নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশুপালন বিভাগত অচলাৱস্থাঃ সঞ্চালক–অতিৰিক্ত সঞ্চালক–যুটীয়া সঞ্চালককে ধৰি ১৭৬ পদ খালী

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ কিছুমান নতুন আঁচনি ৰূপায়ণ কৰি ৰাজ্যৰ পশুপালন আৰু চিকিৎসা বিভাগক অধিক সক্রিয় আৰু গতিশীল কৰিবলৈ মন্ত্রী অতুল বৰাই পদক্ষেপ গ্রহণ কৰিছে যদিও বিভাগটোৰ বহুসংখ্যক বিষয়াই নিয়ম মতে পদোন্নতি নোপোৱাকৈ বছৰৰ পাছত বছৰ ধৰি একেটা পদতে কার্যনির্বাহ কৰি থাকিবলগীয়া হৈছে ৷ ফলত পদোন্নতি লাভৰ পৰা বঞ্চিত বিষয়াসকলে একেটা পদতে অনিচ্ছা সত্ত্বেও কাম কৰি যাব লগা হৈছে ৷ পশুপালন বিভাগৰ এক সূত্রই জনোৱা মতে, বিভাগটোত বর্তমান পশু চিকিৎসকৰ পৰা মহকুমা পশু চিকিৎসা বিষয়ালৈ মুঠ ৭২টা পদৰ পদোন্নতি হোৱা নাই ৷ আনহাতে, মহকুমা পশু চিকিৎসা বিষয়াৰ পৰা সহকাৰী সঞ্চালক পর্যায়ৰ মুঠ ৩৫টা পদৰ পদোন্নতি হোৱা নাই ৷ ফলত বিভিগটোৰ কাম–কাজত একপ্রকাৰ অচলাৱস্থা সৃষ্টি হৈছে৷ সূত্রটোৰ মতে, চৰকাৰী সেৱাবিধি অনুসৰি পশু চিকিৎসক আৰু মহকুমা পশু চিকিৎসা বিষয়াসকলৰ ১৫ বছৰৰ ভিতৰত পদোন্নতি হ’ব লাগে ৷ কিন্তু ৭২গৰাকী পশু চিকিৎসক আৰু মহকুমা বিষয়াই ২৮ বছৰৰ অধিককাল কার্যনির্বাহ কৰি আছে৷ সেইদৰে সহকাৰী সঞ্চালকসকলেও ৩ বছৰৰ ভিতৰত পদোন্নতি পাব লাগে যদিও এই বিষয়াসকলে ৮ৰ পৰা ১০ বছৰ ধৰি একেটা পদতে কার্যনির্বাহ কৰি থাকিব লগা হৈছে ৷

এই বিভাগত ২৮ৰ পৰা ৩২ বছৰপর্যন্ত পশু চিকিৎসক হিচাপে কার্যনির্বাহ কৰাৰ পাছতহে প্রথম পদোন্নতি পাবলৈ সক্ষম হয়৷ ফলত এটা পদোন্নতিৰ পাছতে প্রায়বোৰ বিষয়াই অৱসৰ গ্রহণ কৰিব লগা হয়৷ সূত্রটোৰ মতে, লেহেমীয়া পদোন্নতি প্রক্রিয়াৰ বাবে পশুপালন বিভাগত সঞ্চালকৰ ১টা, অতিৰিক্ত সঞ্চালকৰ ৫টা, যুটীয়া সঞ্চালকৰ ৫টা, উপ–সঞ্চালকৰ ৪৬টা, সহকাৰী সঞ্চালকৰ ৩৭টা, মহকুমা পর্যায়ৰ বিষয়াৰ ৩৫টা আৰু ৪৭টা পশু চিকিৎসকৰ পদকে ধৰি মুঠ ১৭৬টা পদ দীর্ঘদিন ধৰি খালী হৈ আছে৷ এই পদসমূহৰ ভিতৰত সহকাৰী সঞ্চালক আৰু মহকুমা পর্যায়ৰ বিষয়াৰ পদসমূহ পূৰণ কৰিবলৈ বিভাগীয় মন্ত্রী অতুল বৰাৰ তৎপৰতাত তথা বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথনৰ উদ্যোগত যোৱা ৪ ফেব্রুৱাৰীত বাছনি সমিতিৰ এখন সভা আহ্বান কৰা হৈছিল৷ কিন্তু অসম পশুপালন আৰু চিকিৎসা তথা দুগ্ধ সেৱাবিধি ১৯৮৮ৰ বিধি ১৪(২) মতে বাছনি সমিতিৰ অধ্যক্ষৰ দায়িত্বত থকা কৃষি উৎপাদনৰ আয়ুক্ত ৰাজেশ প্রসাদে সেৱাবিধি উলংঘা কৰি পদোন্নতি বাছনি প্রক্রিয়া স্থগিত ৰাখে৷ সূত্রটোৰ মতে, ১৯৮৮ চনৰ কেবিনেটে অনুমোদন জনোৱা এই সেৱাবিধি মতে, কেইবাগৰাকী কৃষি উৎপাদন আয়ুক্তই বাছনি সমিতিৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়াই গৈছে৷ কিন্তু উক্ত সেৱাবিধিখন ভুল বুলি অধ্যক্ষ ৰাজেশ প্রসাদে পদোন্নতি বাছনি সমিতিখনৰ অধ্যক্ষতা নকৰে বুলি জনাই দি ৰহস্যজনকভাৱে বাছনি প্রক্রিয়া স্থগিত ৰাখে৷ এইগৰাকী বিষয়াই অসম পশুধন উন্নয়ন অভিকৰণৰ অধ্যক্ষ হৈ কেন্দ্রীয় চৰকাৰৰ আঁচনিৰ ধনেৰে নিগমৰ নামত ৩০ লাখটকীয়া বিলাসী ফৰচুনাৰ গাড়ী ক্রয় কৰি নিজে ব্যৱহাৰ কৰি আছে৷ তদুপৰি পশুধন অভিকৰণৰ পৰা ভ্রমণ বানচকে ধৰি সকলো চৰকাৰী সা–সুবিধা আদায় কৰি আছে৷ সূত্রটোৰ মতে, ২০সংখ্যক পশুধন পিয়লৰ বাবে কেন্দ্রীয় চৰকাৰে গণনাকাৰীসকলৰ বাবে আবণ্টন দিয়া কম্পিউটাৰ, টেবলেট কেৱল কমিছনৰ অংক নিমিলাৰ বাবে ক্রয় কৰিব নিদিলে৷ যাৰ বাবে গণনাকাৰীসকলে নিজৰ ম’বাইল ফোনেৰে বহু কষ্ট কৰি এই পিয়ল সমাপন কৰে৷ এইগৰাকী বিষয়াৰ ৰহস্যজনক ভূমিকাৰ বাবে বাছনি সমিতিৰ সভা অনুষ্ঠিত নোহোৱাত ৩২ বছৰ ধৰি কার্যনির্বাহ কৰি থকা বিষয়াসকলৰ কেতিয়া পদোন্নতি হ’ব সেয়া অনিশ্চিত হৈ পৰিল ৷

You might also like