নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল : ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ জয়পুৰৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অভ্যন্তৰত পুনৰ এটা হাতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই প্ৰকৃতিপ্ৰেমী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ কঁঠালগুৰি খণ্ড বন কাৰ্যালয়ৰ অধীনৰ হুগৰি পথাৰৰ মধুৰিতলত শুক্ৰবাৰে উদ্ধাৰ হয় এই হাতীটোৰ অৰ্ধগলিত মৃতদেহ। সন্দেহ কৰা অনুসৰি প্ৰায় ৩০-৩৫ বছৰীয়া এই বন্য হস্তীটোৰ প্ৰায় এমাহ পূৰ্বে মৃত্যু ঘটিছে। উল্লেখযোগ্য যে কঠালগুৰি খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰীয় উদ্যানখনত নিয়মীয়া টহল দিবলৈ যাওতে মৃত হাতীটো প্ৰত্যক্ষ কৰে। ইফালে শুক্ৰবাৰে পুৱা জয়পুৰ বন বিভাগ আৰু চিকিৎসকৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় মৃত হাতীটোৰ নমুনা সংগ্ৰহ কৰে। লক্ষণীয় যে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ অন্তত হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হব বুলি প্ৰকাশ কৰে জয়পুৰ বন বিভাগৰ বিষয়া গৰাকীয়ে। ইফালে মৃতদেহৰ লগত হাতীটোৰ দাঁত উদ্ধাৰ নোহোৱাক লৈ এক বিশেষ সূত্ৰই জানিবলৈ দিয়া মতে দুষ্কৃতিকাৰীয়ে হত্যা কৰি হাতীটোৰ দাঁত পৰ্যন্ত কাটি নিছে যদিও এই বিষয়ত বন বিভাগে এতিয়ালৈকে নিশ্চিত কৰা নাই। হাতীৰ বিচৰণস্থলী ৰূপে বিখ্যাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত প্ৰায়ে মৃত হাতী উদ্ধাৰ হোৱা ঘটনাই এতিয়া স্বাভাৱিকতে চিন্তিত কৰি তুলিছে প্ৰকৃতি প্ৰেমীসকলক।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like