নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপৰাধীৰ ঘাটিলৈ মহানগৰীৰ ৰে’ল ষ্টেচনঃ বহিঃৰাজ্যৰ অপৰাধীৰে ভৰিছে নেকি ৰাজধানী ?

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ ক্ৰমাত অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে ৰে’ল ষ্টেচন । গুৱাহাটী মহানগৰীৰ অন্তৰ্গত কামাখ্যা আৰু গুৱাহাটী ষ্টেচনৰ মাজেৰে নিতৌ সৰবৰাহ হৈ আছে অবৈধ সামগ্ৰী । মঙলবাৰে দিনটোত কামাখ্যা আৰু গুৱাহাটী ষ্টেচনত তিনিটাকৈ ঘটনা আৰু অপৰাধী আটক ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সচেতন মহলক ।

মঙলবাৰে গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা ৰে’ল আৰক্ষীয়ে ১৯টা (সন্দেহজনক) চুৰি ম’বাইল ফোনসহ দুজন যুৱকক গ্রেপ্তাৰ কৰে ৷ ধৃত যুৱক দুজন ঝাৰখণ্ডৰ চাহেবগঞ্জৰ ৰাজেশ কুমাৰ ৰায় (২৫) আৰু সঞ্জয় তিৱাৰী (২৫) ৷ জি আৰ পিৰ এক সূত্রই জানিবলৈ দিয়া মতে ধৃত যুৱক দুজনে ম’বাইলকেইটা গুৱাহাটীৰ পৰা ঝাৰখণ্ডলৈ নিয়াৰ পথতে আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৷ নামনিমুৱা ব্রহ্মপুত্র মেইল ৰে’লগাড়ীখন ষ্টেচনত উপস্থিত হোৱাত আৰক্ষীয়ে তালাচী চলাই বি–৪ দবাৰ ৩১ আৰু ৩২ নম্বৰ আসনৰ পৰা ম’বাইলকেইটা জব্দ কৰাৰ লগতে যুৱক দুজনক গ্রেপ্তাৰ কৰে ৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে জি আৰ পি থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৮০ ধাৰাত ৪/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

ইফালে , একেই গুৱাহাটী ষ্টেচনতে অভিযান চলাই ৰে’ল আৰক্ষীয়ে নামনিমুৱা অমৃতসৰ এক্সপ্রেছৰ পৰা বুজন পৰিমাণৰ কানিসহ এজন যুৱকক কৰায়ত্ত কৰে ৷ ধৃত যুৱকজন বিহাৰৰ ৰবীন্দ্র চৌধুৰী (৩৫) ৷ আৰক্ষী সূত্রে জানিব পৰা মতে ধৃত সৰবৰাহকাৰীজনে কানিখিনি অনলাইন ব্যৱসায় আমাজনৰ এটা পেকেটত কানিখিনি বিহাৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ৷ আৰক্ষীয়ে অভিযান চলাই কানিসহ তেওঁক গ্রেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

মঙলবাৰে দিনটোত যেন কামাখ্যা ষ্টেচনৰ পৰাও সাৰি নগ’ল অপৰাধী । আৰক্ষীয়ে ৪০০ গ্রাম ওজনৰ নকল সোণৰ বিস্কুটসহ এজন যুৱকক গ্রেপ্তাৰ কৰে ৷ ধৃত যুৱকজন ঝাৰখণ্ডৰ লুৰানচ কুজুৰ বুলি জানিব পৰা গৈছে ৷ ৰে’ল আৰক্ষীৰ এক সূত্রই জনোৱা মতে দিনৰ ২.৩০ বজাত কামাখ্যা ষ্টেচনত অভিযান চলাই আৰক্ষীয়ে প্লেটফর্মৰ পৰা সোণখিনি জব্দ কৰাৰ লগতে লোকজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে ৫/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, মঙলবাৰে সংঘটিত তিনিটা ঘটনাৰ দুটা ঘটনাৰ ৩ অপৰাধী হৈছে ঝাৰখণ্ডৰ । বিভিন্ন কৌশলেৰে এইদৰে বহিঃৰাজ্যৰ একাংশ অপৰাধীয়ে ৰে’ল যোগে সামগ্ৰী কঢ়িয়াই আছে যদিও আৰক্ষীৰ দৃষ্টিৰ পৰা সাৰি গৈছে বহু অপৰাধী । দৈনিক গুৱাহাটীৰ মাজেৰে সৰবৰাহ হৈ থকা অবৈধ সামগ্ৰীৰ ক্ষেত্ৰত প্ৰশাসনে অভিযান অধিক তীব্ৰতৰ কৰি তোলাৰ দাবী তুলিছে সচেতন মহলে ।

You might also like