নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত আজি ঘৰলৈ যাব দিয়া হ’ল কণ্ঠশিল্পী কণিকা কাপুৰক

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ অৱশেষত যেন ভাল খবৰ আহিল বলীউডৰ বেবী ডল খ্যাত গায়িকা কণিকা কাপুৰলৈ । শনিবাৰে পঞ্চমটো পৰীক্ষাত কণিকা কাপুৰৰ দেহত COVID19 নিগেটিভ পোৱাৰ পাছত সোমবাৰে ষষ্ঠটো পৰীক্ষাতো COVID19 নিগেটিভ আহে ।

যাৰ বাবে চিকিৎসালয়ৰ পৰা কণিকা কাপুৰক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে লক্ষ্ণৌৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ থকা গায়িকাগৰাকীৰ ইয়াৰ পূৰ্বে ৪ টাকৈ পৰীক্ষাত তেওঁৰ দেহত ওলাইছিল COVID19 পজিটিভ।

You might also like