নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণ বিদ্রোহত আহতৰ খবৰ ল’লে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা গণ আন্দোলনত অংশগ্ৰহণ কৰি আহত হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল’লে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

শনিবাৰে দিনৰ ভাগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে প্রতিগৰাকী আহতৰ স্বাস্থ্য আৰু চিকিৎসাৰ বুজ লয় ৷

মন্ত্রী ড০ শর্মাই চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে হাস্পতাল কর্তৃপক্ষক প্রতিগৰাকী আহতৰ চিকিৎসাৰ ভালদৰে যত্ন লোৱাৰ লগতে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ নির্দেশ দিয়ে ।

স্মর্তব্য যে গণ আন্দোলনত অংশগ্রহণ কৰি আহত হোৱাসকলৰ ভিতৰত বর্তমান ১৪জন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

You might also like