নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰোগ্য নিধিলৈ এক লাখ এহেজাৰ টকা বৰঙণি ৰীমা দাসৰ

নিয়মীয়া বাৰ্তা ৪ এপ্ৰিলঃ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছবি নিৰ্মাতা অসম কন্যা ৰীমা দাসে ক’ৰোনা বিৰুদ্ধে যুঁজত অসম আৰোগ্য নিধিলৈ এক লাখ এহেজাৰ টকা আগবঢ়াইছে। ফেচবুক যোগে এই কথা জানিবলৈ দিয়ে ছবি নিৰ্মাতা গৰাকীয়ে। আনহাতে ছবি নিৰ্মাতা গৰাকীয়ে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰে। তেওঁ ফেচুবুকত লিখিছে যে” কোৰোণাৰ বিৰুদ্ধে যুঁজত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্য বিভাগে দিনে নিশাই কৰা কঠোৰ পৰিশ্ৰম সফল হওক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰতিটো পদক্ষেপে সকলোৰে কাৰণে বেয়া দিনবোৰ আঁতৰাই মংগল সাধন  কৰক।”

You might also like