নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এসময়ত শ্বাহৰুখ আৰু কাজলৰ পুত্ৰৰ চৰিত্ৰত দেখা যোৱা সেই শিশুটিয়ে এতিয়া বাৰু কি কৰিছে…

শ্বাহৰুখ-কাজলৰ অনস্ক্রিন পুত্ৰ জিবৰানক ১৯ বছৰ পাছত দেখা যাব ৰূপালি পৰ্দাত!

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ  ২০০১ চনত মুক্তি পাইছিল কৰণ জোহৰ পৰিচালিত ছবি কভি খুছি কভি গম। এই ছবিত মুখ্য চৰিত্রত অভিনয় কৰিছিল শ্বাহৰুখ খান, কাজল, অমিতাভ বচ্চন, জয়া বচ্চন, হৃতিক ৰোশন আৰু কৰিনা কাপুৰ খানে। সেই বছৰৰ বিগ হিটৰ এই ছবিখনত এটা শিশু চৰিত্ৰত শাহৰুখ আৰু কাজলৰ পুত্ৰ ৰূপে অভিনয় কৰিছিল জিবৰান খানে।

উল্লেখ্য যে, ১৯ বছৰ পাৰ হৈ গৈছে ‘কভি খুছি কভি গম’ মুক্তিৰ। এতিয়া জিবৰানক চিনি পোৱাৰ উপায় নাই, বেচ হেন্ডচাম হাংক তেওঁ।

কিন্তু ১৯ বছৰ পাৰ হৈ যোৱাৰ পাছত এসময়ত শিশু চৰিত্ৰত অভিনয় কৰা জিবৰান পুনৰ অভিনয় জগতলৈ ঘূৰি আহিছে। জিবৰানক এইবাৰ পুনৰ অভিনয়ত দেখা যাব। ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট অভিনীত ছবি ‘ব্রহ্মাস্ত্র’-ত অভিনয় কৰিছে তেওঁ।

You might also like