নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশৰ মাটিত শৈক্ষিক বিপ্লৱৰ সূচনা কৰা পাঠশালাৰ ড০ ভাস্কৰ চৌধুৰী

আমাৰ জীৱনত অংকৰ হিচাপ এটা বৰ গুৰুত্বপূর্ণ বিষয় ৷ পাঠ্যগত শিক্ষাৰ উপৰি দৈনন্দিন ব্যৱহাৰিক জীৱনতো অংকৰ প্রভাৱ অপৰিসীম ৷ কিন্তু এই অংকক লৈ বহু লোকে শংকাত ভোগে ৷ বহু ছাত্র–ছাত্রীৰে অংকশাস্ত্রৰ নাম শুনিলেই জ্বৰ উঠে ৷ এনে এটা গুৰুত্বপূর্ণ কিন্তু বহু ছাত্র–ছাত্রীক ভীতিগ্রস্ত কৰা বিষয়কে সহজসাধ্য কৰি জনপ্রিয় আৰু আকর্ষণীয় কৰাত বিশেষভাৱে মনোনিৱেশ কৰি আমেৰিকাত জনপ্রিয় হৈ পৰিছে এগৰাকী অসম সন্তান ৷ নাম তেওঁৰ ড০ ভাস্কৰ চৌধুৰী ৷ অসমৰ শিক্ষানগৰী হিচাপে পৰিচিত পাঠশালাৰ সন্তান জ্যেষ্ঠ বিজ্ঞানী তথা গণিতজ্ঞ ড০ ভাস্কৰ চৌধুৰীয়ে অংক শাস্ত্রত এক বৈপ্লৱিক পৰিৱর্তনেৰে সুদূৰ আমেৰিকাৰ শিক্ষা ব্যৱস্থাত এক নৱজাগৰণৰ সূচনা কৰি গৌৰৱান্বিত কৰিবলৈ সক্ষম হৈছে অসমবাসীক ৷ উল্লেখ্য যে বজালী মহকুমা সদৰ পাঠশালা নিৱাসী এসময়ৰ অতি মেধাসম্পন্ন ছাত্র ভাস্কৰ চৌধুৰীয়ে পাঠশালাৰ দৰে গ্রাম্য অঞ্চলত শিক্ষা জীৱন আৰম্ভ কৰি সুদূৰ আমেৰিকাত সৃষ্টি কৰিছে শিক্ষাৰ এক নতুন বিপ্লৱ ৷ এইজন অসম সন্তান তথা আমেৰিকাৰ প্রবাসী অসমীয়া ড০ ভাস্কৰ চৌধুৰীয়ে বিশেষ কৌশল আৱিষ্কাৰ কৰি সমগ্র আমেৰিকাৰ ছাত্র–ছাত্রীসকলক একলগ কৰি অংক শাস্ত্র বিষয়ত সৃষ্টি কৰিছে নতুন শিক্ষা পদ্ধতি ৷ আমেৰিকাৰ উপৰি অষ্ট্ৰেলিয়া, কানাডা, ইজৰাইল, নিউজিলেণ্ড আদি দেশসমূহত ভাস্কৰ চৌধুৰীৰ শিক্ষা পদ্ধতিৰ জৰিয়তে উপকৃত হৈছে হাজাৰ হাজাৰ ছাত্র–ছাত্রী ৷ অভিনৱ পদ্ধতি আৱিষ্কাৰ কৰি একেলগে শিক্ষাদান আৰম্ভ কৰি বজালী সন্তানগৰাকীয়ে আমেৰিকাৰ শিক্ষা ব্যৱস্থাত এক বৈপ্লৱিক সংস্কাৰ সাধন কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ স্মর্তব্য যে চৌধুৰীয়ে ১৯৯০ চনত পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰি পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞানত ক্রমে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা সমাপ্ত কৰি ১৯৯৯ চনত আমেৰিকালৈ ঢাপলি মেলে ৷ ২০০০ চনৰ পৰা আমেৰিকাৰ ‘ইনটেল’ত জ্যেষ্ঠ বিজ্ঞানী ৰূপে দহ বছৰ কাম কৰাৰ পিছত আমেৰিকান শিক্ষা ব্যৱস্থাত বৈপ্লৱিক পৰিৱর্তন আনিবলৈ প্রয়াস কৰিছে৷ সম্প্রতিআমেৰিকাৰ প’টলেণ্ডৰ প্রযুক্তিবিদ্যাৰ প্রতিষ্ঠান ক্রাটোৰ মুখ্য কার্যবাহী পদত কর্মৰত ৷ প্রতিগৰাকী শিক্ষাৰ্থীকে ব্যক্তিগত ভাৱে অংকৰ শিক্ষা প্রদান কৰি বিষয়টো উজু কৰি তোলাৰ সপোন দেখা এই গণিতজ্ঞগৰাকীয়ে সকলো সময়তে এই শিক্ষা প্রদানৰ বাবে বিভিন্ন ধৰণে গৱেষণা কৰি ক্রাটো ডট্ কম(cratoo.com) নামৰ ৱেবছাইটৰ জৰিয়তে প্রযুক্তিগত এক পদ্ধতিৰে একেলগে আমেৰিকাৰ পঞ্চাশখন ৰাজ্যত দুই বছৰ ধৰি আৰম্ভ কৰিছে অংক শিক্ষা ৷ বুদ্ধিমত্তা আৰু প্রযুক্তিৰ সহায়ত চৌধুৰীয়ে ক্রাটো ডট্ কমৰ জৰিয়তে প্রতিজন শিক্ষাথ্ৰ বাবে ২৪ ঘণ্টাই একোজন গণিতৰ ব্যক্তিগত শিক্ষক লাভ কৰাৰ সুযোগৰ সৃষ্টি কৰাত চৌধুৰীৰ এই শিক্ষা পদ্ধতি দিনকদিনে জনপ্রিয় হৈ পৰিছে৷ ভাৰততো এনে শিক্ষা পদ্ধতি প্রচলন কৰিবলৈ তীব্র হাবিয়াস কৰি অহা বছৰ জুলাই–আগষ্টত অসমকে ধৰি ভাৰতৰ বিভিন্ন ঠাইত এই বিশেষ শিক্ষা ব্যৱস্থা মুকলি কৰাৰ পৰিকল্পনা কৰিছে বিশিষ্ট বিজ্ঞানীগৰাকীয়ে৷ পাঠশালাৰ অৱসৰপ্রাপ্ত শিক্ষক ভৱেন চৌধুৰী আৰু ভানু চৌধুৰীৰ সন্তান ভাস্কৰ চৌধুৰীয়ে আই অ’ ডব্লিড এ বিশ্ববিদ্যালয়ৰ পৰা অর্গেনিক ছেমি কনডাক্টৰ বিষয়ত গৱেষণা কৰি ডক্তৰেট ডিগ্রী লাভ কৰি প্রচুৰ মেধাৰে ইতিমধ্যে তিনিটাকৈ ইড এছ পেটেণ্ট লাভ কৰিবলৈ সক্ষম হৈছে৷ চৌধুৰীৰ অংকশাস্ত্রৰ এই বিপ্লৱে সম্প্রতি কঢ়িয়াই আনিছে এক বিশেষ আশাৰ বার্তা ৷

  • কল্যাণ কলিতা, পাঠশালা
    ফোনঃ ৯৯৫৭৩–৪৮৬২৩
You might also like