নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমি দখলত নামিছে ৰিজার্ভ বেংকৰ কর্মচাৰীঃ উত্তপ্ত চন্দ্রপুৰ

নিয়মীয়া বাৰ্তা,১০ ডিচেম্বৰঃ সমগ্র ৰাজ্যত অব্যাহত আছে ভূ–মাফিয়াৰ দপদপনি ৷ অন্য প্রান্তৰ কথা বাদেই খোদ গুৱাহাটীৰ মাজমজিয়াতে একাংশ ভূ–মাফিয়াই ৰাজহ চক্র বিষয়া আৰু মণ্ডল–কাননগোৰ লগত মিতিৰালি কৰি বলপূর্বক আনৰ ভূমি বিক্রী কৰাত নামিছে ৷ এইবাৰ গুৱাহাটী ৰিজার্ভ বেংকৰ কর্মচাৰীও ভূমি বেদখলত নমাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ শেহতীয়াকৈ চন্দ্রপুৰ ৰাজহ চক্রৰ অন্তর্গত পাণবাৰী মৌজাৰ অধীনস্থ তাঁতিমাৰা গাঁৱৰ এডৰা ভূমি ৰিজার্ভ বেংকৰ কর্মচাৰী জয়ন্ত বসুমতাৰী আৰু ২নং চন্দ্রপুৰ গাঁৱৰ বাসিন্দা বাহাৰণ চৌধুৰীয়ে বলপূর্বক দখল কৰি আন এজন ৰিজার্ভ বেংকৰ কর্মচাৰীক বিক্রী কৰিবলৈ চেষ্টা চলোৱাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ জানিব পৰা মতে চন্দ্রপুৰ ৰাজহ চক্রৰ অন্তর্গত পাণবাৰী মৌজাৰ ১নং পট্টাৰ ফিচি গ্রাণ্টৰ ভূমিখিনিত প্রায় ৭৫/৮০ বছৰ ধৰি ৪০/৫০টা পৰিয়ালে বসতি কৰি আহিছে৷ বছৰ বছৰ ধৰি ভোগ দখল কৰি থকা পৰিয়ালসমূহে ভূমিখিনিৰ পট্টা পোৱাৰ বাবে চন্দ্রপুৰ ৰাজহ চক্র বিষয়াৰ জৰিয়তে কেইবাবাৰো আবেদন–নিবেদন কৰি আহিছে যদিও আজিলৈকে এই পৰিয়ালসমূহে পট্টা পোৱা নাই৷ ইয়াৰ বিপৰীতে এটা দালাল চক্রই ৰাজহ বিভাগৰ এচাম বিষয়া–কর্মচাৰীৰ লগত গোপন বুজাবুজি কৰি উক্ত ভূমিখিনি বলপূর্বক বেদখলৰ চেষ্টা অব্যাহত ৰাখিছে৷ আজি ভূ–মাফিয়া জনৈক কলিতাৰ নির্দেশ মর্মে গুৱাহাটী ৰিজার্ভ বেংকৰ কর্মচাৰী জয়ন্ত বসুমতাৰী আৰু বাহাৰণ চৌধুৰী নামৰ দুই মাটিৰ দালালে উক্ত ভূমিখিনিত প্রৱেশ কৰি বলপূর্বক দখল কৰি আন এজন ৰিজার্ভ বেংকৰ কর্মচাৰী উজ্জ্বল গগৈক বিক্রী কৰাৰ ষড়যন্ত্র কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশ্যে ঘটনা সন্দর্ভত স্থানীয় লোকে প্রাগজ্যোতিষপুৰ থানাত অৱগত কৰোৱাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰিজার্ভ বেংকৰ কর্মচাৰী জয়ন্ত বসুমতাৰী আৰু বাহাৰণ চৌধুৰীক আটক কৰে যদিও মূল অভিযুক্ত বকুল কলিতা সম্প্রতি পলাতক হৈ আছে৷ মন কৰিবলগীয়া যে ৰিজার্ভ বেংকৰ কর্মচাৰী তথা ভূ–মাফিয়া জয়ন্ত বসুমতাৰীয়ে ইয়াৰ পূর্বেও ২নং চন্দ্রপুৰ গাঁৱৰ এডৰা ভূমি বলপূর্বক বেদখলৰ চেষ্টা চলাইছিল ৷ উল্লেখ্য যে চন্দ্রপুৰ ৰাজহ চক্রৰ অন্তর্গত বৃহত্তৰ চন্দ্রপুৰ অঞ্চলটোত বিগত সময়ত অবাধ গতিত বৃদ্ধি পাইছে ভূ–মাফিয়াৰ দৌৰাত্ম্য৷ ইয়াৰ পিছতো যেন ভূ–মাফিয়াক নাকী লগাবলৈ জিলা প্রশাসনে কোনো ব্যৱস্থা গ্রহণ কৰা নাই ৷ প্রণিধানযোগ্য যে বৃহত্তৰ চন্দ্রপুৰ অঞ্চলটোত বছৰ বছৰ ধৰি বহু পৰিয়ালে নিজৰ দখলত থকা ভূমিখিনিৰ পট্টা পোৱাৰ বাবে আবেদন কৰিও পট্টা পাবলৈ সক্ষম হোৱা নাই৷ সেয়েহে চন্দ্রপুৰ আঞ্চলিক উন্নয়ন সমিতিয়ে ভোগ দখল কৰি থকা পৰিয়ালসমূহক শীঘ্রে পট্টা দিয়াৰ বাবে দাবী কৰিছে৷ ইপিনে ভূ–মাফিয়াই বলপূর্বক ভূমি বেদখলৰ চেষ্টা চলোৱা কার্যক চন্দ্রপুৰ আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি বিষ্ণুৰাম বড়োৱে ভূ–মাফিয়া চক্রটোৰ ওপৰত আইনী ব্যৱস্থা গ্রহণৰ দাবী তুলিছে ৷ আনহাতে, চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাই ভূ–মাফিয়া চক্রটোক শীঘ্রে উৎখাত কৰাৰ লগতে এই চক্রটোক উপযুক্ত শাস্তি বিহাৰ বাবে দাবী তুলিছে ৷

You might also like