ঘৰত খোৱাতকৈ ভাল আৰু সুষম খাদ্য খাইছে কৰো’না আক্ৰান্তইঃ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ কৰো’না আক্ৰান্তক ভাল খাদ্য যোগান নাই ধৰা বুলি ছ’চিয়েল মিডিয়াত একাংশই অপপ্ৰচাৰ চলাইছে । তাৰ প্ৰতুত্ত্যৰত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কৰো’না আক্ৰান্তক ঘৰত খোৱাতকৈ ভাল আৰু সুষম খাদ্য যোগান ধৰা হৈছে। স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কৰো’না আক্ৰান্তক দিয়া হৈছে একোটাকৈ মোবাইল ফোন যাতে যিকোনো সময়ত ৰোগীসকলে চিকিৎসক তথা পৰিয়ালৰ সৈতে যোগাযোগ ৰাখিব পাৰে। এনে ৰোগীসকলক পৰিচৰ্চা কৰাত কোনো ধৰণৰ কৃপণালি কৰা নাই ৰাজ্য চৰকাৰে। ৰোগীসকলৰ শুশ্ৰূষাৰো ভিডিঅ’ কৰি ৰখাৰ ব্যৱস্থা কৰিছে চৰকাৰে।

