নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাড়ু-জাহাজ পাৰ্টী আমাৰ সমাজৰ বাবে বিপজ্জনক : সৰ্বানন্দ সোণোৱাল

“ধৰ্মীয় বিভাজনৰ বীজ সিঁচিছে কংগ্ৰেছ সমৰ্থিত মিত্ৰজোঁটে”

“ঝাড়ু পাৰ্টী আৰু জাহাজ পাৰ্টী কংগ্ৰেছৰ ছাতিৰ তলত থকা দল”

“জাতীয় চেতনা মোৰ অন্তৰত অন্তঃসলিলা ফল্গুৰ প্ৰবাহিত হৈ আছে”

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ এপ্ৰিলঃ “কেৱল হিন্দুত্বক পোষণ কৰি থকা বুলি বিৰোধীয়ে সততে আমাৰ ওপৰত অভিযোগ উত্থাপন কৰে। কিন্তু প্ৰকৃতাৰ্থতে এয়া তেওঁলোকৰ বিভাজনৰ ৰাজনীতি আৰু ষড়যন্ত্ৰৰ বাহিৰে অইন একো নহয়। ইয়াৰ দ্বাৰা তেওঁলোকে সমাজৰ বাতাৱৰণ বিনষ্ট কৰিবলৈ চেষ্টা কৰি আহিছে। ঝাড়ু আৰু জাহাজ পাৰ্টি আমাৰ সমাজৰ বাবে বৰ বিপদজনক। তেওঁলোকে ৰাইজক বিভ্ৰান্ত কৰিহে ভাল পায়। আজি এই সকলো দল কংগ্ৰেছৰ ছাতিৰ তলত একত্ৰিত হৈ কুটিল নিকৃষ্ট ৰাজনীতিত ব্যস্ত হৈ পৰিছে। তাৰ বিপৰীতে আমি কৰিছোঁ উন্নয়নৰ ৰাজনীতি, মূল্যবোধৰ ৰাজনীতি। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ ইছলামিক, বৌদ্ধ ধৰ্ম প্ৰধান দেশসমূহৰ সৈতে ভাতৃত্ববোধৰ বান্ধোন সুদৃঢ় কৰিছে। এই দেশবোৰে তেওঁলোকৰ ৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মানো মোদীক প্ৰদান কৰিছে। তেওঁ ইউৰোপলৈ গৈ খ্ৰীষ্টান ধৰ্মগুৰু পোপক শ্ৰদ্ধা জনাইছে আৰু পোপক ভাৰতলৈ আহিবলৈ আমন্ত্ৰণ জনাইছে। এনেকৈয়ে নৰেন্দ্ৰ মোদীয়ে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকাৰ প্ৰয়াস’ৰ দৃষ্টিভংগীক নিৰ্ভ ৰ কৰি এখন শক্তিশালী, সুস্থ-সবল আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছে। আমি সকলোৱে ঐক্যবদ্ধভাৱে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত আগবাঢ়ি যাব লাগিব।”- কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ এনডিএ-ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি নিৰ্বাচনী প্ৰচাৰ সভাত এনেদৰে মন্তব্য কৰে। সোণোৱালে বিৰোধীক তীব্ৰ ভাষাৰে গৰিহণা দি কয়, “অস্থিৰতা প্ৰকাশ কৰিলে নহ’ব, ৰাজনীতিৰ পথাৰখন কলুষিত কৰিলে নহ’ব। গালি-শপনি পাৰি ঠাট্টা-মস্কৰা, তিৰস্কাৰ কৰি সমাজ সেৱা কৰিব নোৱাৰি। দেশ সেৱাৰ বাবে লাগে জাতীয় চেতনা, যিটো আমাৰ অন্তৰত অন্তঃসলিলা ফল্গুৰ প্ৰবাহিত হৈ আছে। মই অসমীয়া, মই অসমীয়াৰ বাবে জীয়াই আছোঁ আৰু অসমীয়াৰ বাবে জীৱনৰ শেষ মুহূৰ্ত লৈকে কাম কৰি যাম।” কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি