নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূবৰ বাবে হওঁক এখন ইনাৰ লাইন পার্মিট

মেঘালয়ৰ মুখ্যমন্ত্রী চাংমাক সাক্ষাৎ এপিডব্লিউৰ

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ সমগ্র উত্তৰ–পূবৰ বাবে ইনাৰ লাইন পার্মিট ব্যৱস্থাৰ বাবে কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাক অনুৰোধ জনালে আছাম পাব্লিক ৱর্কছে (এ পি ডব্লিউ) ৷ শুকুৰবাৰে শ্বিলংস্থিত বাসভৱনত মুখ্যমন্ত্রীগৰাকীক সাক্ষাৎ কৰি এখন স্মাৰক–পত্র প্রদান কৰি সংগঠনটোৱে তেওঁৰ লগত শেহতীয়া পৰিস্থিতি সন্দর্ভত এক দীঘলীয়া আলোচনাত মিলিত হয় ৷

এই আলোচনা কালত এ পি ডব্লিউৱে অসমৰ উপকাৰ হোৱাকৈ সমগ্র উত্তৰ–পূবৰ বাবে এখনেই ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা কৰাৰ বাবে কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ মুখ্যমন্ত্রীগৰাকীক আহ্বান জনায় ৷ এ পি ডব্লিউৰ সভাপতি অভিজিৎ শর্মাই প্রকাশ কৰা মতে উত্তৰ–পূবৰ ৰাজ্যসমূহে পৃথকে পৃথকে ইনাৰ লাইন পার্মিট ব্যৱস্থা কৰাৰ ফলত অসমৰ বাসিন্দাসকল এই ৰাজ্যসমূহলৈ অহাৰ ক্ষেত্রত অসুবিধাৰ সন্মুখীন হ’ব লগা হয় ৷ বিশেষকৈ বিভিন্ন ব্যৱসায়িক কাৰণত আৰু চাকৰিৰ সূত্রেও মেঘালয়লৈ অসমৰ পৰা নিতৌ বহু লোকৰ অহা–যোৱা হয় ৷ সেয়েহে সমগ্র উত্তৰ–পূবৰ বাবে এখনেই ইনাৰ লাইন পার্মিটৰ ব্যৱস্থাৰ প্রয়োজন ৷

এই আলোচনাত এই বিষয়টো উল্লেখ কৰি মেঘালয়কে ধৰি বাকী উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহত প্রয়োজনবশতঃ বর্তমান অৰুণাচল প্রদেশৰ দৰে ৰাজ্যসমূহে নিজা নিজা ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা কৰাৰ বাবে অনুৰোধ জনোৱা হয় মুখ্যমন্ত্রী চাংমাক ৷ এই আলোচনা কালতে উত্তৰ–পূবৰ খিলঞ্জীয়াসকলৰ ভূমিৰ অধিকাৰৰ বিষয়টো কেন্দ্রীয় চৰকাৰৰ ওচৰত উত্থাপন কৰিবলৈও অনুৰোধ জনোৱা হয় ৷ মেঘালয়ৰ মুখ্যমন্ত্রীগৰাকীয়ে বিষয়সমূহ গুৰুত্বসহকাৰে গ্রহণ কৰাৰ লগতে কেন্দ্রীয় চৰকাৰৰ ওচৰত সজোৰে উত্থাপন কৰা হ’ব বুলি আশ্বাস দিয়ে ৷ এ পি ডব্লিউ প্রতিনিধি দলটোত সাধাৰণ সম্পাদক ধ্রুৱজ্যোতি তালুকদাৰ, সাংগঠনিক সম্পাদক ঘনশ্যাম কলিতা আৰু প্রচাৰ সম্পাদক ৰাজীৱ ডেকাও উপস্থিত থাকে ৷

You might also like