নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিট্ছৰ ক’ভাৰিঙক লৈ দেশজুৰি চৰ্চা ! পিচে অসম ক্ৰিকেট সন্থাৰ সম্পাদকে ক’লে এনেদৰে…

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ বছৰটোৰ ক্ৰিকেট কেলেণ্ডাৰৰ আশাপ্ৰদ আৰম্ভণি নহ’ল কোহলি নেতৃত্বাধীন ভাৰতীয় দলৰ । বৰ্ষাপাৰাত দেওবাৰে অনুষ্ঠিত ভাৰত-শ্ৰীলংকাৰ মাজৰ টি-২০ খেলখন বৰষুণৰ ফলত ক’ভাৰৰ মাজেৰে পানী সৰকি পিট্ছৰ কেইবাটাও অংশ সেমেকি যোৱাৰ বাবে বাতিল কৰিবলগীয়া হয় । যাৰ বাবে দৰ্শকে চৰম হতাশাৰ মাজেৰে ষ্টেডিয়াম এৰিবলগীয়া হয় ।

ইপিনে ষ্টেডিয়ামত উপস্থিত থকা প্ৰাক্তন ক্ৰিকেটাৰ আৰু টেলিভিচনৰ ধাৰাভাষ্যকাৰসকলে পিট্ছৰ ক’ভাৰিঙক লৈ সমালোচনাত সৰৱ হৈ পৰে ।

ইয়াৰ বিপৰীতে অসম ক্ৰিকেট সন্থাৰ সম্পাদক সম্পাদক দেৱজিৎ শইকীয়াই জনায় যে- পিট্ছৰ ক’ভাৰিং আৰু আউট ফিল্ডৰ চোৱাচিতা কৰাৰ বাবে বিচিচিআইয়ে সম্পূৰ্ণ দায়িত্ব লয় । গতিকে এইক্ষেত্ৰত অসম ক্ৰিকেট সন্থাৰ কৰিবলগীয়া বিশেষ একো নাই ।

তেওঁ লগতে কয় যে খেলখনৰ আগতীয়াকৈ বীমা কৰি থোৱা হৈছে আৰু যিহেতু এটা বলৰো খেল সম্ভৱ নহ’ল, সেয়ে প্ৰতিজন দৰ্শকে ইণ্টাৰনেটযোগে ক্ৰয় কৰা টিকটৰ মূল্য নিজৰ নিজৰ বেংক একাউণ্টত ঘূৰাই পাব ।

You might also like