নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মান ৰক্ষাৰ যুঁজত নামিছে বিপিএফঃ মন্ত্রী বিধায়ক ব্যস্ত সমষ্টিত

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ অহা ৪ এপ্রিলত ভোটগ্রহণ হ’বলগীয়া বিটিচি নির্বাচনত আজি মনোনয়ন দাখিলৰ অন্তিম দিন ৷ বিয়লি তিনি বজাৰ লগে লগে সামৰণি পৰিব মনোনয়ন দাখিল পর্ব ৷ মনোনয়ন দাখিলৰ অন্তিম দিনটোৰ প্রাক্ক্ষণত মঙলবাৰে বিভিন্ন পৰিষদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰাসকলৰ ভিতