নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইৱানৰ ৰাষ্ট্রদূত অসম সন্তান গৌৰাংগলাল দাস

নিয়মীয়া বার্তা, ১৩ জুলাইঃ চীন–ভাৰতৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে টাইৱানৰ নতুন ৰাষ্ট্রদূত হিচাপে নিযুক্তি দিয়া হৈছে অসম সন্তান গৌৰাংগলাল দাসক৷ সম্প্রতি ভাৰতৰ বৈদেশিক মন্ত্রালয়ৰ যুটীয়া সচিব (আমেৰিকান) হিচাপে কর্মৰত দাসে শীঘ্রে টাইৱানত নতুন দায়িত্বত যোগদান কৰিব৷

উল্লেখ্য যে চৰকাৰে শেহতীয়াকৈ নতুন দিল্লী আৰু টাইপেইৰ মাজৰ সম্পর্ক উন্নীত কৰিবলৈ বিশেষ কূটনৈতিক পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰে অংশ হিচাপে গৌৰাংগলাল দাসক ৰাষ্ট্রদূত হিচাপে প্রেৰণ কৰা হৈছে৷ বর্তমানলৈকে ভাৰত আৰু টাইৱানৰ মাজত কোনোধৰণৰ দ্বিপাক্ষিক বুজাবুজি নাই৷ ‘এক চীন’ ধাৰণাৰ প্রতি সমর্থন আগবঢ়াই ভাৰতে টাইৱানৰ লগত কূটনৈতিক সম্পর্ক স্থাপনৰ পৰা বিৰত আছিল৷ কিন্তু চীনে ভাৰত সীমান্তত আৰম্ভ কৰা আগ্রাসনৰ পাছত ভাৰতেও নিজৰ মনোভাব সলনি কৰিবলৈ বাধ্য হ’ল৷ এনে পৰিস্থিতিৰ মাজত ভাৰতে গৌৰাংগলাল দাসক টাইৱানৰ ৰাষ্ট্রদূত হিচাপে নিযুক্তি দিয়া বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে৷

উল্লেখ্য যে সত্রনগৰী বৰপেটাৰ সন্তান তথা ১৯৯৯ চনৰ ভাৰতৰ বৈদেশিক সেৱাৰ বিষয়া গৌৰাংগলাল দাসে ১৯৯১ চনত বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্রথম স্থান দখল কৰিছিল৷ ইয়াৰ পাছত কটন মহাবিদ্যালয়ৰ পৰা ১৯৯৩ চনত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিছিল৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঋজু ভাৰতী বিষয়ৰ পৰীক্ষা চলি থকাৰ দিনাই তেওঁৰ পিতৃ বিয়োগ হৈছিল৷ কিন্তু পিতৃ বিয়োগৰ পাছতো বিচলিত নহৈ গৌৰাংগলাল দাসে বাকী আটাইকেইটা বিষয়ৰ পৰীক্ষা দি ৰাজ্যখনৰ ভিতৰতে প্রথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ কটন মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰাৰ পাছত তেওঁ দিল্লীৰ চেইণ্ট ষ্টিফেন কলেজৰ পৰা অর্থনীতি বিজ্ঞানক গুৰু বিষয় হিচাপে লৈ স্নাতক ডিগ্রী লাভ কৰে৷

