অৱহেলিত হৈছে প্ৰকৃত শিল্পী
নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ সম্প্ৰতি গায়ক, অভিনেতা, বাদ্যযন্ত্ৰী, কলা-কৌশলী সকলোৱে ৰাজনৈতিক ক্ষেত্ৰখনলৈ ঢাপলি মেলাৰ ধুম উঠিছে। চৰকাৰৰ ফালৰ পৰা স্বীকৃতি প্ৰদান কৰি বহু সংখ্যক শিল্পী, গায়ক তথা সাংস্কৃতিক ক্ষেত্ৰত জড়িত লোকক আৰ্থিক সাহাৰ্য্যও আগবঢ়াইছে। এনে প্ৰেক্ষাপটৰ মাজতে নিৰৱচ্ছিন্নভাবে সাংস্কৃতিক ক্ষেত্ৰখনত একাগ্ৰতাৰে আত্মনিয়োগ হৈ থকা বহু প্ৰতিভাধৰ শিল্পী তথা সাংস্কৃতিককৰ্মী অনাকাংক্ষিতভাৱে ৰজাঘৰৰ পৰা সকলো ধৰণৰ সুবিধাৰ পৰা বঞ্চিত হৈ অহা পৰিলক্ষিত হৈছে।
চৰকাৰী সা-সুবিধাৰ পৰা নিলগত থকা এনে এগৰাকী শিল্পী হৈছে ধেমাজি জিলাৰ গোগামুখৰ কদমগুৰী গাঁৱৰ লংকেশ্বৰ বসুমতাৰী। ১৯৫৮ চনত অবিভক্ত কামৰূপ জিলাৰ তামোলপুৰ ৰঙিয়াৰ ডাংপাৰা গাঁৱত জন্ম গ্ৰহণ কৰে লংকেশ্বৰ বসুমতাৰীয়ে। ঘৰৰ আৰ্থিক দৈন্যতাৰ বাবে প্ৰাথমিক স্কুলৰ পৰা আনুষ্ঠানিক শিক্ষা লবলৈ অপাৰগ লংকেশ্বৰ বসুমতাৰী। আনুষ্ঠানিক শিক্ষাৰে উচ্চ শিক্ষিত নহলেও লংকেশ্বৰ বসুমতাৰীয়ে ইতিমধ্যে বিগত এটা দশকৰ ভিতৰতে কুৰিখনৰো অধিক বড়ো বোলছবিত সফলতাৰে অভিনয় কৰি সাংস্কৃতিক প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।
২০১০ চনত মুক্তি পোৱা বড়ো বোলছবি ৰং নাম্বাৰ-১, থৈচাম(তেজৰ চেকুৰা),অ’ৰ (জুই),নখৰ সংচাৰ (ঘৰ সংসাৰ),ডাইয়ানা চৌৰ (ডাইনী কোন),চৈথ’ আৰু ফৈথায়( সত্য আৰু বিশ্বাস),
আলাই-অৰণ,জাফৌংগ’ন(সফলতা) মিঃ সানজাৰি, গাম্বাৰী, চংৰাইখা(আত্মৰক্ষা) , গৈথৈচহা (মৰাশ),ছায়ামায়া চিমাং(জিলমিল সপোন) , হাংমা (বেদনা) , বিথৌন(আদেশ),ফৰমান (প্ৰমাণ),অ’ৰখি (অঙঠা) ত চমকপ্ৰদ প্ৰদৰ্শনেৰে অভিনয় কৰিছে অভিনেতা লংকেশ্বৰ বসুমতাৰীয়ে।ইয়াৰে চৈথাম বোলছবিখনে সৰ্বাধিক জনপ্ৰিয়তা অৰ্জন কৰাৰ উপৰিও লংকেশ্বৰ বসুমতাৰীয়ে অভিনয় কৰা আন কেইবাখনো বড়ো বোলছবি দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।
পূৰ্ণদৈঘ্য চিনেমাৰ উপৰি শেহতীয়াকৈ মুক্তি পোৱা থাংখি( লক্ষ্য), চাংগ্ৰাংথি (সাৱধানতা ) আদি ছুটী ছবিত অভিনয় কৰাৰ লগতে লাইমৌন আদি এলবামতো সাৱলীলভাবে অভিনয় কৰি দৰ্শকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। অল বড়ো চিনে আৰ্টিছ এচ’চিয়েছনৰ উপদেষ্টা, জুৰি বৰ্ডৰ পৰা পৰিছয় পত্ৰ লাভ কৰা অভিনেতা গৰাকী আজিও কোনো চৰকাৰৰ পৰা কোনো স্বীকৃতি অথবা আৰ্থিক সাহাৰ্য্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰ্থিক অনাটনৰ মাজতো বোলছবি জগতৰ সৈতে জড়িত থাকি একাগ্ৰতাৰে সাংস্কৃতিক ক্ষেত্ৰখন সজীৱ কৰি ৰাখিব বিচৰা অভিনেতা লংকেশ্বৰ বসুমতাৰীয়ে কেতিয়া চৰকাৰৰ সুদৃষ্টি লাভ কৰিব সেয়া সময়ে কব।