উপস্থিত থাকে সদৌ অসম বাঙালী পৰিষদৰ কেন্দ্রীয় সভাপতি সান্তনু সান্যাল, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ জ্ঞানেন্দ্র বর্মন, সদৌ অসম বাঙালী পৰিষদৰ কর্মকর্তাসকল উপস্থিত থাকে৷ সভাত বিধায়ক শিলাদিত্য দেৱে দিয়া ভাষণত মুছলিম আৰু বাংলাদেশী মুছলিমক আক্রমণৰ লক্ষ্য কৰি লয়৷ আনফালে, বিধায়কগৰাকীয়ে ‘ডি’ ভোটাৰ সম্পূর্ণভাৱে উঠাই দিব লাগে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায়৷

You might also like