দুলীয়াজান বিধানসভা সমষ্টি আৰু টিংখাং বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। দুলীয়াজান সমষ্টিৰ অন্তৰ্গত ধৰিয়া, টেঙাখাত, ঘাঁহী ফু কনবাৰী আৰু টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত নিগাম পাঁচ আলি, ঔফু লীয়া চাহ বাগিচা খেলপথাৰ, কুশল নগৰ আদি ঠাইত সোণোৱালক ব্যাপক উৎসাহৰ মাজেৰে আদৰণি জনায় বিজেপি-অগপৰ কাৰ্যকৰ্তাসকলে আৰু স্থানীয় ৰাইজে। উপস্থিত ৰাইজক কৰযোৰে সম্ভাষণ জনাই সৰ্বানন্দ সোণোৱালে কয়, “এইখন অসম স্বৰ্গদেউ চাওলুং ছ‌ুকাফাৰ অসম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম। আমি কোনোদিনে বিভাজন আৰু বৈষম্যক প্ৰশ্ৰয় দিয়া নাই। নানা জাতি- জনজাতিৰে ভৰা আমাৰ ৰাজ‍্যখনক কাহানিবাই স্বৰ্গদেউ চাওলুং ছ্যুকাফাই একত্ৰিত কৰি থৈ গ’ল। মহাপুৰুষ গুৰুজনাই আধ্যাত্মিকতা আৰু ভাষা-সাহিত্য-সংস্কৃ তিৰ ডোলেৰে আমাক এক কৰি থৈ গৈছে। তেনে প্ৰাচীন সভ্যতাৰ অংশ হৈ আমি নিজকে গৌৰৱবোধ কৰোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এগৰাকী সৰ্বধৰ্মৰ প্ৰিয় নেতা। হিন্দু, মুছলিম, খ্ৰীষ্টান, বৌদ্ধ, শিখ, জৈন আদি বিভিন্ন ধৰ্মৰ লোকক তেখেতে সমদৃষ্টিৰেচায়। কোনো দিনেই কাকো ধৰ্মৰ নামত উন্নয়নৰ পৰা বঞ্চিত কৰা নাই। বিভিন্ন আঁচনি যেনে প্ৰধানমন্ত্ৰী অন্ন যোজনা, আৱাস যোজনা আদি আঁচনিৰ সুফল সকলো ধৰ্মাৱলম্বী লোকৰ মাজত সমভাৱে বিতৰণ কৰা হৈছে।” “ম‌ই আপোনালোকৰ পৰিয়ালৰে এজন। ম‌ই ইয়াৰে কাৰোবাৰ পুত্ৰ, কাৰোবাৰ ভাতৃ, কাৰোবাৰ বন্ধু , কাৰোবাৰ বাবে কুকৈ, কাৰোবাৰ বাবে সৰ্বা, কাৰোবাৰ বাবে সৰ্বাদা। এয়াই সৰ্বানন্দ সোণোৱাল যাক আপোনালোকেই মৰমেৰে সৃষ্টি কৰিছে। অসমৰ ৰাইজৰ মোৰ প্ৰতি থকা ভালপোৱা কাহানিও পাহৰিব নোৱাৰিম। আজি ইমান শৃংখলাবদ্ধভাবে আহি আপোনালোকে মোৰ বক্তব্য শুনিছে, তাৰ বাবে ম‌ই আপোনালোকক ধন্যবাদ জনাইছোঁ‌। আমি সংঘাত নিবিচাৰোঁ, সমন্বয়হে বিচাৰোঁ। ককাই-ভাইৰ মাজত কাজিয়া লাগি থকা ঘৰ এখনক কোনেও সন্মান নকৰে।” – স্বদেশ আৰু স্বজাতিৰ প্ৰতি দায়বদ্ধতা দেখুৱাই সৰ্বানন্দ সোণোৱালে কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আজি সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী তথা টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক বিমল বড়া, দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালা প্ৰমুখ্যে বিজেপি-অগপৰ দলীয় বিষয়ববীয়াসকলে।

You might also like