নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেব সম্পৰ্কীয় সংগ্ৰামৰ নামত শৃংখলা সহ্য নকৰোঁ

বৰপেটা উপায়ুক্তৰ সকীয়নী

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ নাগৰিকত্ব (সংশোধনী) বিধেয়কবিৰোধী আন্দোলনৰ নামত বৰপেটা জিলাত কোনোধৰণৰ অশান্তি বা বেআইনী কার্যকলাপ সহ্য কৰা নহ’ব বুলি জিলা উপায়ুক্ত মুনীন্দ্র শর্মাই স্পষ্ট কৰি দিছে৷ শুকুৰবাৰে জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত নাগৰিকত্ব (সংশোধনী) বিধেয়কক লৈ উদ্ভৱ হোৱা পৰিস্থিতি সন্দর্ভত আলোচনাৰ বাবে অনুষ্ঠিত সভাত সভাপতিত্ব কৰি উপায়ুক্তগৰাকীয়ে কয় যে এতিয়ালৈ বৰপেটা জিলাত ‘কেব’ সম্পর্কীয় আন্দোলনে বিশেষ সমস্যা বা অশান্তিৰ সৃষ্টি কৰা নাই৷ কিন্তু প্রশাসনে সমগ্র পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিছে৷ এনে আন্দোলনে যাতে কোনো ক্ষেত্রতে সামাজিক শান্তি–শৃংখলা ব্যাহত কৰিব নোৱাৰে, তাৰ বাবে চক্র বিষয়া আৰু থানাৰ ভাৰপ্রাপ্ত বিষয়াসকলক তেওঁ কঠোৰ নির্দেশ দিয়ে৷ সভাত জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া প্রণৱ কুমাৰ শর্মা, বজালীৰ মহকুমাধিপতি, অতিৰিক্ত উপায়ুক্তসকল, সকলো চক্র বিষয়া, জিলা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক, উপ–ধীক্ষক আৰু সকলো থানাৰ ভাৰপ্রাপ্ত বিষয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া উপস্থিত থাকে৷ ৰাজ্য চৰকাৰৰ নির্দেশ অনুসৰি যিকোনো ধৰণৰ কূটাঘাতৰ আশংকাৰ পৰিপ্রেক্ষিতত নিশাৰ ভাগত পৰাপক্ষত আন্দোলনৰ কার্যসূচী ৰূপায়ণ নোহোৱাটো নিশ্চিত কৰিবলৈ চক্র বিষয়া আৰু থানাৰ ভাৰপ্রাপ্ত বিষয়াক নির্দেশ দিয়া হয়৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শর্মাই এই কথা প্রকাশ কৰি জনাইছে যে কেবৰ সমর্থনত বা বিৰুদ্ধে যিকোনো পক্ষই সাম্প্রদায়িক বা উচটনিমূলক মন্তব্য কৰিলে, তেনে লোকৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্রহণ কৰাৰো নির্দেশ দিয়া হৈছে৷
বৰপেটা জিলাত ধর্ণা–ধর্মঘটত নিষেধাজ্ঞা
আনহাতে, বৰপেটা জিলা দণ্ডাধীশে সমগ্র জিলাখনতে কার্যকৰী হোৱাকৈ শুকুৰবাৰে ভাৰতীয় ফৌজদাৰী কার্যবিধিৰ ১৪৪ ধাৰা জাৰি কৰি প্রশাসনৰ বিনা অনুমতিত ৫জনতকৈ অধিক লোকৰ সমাগম, ধর্ণা–ধর্মঘট আৰু শোভাযাত্রা নিষিদ্ধ কৰিছে৷ জিলা দণ্ডাধীশ মুনীন্দ্র শর্মাৰ দ্বাৰা স্বাক্ষৰিত আদেশটোত বলপূর্বকভাৱে গাড়ী, ব্যৱসায়িক প্রতিষ্ঠান বা ব্যক্তিৰ পৰা চান্দা–বৰঙণি আদি সংগ্রহ কৰাটোতো বাৰণ কৰা হৈছে৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শর্মাই এই কথা প্রকাশ কৰি জনাইছে যে ভাৰতীয় ফৌজদাৰী কার্যবিধিৰ ১৪৪নং ধাৰাৰ অধীনত জাৰি কৰা নির্দেশ অনুসৰি, মাৰণাস্ত্র কঢ়িওৱা, গাড়ীত ক’লা আইনা লগোৱা, সেনা–নিৰাপত্তাৰক্ষীৰ্ পোছাক পৰিধান কৰা, অনুমতি অবিহনে মাইকৰ ব্যৱহাৰ কৰা আদি বাৰণ কৰা হৈছে৷ ৰাজ্যখনৰ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সামাজিক শান্তি–শৃংখলা বর্তাই ৰখাৰ স্বার্থতে সাময়িকভাৱে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি জনসংযোগ বিষয়াজনে জনাইছে৷

You might also like