নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণ গগৈ আজন্ম প্ৰেমিক ! বিজেপিৰ প্ৰেমত হেনো আন্তৰিকতা নাই

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ ‘আমি এবাৰ প্ৰেম কৰিলে Divorce দিব নোখোজো, আমি এবাৰ প্ৰেম কৰিলে সদায় প্ৰেমত থাকিবলৈ বিচাৰোঁ । আমি বিজেপিৰ নিচিনা নহয় , কাৰোবাক কৰিব প্ৰেম কাৰোবাক আকৌ খেদি পঠিয়াব । গতিকে তেওঁলোকৰ প্ৰেম ক্ষণস্থায়ী । বিজেপিৰ প্ৰেমত আন্তৰিকতা নাই ।’  এইদৰেই সাংবাদিকৰ আগত মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা প্ৰসংগতে এইদৰেই মন্তব্য আগবঢ়াই তৰুণ গগৈয়ে । কেইটামান দিন পূৰ্বে  তৰুণ গগৈয়ে আজমলৰ লগত মোৰ প্ৰেম হৈছে বুলি কৰা মন্তব্যৰ পাচতেই কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতাৰ আঁৰ কাপোৰ আঁতৰ হোৱা পৰিলক্ষিত হৈছিল ।

You might also like