নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপ নেতৃত্বৰ দলত থকাৰ অধিকাৰ নাইঃ বৃন্দাবন গোস্বামী

নিয়মীয়া বাৰ্তা,১৪ ডিচেম্বৰঃ অসম গণ পৰিষদৰ সাধাৰণ পৰিষদৰ সিদ্ধান্তক অৱমাননা কৰি কেবক সমর্থন কৰাসকলৰ মজিয়াত থকাৰ কোনো অধিকাৰ নাই ৷ আঞ্চলিক দল অসম গণ পৰিষদৰ মন্ত্রী তিনিগৰাকীৰ লগতে ৰাজ্যসভাৰ একমাত্র সাংসদগৰাকীয়ে অসমৰ প্রতিবাদী কণ্ঠক উপেক্ষা কৰি নাগৰিকত্ব বিধেয়কক সমর্থন কৰাক লৈ ৰাজ্যৰ সর্বত্র অগনিৰ ক্ষোভ অব্যাহত থকাৰ সময়তে শুকুৰবাৰে তেজপুৰত এই মন্তব্য কৰে অগপৰ প্রাক্তন সভাপতি তথা তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভা আৰু লোকসভাত গৃহীত হোৱাৰ পাছত দেশৰ ৰাষ্ট্রপতিয়ে বিধেয়কখনত স্বাক্ষৰ কৰাত ই আইনলৈ ৰূপান্তৰিত হোৱাৰ লগে লগে তেজপুৰত দলৰ এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে ৷ তেজপুৰৰ অগপ জিলা কার্যালয়ৰ পৰা উলিওৱা প্রতিবাদী সমদলত স্থানীয় বিধায়ক গোস্বামীয়ে অংশগ্রহণ কৰে ৷ বিধায়ক গোস্বামীয়ে সম্প্রতি একাংশ সংবাদ মাধ্যমক কেব সম্পর্কত তেওঁৰ স্থিতিক লৈ পৰিৱেশন কৰা বাতৰিত দুখ প্রকাশ কৰি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক–২০১৬লৈ যোৱা দুবছৰ ধৰি তেজপুৰ জিলা সমিতিয়ে বিৰোধিতা কৰাই নহয়, জিলা সমিতিয়ে সভা আয়োজন কৰি দুবছৰ পূর্বেই কেবৰ বিৰুদ্ধে গ্রহণ কৰা প্রস্তাৱ অগপৰ কেন্দ্রীয় সমিতিলৈ প্রেৰণ কৰিছিল ৷

অগপৰ প্রাক্তন সভাপতি গোস্বামীয়ে কয় যে অসম অস্তিত্ব ৰক্ষা আন্দোলনত নির্যাতিত আৰু সর্বস্ব ত্যাগ কৰা বহু সংগ্রামী লোক বর্তমানো অগপ দলটোত নিষ্ঠাৰে জড়িত হৈ আছে ৷ অগপৰ পতাকা বর্তমানৰ নেতৃত্বৰ ব্যক্তিগত সম্পত্তি নহয় আৰু দেশ–জাতিতকৈ পদ ডাঙৰ নহয় বুলি গোস্বামীয়ে মন্তব্য কৰি জাতিৰ এই সংকটকালত অসমৰ জনগণক ওলাই আহিবলৈ আহবান জনায় ৷

ইপিনে, অগপৰ তেজপুৰ জিলা সমিতিৰ সম্পাদকদ্বয় ক্রমে বিদ্যুৎ বিজয় মহন্ত আৰু বিজিত কুমাৰ বৰাই এক বিজ্ঞপ্তিত কয়– দলৰ কেন্দ্রীয় সাধাৰণ সভাত কেবৰ বিৰুদ্ধে প্রস্তাৱ গৃহীত হৈছিল যদিও সম্প্রতি দলৰ নেতৃত্বই দিল্লীৰ ওচৰত নির্লজ্জভাৱে আত্মসমর্পণ কৰাত জিলা সমিতিৰ সমূহ বিষয়ববীয়াৰ লগতে তৃণমূল পর্যায়ৰ কৰ্মীসকলো যথেষ্ট মর্মাহত ৷

সেয়েহে জাতিদ্রোহী কেব সমর্থন কৰা দলীয় নেতৃত্বৰ পদত্যাগৰ দাবী কৰিছো ৷ তেজপুৰ অগপৰ সমূহ দলীয় কৰ্মী সদায় অসম আৰু অসমীয়াৰ সপক্ষে আছে আৰু ভৱিষ্যতেও ৰাইজৰ অংশীদাৰ হৈ থাকিম ৷ অগপৰ নেতৃবৃন্দই কেবক সমর্থন কৰাত আঞ্চলিক দলটোৰ কৃষক সংগঠন অসম কৃষক পৰিষদৰ জিলা সম্পাদক ভাৰত দাসে নেতৃবৃন্দক ধিক্কাৰ দি কৃষক পৰিষদৰ পদৰ পৰাই নহয়, অগপৰ প্রাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছে ৷

You might also like