নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ তেজপুৰত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ APDCLৰ শীৰ্ষ বিষয়া।
দিগন্ত গোস্বামী নামৰ এজন ঠিকাদাৰৰ পৰা ৮০ হাজাৰ টকা উৎকোচ লওঁতেই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে প্ৰকাশ ৰঞ্জন দত্ত নামৰ বিষয়াজনক। মিছন চাৰিআলিৰ এখন হোটেলৰ পৰা ধন লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ হয় বিষয়াজন। ছ’লাৰ মিটাৰ লগোৱাৰ বাবদ ঠিকাদাৰজনৰ পৰা দাবী কৰিছিল ৩লাখ টকা। এই ঘটনাত জিতেন কুমাৰ ঢেকিয়াল ফুকন নামৰ সহকাৰী মেনেজাৰজনো জড়িত থকাৰ অভিযোগ কৰে ঠিকাদাৰ দিগন্ত গোস্বামীয়ে।
Next Post