দিল্লীতে অধ্যয়ন কৰি দিল্লীৰ স্কুল অৱ ইকনমিকছ্ কলেজৰ পৰা ১৯৯৬ চনত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে ৷ ১৯৯৯ চনত তেওঁ ইউনিয়ন পাব্লিক ছার্ভিচ কমিছনৰ দ্বাৰা পৰিচালিত প্রতিযোগিতামূলক পৰীক্ষাত অৱতীর্ণ হৈ ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে৷ বৈদেশিক সেৱাৰ বিভিন্ন পদত প্রথমে চীনত দুবাৰ আৰু আমেৰিকাত তিনিবাৰ কার্যনির্বাহ কৰাৰ পাছত শেহতীয়াভাৱে বৈদেশিক সেৱাৰ যুটীয়া সচিব (আমেৰিকান) হিচাপে নতুন দিল্লীত কার্যনির্বাহ কৰি আছিল৷ কিছু বছৰ পূর্বে কিউবাৰ ৰাষ্ট্রদূত হিচাপে সুযোগ পাইছিল যদিও সেই সুযোগ গ্রহণ নকৰা গৌৰাংগলাল দাসে এইবাৰ টাইৱানৰ ৰাষ্ট্রদূত হিচাপে নিযুক্তি লাভ কৰিছে৷ গৌৰাংগলাল দাসৰ বৈদেশিক পর্যায়ৰ সর্বোচ্চ পদ লাভ কৰাৰ পাছত বৰপেটা চহৰৰ মেটুৱাকুছিৰ বাসগৃহত গৌৰাংগৰ মাতৃৰ প্রতিক্রিয়া জানিব বিচৰাত মাতৃ মাখন দাসে কয়– ‘পৰহি নিশা মোক ফোন কৰি ৰাষ্ট্রদূত হিচাপে নিযুক্তি পোৱা বুলি কৈছিল৷ মই কৈছিলোঁ বৰপেটাৰ বাবে তই কি কৰিছ৷ সি উত্তৰ দিছিল– মই দেশৰ কাম কৰি আছেছা৷’ পুত্রৰ সাফল্যত উৎফুল্ল মাতৃয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে ৰাইজৰ ভালেই তেওঁলোকৰো ভাল৷ উল্লেখ্য যে বিগত তিনি বছৰে বৰপেটাৰ ঘৰলৈ অহা নাই গৌৰাংগলাল দাস ৷ টাইৱানৰ ৰাষ্ট্রদূত হিচাপে নিযুক্তি পোৱা গৌৰাংগলাল দাসে কাইলৈ টাইৱানলৈ যাত্রা কৰিব৷ উচ্চ ডিগ্রীধাৰী হৈও কোনোধৰণৰ অহংভাব নথকা গৌৰাংগলাল দাসে তদানীন্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ সৈতেও কাম কৰি প্রশংসিত হৈছিল৷ ৰাষ্ট্রদূতৰ দৰে অতি সন্মানীয় পদত নিযুক্তিৰ বাবেই যথেষ্ট গর্ব অনুভৱ কৰিছে বৰপেটাৰ লগতে সমগ্র বৰপেটা জিলাবাসীয়ে৷ গৌৰাংগলাল দাসৰ পত্নী হর্ষা দাস ভাৰতীয় ৰে’লৱে সেৱাৰ বিষয়া৷ ঝাৰখণ্ডৰ জীয়ৰী হর্ষা দাস৷ সম্প্রতি দিল্লীত বিত্ত মন্ত্রালয়ৰ বিষয়া হিচাপে কর্মৰত৷ গৌৰাংগলাল দাসৰ পুত্র দশম শ্রেণীত আৰু কন্যা পঞ্চম শ্রেণীত দিল্লীত অধ্যয়নৰত৷

ইপিনে গৌৰাংগলাল দাসৰ ককায়েক আই আই টিৰ অভিযন্তা হেমাংগলাল দাসে সম্প্রতি কেলিফর্নিয়াত ফেচবুকৰ প্রধান কার্যালয়ত অভিযন্তা হিচাপে কাম কৰি আছে৷ককায়েকেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান পাবলৈ সক্ষম হৈছিল৷ গৌৰাংগলাল দাসৰ এনে সাফল্যৰ বাবে বৰপেটাৰ মেটুৱাকুছিৰ বাসগৃহত থকা মাতৃক অজস্রজনে টেলিফোনেৰে শুভেচ্ছা জ্ঞাপন কৰিছে৷

You might also like