নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাহৰি, মুর্গী ফার্মেৰে স্বাৱলম্বিতাৰ প্রয়াসঃ ৰহাৰ দম্পতীৰ অর্থনৈতিক বিপ্লৱ

নগাঁও জিলাৰ ৰহা নগৰৰ এটা দম্পতীৰ কাহিনী ৷ এই দম্পতীটো বর্তমান সময়ত সকলো নিবনুৱা যুৱক–যুৱতীৰ বাবে হৈ পৰিছে এক উৎকৃষ্ট আদর্শ৷ কাৰণ দম্পতীটোৱে গঢ়িছে এক অর্থনৈতিক বিপ্লৱ৷ যিটো সময়ত ৰাজ্যৰ একাংশ শিক্ষিত নিবনুৱা যুৱক–যুৱতীয়ে চৰকাৰী চাকৰি বিচাৰি গাঁঠিৰ ধন ভাঙি ফুৰিছে, যিটো সময়ত স্বাৱলম্বী হ’বলৈ বহু যুৱক–যুৱতীয়ে চৰকাৰী সাহায্য, বেংকৰ পৰা ঋণ লাভৰ বাবে কার্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে, তেনে সময়তে ৰহাৰ এটা দম্পতীয়ে চৰকাৰী সাহায্য অবিহনে স্বাৱলম্বী হৈ সকলোৰে বাবে আদর্শৰ প্রতীক হৈ পৰিছে৷ দম্পতীটোৰ নাম ক্রমে আনন্দ পাতৰ (৪৫) আৰু সুনীতা পাতৰ (৩৮)৷ ৰহা নগৰৰ সাত নং ৱার্ডৰ খাইগডৰৰ দম্পতীটোৱে শেহতীয়াকৈ নিজা বাসভৱনতে গাহৰি, মুর্গী আৰু বতা চৰাইৰ ফার্ম গঢ়ি নিজকে স্বাৱলম্বী কৰি তুলিছে৷ উল্লেখ্য যে আনন্দ পাতৰ আৰু তেওঁৰ পত্নী সুনীতা পাতৰে বিগত ২০০৩ চনত ধনৰ অভাৱৰ বাবে লোকৰ পৰা আধি–চুক্তি অনুযায়ী দুটা গাহৰি পোৱালি নি পোহপাল কৰিছিল৷ অতি কষ্টেৰে যতন লৈ দুয়োটা পোৱালি ডাঙৰ কৰি আঠ মাহৰ পাছত বিক্রী কৰি পাইছিল মাত্র চাৰি হাজাৰ টকা৷ সেই চাৰি হাজাৰ টকাকে মূলধন হিচাপে লৈ, পাছৰ বছৰ দুজনী মাইকী আৰু এটা মতা গাহৰি পোৱালি বজাৰৰ পৰা ক্রয় কৰি আৰম্ভ কৰিছিল এখন ক্ষুদ্র গাহৰি ফার্ম৷ এই ফার্মখনতে এটা বছৰৰ পাছত দুজনী মাইকী গাহৰিৰ পৰা পোৱা পোৱালি বিক্রী কৰি উপার্জন কৰে কিছুপৰিমাণৰ ধন৷ উক্ত ধনখিনিৰে নিজৰ পৰিয়ালক ভৰণ–পোষণ কৰি পুনৰ ফার্মখনলৈ আনিলে আৰু দুটা গাহৰি৷ এনেদৰে এটি, দুটিকৈ বৃদ্ধি কৰি বর্তমান সময়ত বিশটা গাহৰিৰে এখন গাহৰি ফার্মৰ গৰাকী হৈছে আনন্দ পাতৰ৷ নির্দিষ্ট সময়ত খাদ্য–পাতি যোগান ধৰাৰ লগতে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰি দম্পতীটোৱে নিজে চিকিৎসা আদিও কৰে৷ অতি যতনেৰে গাহৰি ফার্মখন চলাই থাকি বছৰি প্রায় লক্ষাধিক টকা উপার্জন কৰিছে তেওঁলোকে৷ তদুপৰি ইয়াৰ লগতে শেহতীয়াকৈ নতুনকৈ আৰম্ভ কৰিছে এখন উন্নত প্রজাতিৰ মুর্গী ফার্ম৷ বাংগালুৰুৰ ‘ৰিম্ব’ ৰষ্টাৰ’ নামৰ এবিধ উন্নত প্রজাতিৰ মুর্গীৰ পোৱালি পোহপালন কৰি প্রতিটো মুর্গীৰ পৰা তিনি–চাৰি কেজি পর্যন্ত মাংস উৎপাদন কৰিছে৷ কেৱল সেয়াই নহয়, উন্নত প্রজাতিৰ মুর্গী চৰাইবিধৰ অধিক উৎপাদনৰ বাবে নিজ ঘৰতে স্থাপন কৰিছে পোৱালি উৎপাদন কৰা যন্ত্র৷ ইয়াৰ লগতে ঘৰতে স্থাপন কৰিছে বতা চৰাইৰ এখন ফার্ম৷ চৰাইৰ লগতে বতা চৰাইৰ কণীব্যৱসায় চলাইছে আনন্দ পাতৰৰ দম্পতীয়ে৷ উল্লেখ্য যে বর্তমান সময়লৈ কোনো চৰকাৰী সাহায্য অবিহনে আনন্দ পাতৰৰ দম্পতীয়ে বছৰ বছৰ ধৰি অতি কষ্টেৰে নিজা গাঁঠিৰ ধন ভাঙি স্থাপন কৰিছে তিনিখনকৈ ফার্ম৷ তদুপৰি অতি পৰিতাপৰ বিষয় যে গাহৰি ফার্মখন অধিক উন্নত কৰিবলৈ ৰহাৰ স্থানীয় এটা বেংকত আবেদন কৰিছিল যদিও আঠমাহ উকলি যোৱাৰ পাছতো লাভ নকৰিলে বেংকৰ ঋণ৷ যিয়ে নহওক, দম্পতী আনন্দ পাতৰৰ এনে আত্মনির্ভৰশীল প্রচেষ্টা সকলো নিবনুৱা যুৱক–যুৱতীৰ বাবে এক আদর্শৰ প্রতীক হৈ পৰিছে ৷

  • ভৱজ্যোতি ডেকা, ৰহা
    ফোনঃ ৭০০২৫–৬০৭৯২
You might also like