নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আটক হব পাৰে জোনমণি ৰাভা ? ৰাণা-জোনমণিৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা , ১২ মে: নিজকে ধোৱা তুলসীৰ পাত সজাই নিজ ভাবি স্বামীক জেল হাজোতলৈ পঠোৱা এছ আই জোনমনি ৰাভাৰ বিৰুদ্ধে মাজুলীৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ। সমান্তৰালভাৱে মাজুলীৰ দুই ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰাৰ পৰা ক্ৰমে ৪৯ লাখ ৪৮ হাজাৰ আৰু ১৩ লাখ ৭২ হাজাৰ টকা প্ৰৱঞ্চনাৰে নিয়াৰ অপৰাধত ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ থানাত থানাত 20/22,21/22 US-120B/170/406/419/420/468/471/472 IPC গোচৰ ৰুজু কৰাৰ লগতে সহযোগী জোনমণি পগাগৰ বিৰুদ্ধেও বহু আপত্তিজনক অভিযোগ আনিছে। ইয়াৰ পাছতে নিজকে নিৰ্দোষী সজাই দীৰ্ঘদিনে নিজৰ ভাবি স্বামীয়ে বিভিন্ন লোকক ঠিকাৰ প্ৰলোভনেৰে ধন সৰকাই নিয়া প্ৰৱঞ্চনাৰ বিষয়ে একো নাজানো বুলি কোৱা আৰক্ষী বিষয়া গৰাকীৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে।ইতিপূৰ্বে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা এইগৰাকী আৰক্ষী বিষয়াই প্ৰৱঞ্চক ৰাণাৰ সহযোগী হৈ মাজুলীত বিভিন্ন জনৰ পৰা কৌশলেৰে ধন সংগ্ৰহৰ অভিসন্ধি ৰচনা কৰিছিল নেকি সেয়াও আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব। ইফালে ৰাভাৰ একাউণ্টত ধনৰ লেনদেনৰ অভিযোগে বিষটোক অধিক ৰহস্যঘন কৰি তুলিছে। এই কেছৰ ধাৰ কেইটাৰ ভিতৰত দুই , তিনিটা গোছৰ জামিন বিহিন বুলি গড়মুৰ আৰক্ষীয়ে আমাক অৱগত কৰিছে ৷ গড়মুৰ থানাৰ আৰক্ষী বিষয়া গৰাকীয়ে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰিবৰ বাবে দুজন বিষয়াক দায়িত্ব দিয়া হৈছে আৰু তদন্ত চলি আছে বুলি আমাক অৱগত কৰিছে ৷ মাজুলীৰ গড়মুৰ থানাত এছ আই হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত গড়মুৰৰ ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মা আৰু বালিচাপৰিত এছ আই হিচাপে থাকোতে জোনমনি ৰাভাই ভাৰালৈ থকা ঘৰৰ মালিক অজিত শইকীয়াক ৰাণা পগাগৰ লগত চিনাকী কৰাই দিয়াৰ লগতে ৰাণা পগাগে মাজুলীৰ পৰা সংগ্ৰহ কৰা ধনৰ ভাগ জোনমনি ৰাভাইও পাইছিল নিকি বুলি সচেতন মহলে প্ৰশ্ন তুলাৰ লগতে জোনমনি ৰাভাকো তদন্তৰ আউতালৈ আনি উচিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like