নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰী আৰু জলবায়ু পৰিৱর্তন

জলবায়ু পৰিৱর্তনৰ বিষয়ে সমগ্র বিশ্বত প্রতিদিনেই আলোচনা হৈ আছে৷ কিন্তু প্রকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰ কম হোৱা নাই৷ আধুনিক বিকাশ যেন প্রকৃতি ধ্বংসৰ এখন অঘোষিত প্রতিযোগিতা৷ যিখন প্রতিযোগিতাত জিকি জিকিও শেষত হাৰ মানিবলগীয়া হয় প্রকৃতিৰ সন্মুখত৷ শেহতীয়াকৈ উত্তৰাখণ্ডত প্রকৃতিৰ ৰুদ্র ৰূপে সেই কথাকে প্রমাণ কৰিলে৷ বিভিন্ন গৱেষণাত প্রমাণ হৈছে যে জলবায়ু পৰিৱর্তনৰ প্রভাৱ সমাজৰ আটাইতকৈ দুর্বল শ্রেণী আৰু নাৰীৰ ওপৰত বেছিকৈ পৰে৷ আন্তঃৰাষ্ট্রীয় শ্রমিক সংস্থাৰ গৱেষণাত পোহৰলৈ আহিছে যে সমগ্র পৃথিৱীৰে বিশেষকৈ উন্নয়নশীল দেশসমূহৰ দৰিদ্র আৰু প্রান্তীয় শ্রেণীৰ লোকৰ ওপৰত জলবায়ু পৰিৱর্তনৰ প্রভাৱ প্রত্যক্ষভাৱে পৰে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ এক গৱেষণাত প্রকাশ পাইছে যে জলবায়ু পৰিৱর্তনৰ সর্বোচ্চ কু–প্রভাৱ উন্নয়নশীল দেশৰ নাৰীৰ ওপৰতে পৰে৷ কিয়নো এগৰাকী নাৰীয়ে ঘৰখনৰ সকলো সমস্যাৰ যত্ন লোৱাৰ লগতে প্রয়োজনসাপেক্ষে প্রতিকূল পৰিস্থিতিক আওকাণ কৰি উপার্জনৰ বাবে কঠোৰ পৰিশ্রম কৰিবলৈ কুণ্ঠাবোধ নকৰে৷ শুনিবলৈ সাধাৰণ কথা যেন লাগিলেও নিম্ন আৰু মধ্যম আয়ৰ দেশসমূহৰ ১০গৰাকীৰ ভিতৰত ৮গৰাকী মহিলাই ঘৰৰ বাবে পানী সংগ্রহৰ দায়িত্ব পালন কৰে৷ ভাৰতৰ দৰে কৃষিপ্রধান দেশত কৃষি আৰু মৎস্য পালনতো প্রত্যক্ষভাৱে নাৰীসকলক জড়িত হোৱা দেখা যায়৷ ফলত জলবায়ু পৰিৱর্তনৰ প্রত্যক্ষ প্রভাৱ তেওঁলোকৰ ওপৰত পৰে৷ সমগ্র বিশ্বত জল সম্বন্ধীয় কার্যসমূহ সমাপন কৰাৰ দায়িত্ব নাৰীৰ ওপৰতে ন্যস্ত থাকে৷ কেৱল ভাৰতৰে ৬৫ শতাংশৰো অধিক নাৰী কৃষিক্ষেত্রত জড়িত হৈ আছে৷ কিন্তু দুর্ভাগ্যজনক কথাটো হ’ল যে জলবায়ু পৰিৱর্তনৰ লগত অভিযোজনত মহিলাৰ ভূমিকা আৰু অন্তর্ভুক্তি জোখাৰ বাবে কোনো নির্ভৰযোগ্য তথ্য উপলব্ধ হোৱা নাই৷
