নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় খান্দি উলিওৱা হ’ল শিশুৰ মৃতদেহ ?

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ শনিবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত খান্দি উলিওৱা হ’ল এটি শিশুৰ মৃতদেহ । ৮ জানুৱাৰীত জন্ম হোৱা এই শিশুটিৰ মৃত্যু হৈছিল যোৱা ৪ ফেব্ৰুৱাৰী তাৰিখে । মাত্ৰ ২৭ দিনৰ পাচতেই মৃত্যু হোৱা সন্তানটোৰ বাবে পিতৃ-মাতৃয়ে ৰঙিয়াৰ স্বত্বি হাস্পতালৰ ওপৰত গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ।

ৰঙিয়াৰ স্বত্বি হাস্পতালত জন্ম হোৱা শিশুটোৰ জন্মৰ সময়তে হাস্পতাল কৰ্তৃপক্ষই কৰা গাফিলতিৰ বাবেই শিশুটোৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে পিতৃ-মাতৃয়ে । ডা০ হিতেন কলিতাৰ স্বত্বি হাস্পতালৰ ওপৰতে ভৰসা কৰি সন্তানটো প্ৰসৱ কৰিছিল যদিও অস্ত্ৰোপ্ৰচাৰৰ সময়ত শিশুটিয়ে মূৰত আঘাত পোৱা বুলি জানিবলৈ দিয়ে মাতৃয়ে । হাস্পতাল কৰ্তৃপক্ষই এই সমগ্ৰ গাফিলতিৰ পৰা হাত সাৰিবৰ বাবে শিশুটোৰ জেনেটিক ডিছঅৰ্ডাৰ হোৱা বুলিও জনাইছিল অভিভাৱক ।

এই সমগ্ৰ ঘটনাৰ পাচতেই ৪ ফেব্ৰুৱাৰী তাৰিখে শিশুটিৰ মৃত্যু হয় । শিশুটিৰ পিতৃ-মাতৃয়ে এই ঘটনাৰ বাবে স্বত্বি হাস্পতাল দায়ী বুলি অভিযোগ তুলি ৰঙিয়া আৰক্ষী থানাত ৰুজু কৰে এটা গোচৰ । এই গোচৰৰ ভিত্তিতে শনিবাৰে নৱগ্ৰহ শ্মশানৰ পৰা দণ্ডাধীশৰ উপস্থিতি শিশুটিৰ মৃতদেহ খান্দি উলিৱাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

You might also like