নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিল্পী পেন্সনৰ পৰা বঞ্চিত কুঁহিৰাম দৈমাৰী

গোলাঘাটত প্ৰচাৰ বিমুখ বাদ্য শিল্পী

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ মানুহজনৰ নাম কুঁহিৰাম দৈমাৰী । তেওঁ পোন্ধৰ বছৰ বয়সৰ পৰাই জনগোষ্ঠীয় লোকবাদ্যৰ প্ৰতি আকৰ্ষিত হৈ এই বাদ্যসমূহ নিৰৱচ্ছিন্নভাৱে পৰিৱেশন কৰিবলৈ লয় । পাছত তেওঁ স্ব-প্ৰতিভাৰে উদ্ভাসিত হৈ বড়ো জনগোষ্ঠীয় এজন জনপ্ৰিয় বাদ্যযন্ত্ৰী ৰূপে প্ৰতিষ্ঠা লাভ কৰে । এই প্ৰচাৰ বিমুখ নিৰক্ষৰ শিল্পীজনৰ ঘৰ গোলাঘাটৰ ঘিলাধাৰী মৌজাৰ দৈয়াং অঞ্চলৰ কদমগুৰি শান্তিপুৰ গাঁৱত । বৰ্তমান ৬৮ বছৰীয়া শিল্পীজনে বড়ো জনগোষ্ঠীয়  লোকবাদ্য ঢোল, বাঁহী, বেহেলা, বেণ্ড আদি সুন্দৰভাৱে পৰিৱেশন কৰি ৰাইজৰ পৰা সমাদৰ লাভ কৰি আহিছে । কিন্তু এই প্ৰচাৰ বিমুখ শিল্পীগৰাকীয়ে বৰ্তমান ৰজাঘৰীয়াৰ পৰা শিল্পী পেন্সন বা কোনো ধৰণৰ চৰকাৰী সা-সুবিধা বা সন্মান লাভ নকৰাত দুখ প্ৰকাশ কৰিছে ।