ভাৰতৰ ৪৯ কোটি লোকৰ আয়ৰ উৎস প্রত্যক্ষ অথবা পৰোক্ষভাৱে কৃষিখণ্ডৰ লগত জড়িত৷ জলবায়ু পৰিৱর্তনৰ ফলত বৃদ্ধি হোৱা অত্যধিক উষ্ণতাই কোনো কোনো ঠাইত বান অথবা কোনো কোনো ঠাইত খৰাঙৰ সৃষ্টি কৰি সমগ্র মানৱ জাতিক বিপর্যস্ত কৰিছে আৰু তাৰ পূর্ণ প্রভাৱ নাৰীৰ ওপৰত পৰা দেখা যায়৷ বিশেষকৈ দৰিদ্র আৰু গ্রামাঞ্চলৰ নাৰীৰ সামাজিক সুৰক্ষা, শিক্ষা, স্বাস্থ্য আদি সকলো ক্ষেত্রতে স্থবিৰতা আহি পৰে৷ নাৰীসকল মানসিক, শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ লগতে জলবায়ু পৰিৱর্তনৰ বাবেই যৌন নির্যাতনৰো সন্মুখীন হোৱা দেখা যায়৷ মানৱ সৰবৰাহৰো অন্যতম কাৰণ হিচাপে চিহ্ণিত হৈছে জলবায়ু পৰিৱর্তন৷ দুর্যোগগ্রস্ত অঞ্চলৰ দৰিদ্র পৰিয়ালৰ নাৰী, কিশোৰী সহজেই মানৱ সৰবৰাহকাৰীৰ কবলত পৰে৷ কর্মসংস্থাপনৰ ভুৱা প্রতিশ্রতি দি জলবায়ু পৰিৱর্তনে বিধ্বস্ত কৰা পৰিয়ালৰ নাৰীক সৰবৰাহকাৰীয়ে নিজৰ জালত পেলায়৷ মাতৃভূমিৰ পৰা দূৰৈত তেওঁলোকৰ অধিকাংশক দেহ ব্যৱসায়ীৰ হাতত বিক্রী কৰা হয়৷ আনহাতে, প্রাকৃতিক দুর্যোগৰ ফলত পুৰুষতকৈ নাৰীৰ মৃত্যুৰ হাৰো বেছি হয়৷ উপযুক্ত সময়ত উপযুক্ত চিকিৎসাৰ অভাৱ, পুষ্টিকৰ খাদ্যৰ অভাৱে নাৰীসকলক মৃত্যুমুখলৈ ঠেলি দিয়ে৷ স্বাস্থ্য অর্থাৎ জলবায়ু পৰিৱর্তন লিংগ নিৰপেক্ষ নহয়৷ আশাপ্রদ কথাটো হ’ল যে জি –২০ সন্মিলনত নাৰীৰ ওপৰত জলবায়ু পৰিৱর্তনৰ অসমতাপূর্ণ প্রভাৱক স্বীকাৰ কৰা হৈছে৷ জি–২০ ৰাষ্ট্রসমূহে ৯ ছেপ্টেম্বৰত জলবায়ু পৰিৱর্তন প্রশমন আৰু অভিযোজনৰ ক্ষেত্রত মহিলাৰ অংশগ্রহণ আৰু নেতৃত্ব বৃদ্ধি কৰাৰ সংকল্প গ্রহণ কৰে আৰু জলবায়ু পৰিৱর্তনৰ প্রভাৱৰ প্রতি স্থিতিস্থাপকতা গঢ়ি তোলাৰ বাবে লিংগ–প্রতিক্রিয়াশীল সমাধানসমূহক সমর্থন কৰে৷ আৰু লিংগ সমতাক লৈ জলবায়ু কার্যক ত্বৰান্বিত কৰাৰ সিদ্ধান্ত লোৱা হয়৷ জলবায়ু পৰিৱর্তন সম্পর্কে জি –২০ সন্মিলনত গ্রহণ কৰা সিদ্ধান্তই জলবায়ু পৰিৱর্তনৰ দ্বাৰা প্রভাৱিত নাৰীক সকাহ দিব বুলি আশা কৰিব পাৰি৷

You might also like