নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেব : স্পষ্ট বক্তব্য দিবলৈ সময় লাগিব সাহিত্য সভাক

নিয়মীয়া বাৰ্তা,৪ ডিচেম্বৰঃ দিল্লীত গৃহমন্ত্রীৰে হোৱা আলোচনাৰ পাছতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দর্ভত দোদুল্যমান স্থিতি গ্রহণ কৰিছে অসম সাহিত্য সভাই ৷ মঙলবাৰে এখন সংবাদ মেল সম্বোধন কৰি অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে কেবক লৈ আগৰ পৰিস্থিতি আৰু বর্তমানৰ পৰিস্থিতিৰ মাজত পার্থক্য আছে ৷ কাৰণ এই সময়ছোৱাত দুখনকৈ সংসদীয় সমিতি সলনি হ’ল ৷ তাৰ মাজত পঞ্চায়ত নির্বাচন আৰু লোকসভা নির্বাচন পাৰ হৈ গ’ল ৷ এই নির্বাচনত কি ঘটিল সকলোৱে দেখিলে ৷ ইফালে, সাংবাদিকৰ উপর্যুপৰি প্রশ্নৰ উত্তৰত ৰাজবংশীয়ে কেব সন্দর্ভত নৰম স্থিতি প্রকাশ কৰি এইদৰে কয় যে কেব সন্দর্ভত অসম সাহিত্য সভাই এতিয়াই প্রায়োগিক বক্তব্য প্রদান নকৰে ৷ চাৰিত্রিক দিশ বজাই ৰাখি সভাই সকলোৰে লগত কথা পাতিছে ৷ ইতিমধ্যে ৩৫টা সংগঠনৰ লগত কথা পতা হৈছে ৷ আন কেইবাটাও সংগঠনৰ লগত কথা পাতিবলৈ বাকী আছে ৷ সেয়ে কেব সন্দর্ভত স্পষ্টকৈ ক’বলৈ অধিক সময় লাগিব ৷ সাহিত্য সভাৰ সভাপতিগৰাকীয়ে আৰু কয়– ‘অসম সাহিত্য সভাই অসমৰ জাতীয় জীৱন বিনষ্ট কৰিব পৰা কোনো কাম নকৰে ৷ কেব সন্দর্ভত পূর্বতে যি বিৰোধিতা কৰিছিলোঁ, সেয়া এতিয়া অব্যাহত আছে ৷’ ইফালে, বৰাক উপত্যকাত প্রাক্তন আকছা নেতা প্রদীপ দত্ত ৰায়ে অসমত বাংলাক ৰাজ্যভাষা কৰাৰ দাবীত দ্বিতীয় ভাষা আন্দোলন আৰম্ভ কৰা হ’ব বুলি কৰা ঘোষণাৰ প্রতিক্রিয়া প্রকাশ কৰি পৰমানন্দ ৰাজবংশীয়ে কয় যে অসম সাহিত্য সভাই বৰাক আৰু ব্রহ্মপুত্র উপত্যকাৰ মাজত সমন্বয় আনিবলৈ চেষ্টা কৰি আহিছে ৷ কিন্তু প্রদীপ দত্ত ৰায়ৰ এই মন্তব্যই দুয়োটা উপত্যকাৰ ৰাইজৰ সম্পর্কত বিষবাষ্প মেলি দিছে ৷ তেওঁৰ এই মন্তব্য ধিক্কাৰজনক ৷ ইফালে, অসম সাহিত্য সভাৰ কার্যালয়ত বহি বাঙালী যৌথ সমন্বয় সমিতিৰ নেতা সুকুমাৰ বিশ্বাসে কয় যে প্রদীপ দত্ত ৰায়ৰ মন্তব্যই অসমৰ বাঙালী সমাজৰ মন্তব্য নহয় ৷ তেওঁৰ মন্তব্যই বাঙালী ৰাইজক মর্মাহত কৰিছে ৷ অসমত অসমীয়াই ৰাজ্যভাষা হৈ থাকিব ৷ সুকুমাৰ বিশ্বাসে সাহিত্য সভাৰ সভাপতিগৰাকীক কাষত লৈ পুনৰ কয়– ‘মই কেবৰ সপক্ষে আছোঁ আৰু নিজৰ স্থিতিত অটল আছোঁ ৷’

You might also like