নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাগতম ২০২০ : কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ পৰিকল্পনা কি ?

চলতে পৰিকল্পনা অনুযায়ী কাম নকৰোঁ। কিম্বা পৰিকল্পনা কৰিলেও সময়ত গৈ সেয়া কেতিয়াবা ফলৱতী নহয়। প্ৰায়ে কামবোৰ আকস্মিকভাৱে কৰিবলগীয়া হয়। এজন কাৰ্টুনিষ্টৰ দৈনন্দিন জীৱন আৰু কৰ্মপন্থা মূলত: নিৰ্ণয় হয় পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষে। সামাজিক আৰু ৰাজনৈতিক ঘটনা পৰিঘটনাৰ ভিত্তিত কামবোৰ কৰিবলগীয়া হয়। এতিয়া প্ৰকাশৰ মাধ্যম ডিজিটেল হোৱাৰ ফলত কাম কৰাৰ বেগ বাঢ়িল, গতিকে দিনৌ কেতিয়াবা ভালেকেইখন কাৰ্টুন আঁকিবলগীয়াও হয়। সেয়ে নিৰ্দিষ্ট পৰিকল্পনাৰ আওতাৰ ভিতৰত গৈ কাম কৰিম বুলি নিজক প্ৰস্তুত কৰিবলৈ প্ৰায়ে কাৰিকৰীভাৱে সমস্যাত পৰোঁ। তথাপি প্ৰতিবাৰেই সময় আৰু কেলেণ্ডাৰৰ ভিত্তিত একোটা নতুন বছৰৰ দুৱাৰদলিত আৰু পুৰণি বছৰটোৰ শেষভাগত সামগ্ৰিকভাৱে বিগত সময়বোৰৰ কামবোৰৰ বিশ্লেষণ আৰু আত্মসমালোচনা কৰোঁ, যাতে আহিবলগীয়া সময়বোৰত কামবোৰ আৰু অধিক দায়িত্বশীল হৈ কৰিব পাৰোঁ ।

নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

এইবাৰো এইফেৰি কাম কৰিছোঁ, আৰু নতুন বছৰটোত আৰু অধিক উজ্জীৱিত হৈ যাতে কাম কৰিব পাৰোঁ তাৰেই সংকল্প কিম্বা পৰিকল্পনা কৰিছোঁ । অন্যহাতে কাৰ্টুনৰ মাধ্যমেৰে অসমৰ বিষয়বোৰ ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আৰু দৃঢ়তাৰে যাতে উপস্থাপন বা প্ৰকাশ কৰিব পাৰো তাৰবাবে নতুন বছৰটোত এলানি কাম কৰিম ।

নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ইতিমধ্যে এই প্ৰক্ৰিয়া বিগত সময়বোৰৰ পৰা চলি আছে যদিও নতুন বছৰটোত ই আৰু অধিক উদ্যম ল’ব। অকল ইংৰাজী ভাষাতেই নহয়, অসমীয়া ভাষাতো অসমৰ বিষয়সমূহ যাতে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মানুহে কাৰ্টুনৰ মাধ্যমেৰে বুজিবলৈ সক্ষম হয় তাৰবাবেই যৎসামান্য প্ৰয়াস, লগতে চহকী অসমীয়া ভাষাকো এইদৰে মানুহৰ মাজলৈ লৈ যাবলৈ মনস্থ কৰিছোঁ ।

নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অন্যদিশে, নতুন বছৰটোত কাৰ্টুনক মানুহৰ কাষলৈ লৈ যোৱাৰ পূৰ্বাপৰ চলি অহা অভিযানটোক আৰু বলিষ্ঠ ৰূপত আগবঢ়াই নিবলৈ কিছু নতুন কাম হাতত লৈছোঁ, প্ৰকাশন আৰু প্ৰদৰ্শন মাধ্যমৰ যোগেদি সময় সাপেক্ষে আগবাঢ়িম। পূৰ্বৰ দৰেই নতুন বছৰটোতো দেশ আৰু জনতাৰ প্ৰতি থকা গভীৰ দায়বদ্ধতাৰে কাৰ্টুনক সাধাৰণজনৰ তপ্ত আৰু মুক্ত কণ্ঠ ৰূপে প্ৰকাশ কৰি যাম।

নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰাজনৈতিক আৰু সামজিক বিষয়বোৰৰ লগতে পৰিৱেশ, বিজ্ঞান, অন্ধবিশ্বাসৰ দৰে বিষয়সমূহত যাতে মানুহক সজাগ কৰিব পাৰোঁ তাৰবাবেও নতুন বছৰটোত এলানি নতুন কাৰ্টুন অঁকাৰ পৰিকল্পনা আছে। মুঠ কথা, অসম আৰু অসমীয়াৰ অস্তিত্ব যাতে বিপন্ন নহয় তাৰবাবে এজন দায়বদ্ধ আৰু দায়িত্বশীল অসমীয়া হিচাপে প্ৰতিক্ষণ এজন প্ৰহৰীৰ ৰূপত নিজৰ কাৰ্টুনৰ মাধ্যমেৰে সজাগ হৈ থাকিম নতুন বছৰটোতো।

নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

সেয়ে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নতুন বছৰটোতো সজোৰে বিৰোধিতা কৰি যাম অসম আৰু অসমীয়াৰ হকে । নতুন বছৰটোৱে সকলোৰে বিবেকক জগাওক আৰু অসমীয়াক উদ্দীপ্ত কৰি তোলক স্বাভিমানেৰে ।

যুগুতাইছেঃ পাৰ্থৱ শইকীয়া 

You might also like