নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ আফ্ৰিকাৰে টেষ্টত নেখেলে ছামিয়ে!

বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰঃ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব ২খন টেষ্ট মেচৰ শৃংখলা। কিন্তু এই টেষ্ট ছিৰিজৰ আগতে টীম ইণ্ডিয়াৰ বাবে বেয়া খবৰ। আচলতে মহম্মদ ছামি এই টেষ্ট ছিৰিজৰ অংশ নহ’ব। যদিও এতিয়ালৈকে মহম্মদ ছামিৰ খেলৰ কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই, কিন্তু বহু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত খেলিব নোৱাৰিব। ক্ৰিকবাজৰ বাতৰি অনুসৰি মহম্মদ ছামিয়ে গোৰোহাত আঘাত পাইছে। এই কাৰণতে তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত টীম ইণ্ডিয়াৰ অংশ নহ’ব। একে সময়তে ৰোহিত শৰ্মাকে ধৰি টীম ইণ্ডিয়াৰ খেলুৱৈসকল ১৫ ডিচেম্বৰত জোহান্সবাৰ্গলৈ ৰাওনা হ’ব। কিন্তু দক্ষিণ আফ্ৰিকালৈ যোৱা খেলুৱৈৰ তালিকাত মহম্মদ ছামি নাথাকিব।

#বাৰ্তা ডেস্ক

You might also like