আজিৰে পৰা নলবাৰী ৰাস মহোৎসৱত ভ্ৰাম্যমাণ থিয়েটাৰ মহোৎসৱ
ৰাস মহোৎসৱৰ পৰা বীৰেন কলিতা, নিয়মীয়া বাৰ্তা ২০ নৱেম্বৰ : কোন হ’ব শ্ৰেষ্ঠ যতীন বৰা, চম্পক শৰ্মা, মৃদুল ভূঞা, উৎপল দাস, প্ৰসেনজিৎ নে অন্য কোনোবা। তেনেদৰে কোন হ’ব শ্ৰেষ্ঠ অভিনেত্ৰী। প্ৰাঞ্জনা দত্ত, কল্পনা কলিতা, শ্ৰেষ্ঠ খলনায়ক নিৰ্মল দত্ত, চিন্ময় কটকী, মহেশ বৰা। এনেধৰণৰ চৰ্চা আৰম্ভ হৈছে নলবাৰী ৰাস মহোৎসৱত প্ৰদৰ্শন কৰিবলৈ ওলোৱা নাট্য দ’ল সমুহৰ শীৰ্ষ অভিনেতা অভিনেত্ৰীক লৈ। কাৰণ জনপ্ৰিয়তাৰ জোখ-মাখ স্পষ্ট হয় নলবাৰীৰ ৰাস মহোৎসৱত। স্পষ্ট হয় কোন খন নাটক অধিক জনপ্ৰিয়, কোন খন নাটকত সুন্দৰ অভিনয় কৰিছে অভিনেতা অভিনেত্ৰী সকলে। আজিৰে পৰা নলবাৰী হৰিমন্দিৰৰ ৯১ তম্ ৰাস মহোৎসৱত আৰম্ভ হ’ব নাট মহোৎসৱ। এই নাট মহোৎসৱত ৰাজ্যৰ ১০টা আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব। ৰাস মহোৎসৱৰ বৃহৎ এলেকাত ৰাস মহোৎসৱ উদযাপন সমিতিয়ে নিৰ্দিষ্ট কৰি দিয়া বিভিন্ন পথাৰত নাট প্ৰদৰ্শন কৰিব। ইতিমধ্যে অঘোষিত এই নাট মহোৎসৱলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে হৰিমন্দিৰ থিয়েটাৰ কৰ্তৃপক্ষৰ উপৰিও থিয়েটাৰ দ’ল সমুহ। প্ৰতিটো নাট্যদলৰ একোখন বেনাৰ নাটক লৈ সাজু হৈ আছে। ইতিমধ্যে নলবাৰী চহৰৰ উপৰিও চহৰৰ সমীপৰ বিভিন্ন ঠাইত থিয়েটাৰ দ’ল সমুহৰ বৃহৎ আকাৰৰ বেনাৰ পোষ্টাৰ ভৰি পৰিছে। অভিনেতা- অভিনেত্ৰী, সহ অভিনেতা, ক’লা কুশলী সকলো সাজু।
পঢ়ক নলবাৰীত নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতা
ৰাস মহোৎসৱৰ বিভিন্ন প্ৰান্তত চৰ্চা লাভ কৰিছে যে ইতিহাস থিয়েটাৰত অভিজিত ভট্টাচাৰ্যৰ “মহাৰাজ” নাটক খনত যতীন বৰা, আনহাতে নতুন নাট্য দ’ল ৰাজধানী থিয়েটাৰত নিজে ৰচনা পৰিচালনা আৰু অভিনয় কৰা “ঘা* নাটকত চম্পক শৰ্মা, ইফালে নতুনকৈ আত্মপ্ৰকাশ কৰা ৰাজধানী থিয়েটাৰত অভিজিত ভট্টাচাৰ্যৰ “মচি দিম তোমাৰ সেন্দুৰ” ত অভিনয় কৰা মৃদুল ভূঞা, তেনেদৰে ৰাজমুকুট থিয়েটাৰত অভিজিত ভট্টাচাৰ্যৰ “মহাৰণৰ বলীয়া ঘোড়া'”ত প্ৰসেনজিৎ বৰা, ইফালে সূৰ্য থিয়েটাৰৰ অভিজিত ভট্টাচাৰ্যৰ “মৰমৰ তেজৰ তোপাল”নাটকত উৎপল দাসে। তাৰ উপৰিও বৃন্দাবন থিয়েটাৰত ৰাজদ্বীপ বৰ্মনৰ “বিষাক্ত গোলাপ”ত প্ৰাঞ্জনা দত্তৰ দুৰ্দান্ত অভিনয়, তেনেদৰে “ঘা” নাটকত কল্পনা কলিতা, “মহাৰাজ”ত শৰ্মিষ্ঠা চক্ৰৱৰ্তী, ৰাজতিলক থিয়েটাৰৰ “নীলা চকুৰ গান”ত শ্যামন্তিকাৰ লগতে হেঙুল থিয়েটাৰৰ অভিজিত ভট্টাচাৰ্যৰ “বিড়ি” নাটক স্নিগ্ধাৰ অভিনয়ৰ চৰ্চা চলিছে নাট্য ৰসিকৰ মাজত। ইফালে কেইবাজনো খল নায়কৰ ভূমিকাত দক্ষ অভিনয়ৰে দৰ্শকক আপ্লুত কৰিছে নিৰ্মল দত্ত, চিন্ময় কাকতি, মহেশ বৰা, মঞ্জিল বৰুৱা আদিয়ে।
আৰু পঢ়ক জুবিন গাৰ্গলৈ ভূপেন হাজৰিকা বঁটা
কালিলৈ বৰদৈচিলা থিয়েটাৰ আৰু কলাগুৰু থিয়েটাৰে প্ৰথমতে নাট মহোৎসৱত ভাগ ল’ব। বৰদৈচিলা থিয়েটাৰে মঞ্চস্থ কৰিব সতিশ দাসৰ “গংগাৰ পানী মক্কাৰ মাটি” আৰু কলাগুৰু থিয়েটাৰে মঞ্চস্থ কৰিব অভিজিত ভট্টাচাৰ্যৰ “ময়ুৰ চৰাইৰ নাচ”। ইতিমধ্যে প্ৰতিটো নাট্যদলে নামনি অসমৰ বিভিন্ন প্ৰান্তত নাট মঞ্চস্থ কৰি অসমৰ সাংস্কৃতিক বৰপথাৰ খন চহকী কৰি আহিছে। গতিকে অহা ২৭ নৱেম্বৰত থিয়েটাৰ মহোৎসৱ সামৰণি পৰাত জানিব পৰা যাব কোনটো নাট্যদল শ্ৰেষ্ঠ। কোন অভিনেতা অভিনেত্ৰী শ্ৰেষ্ঠ হ’ল।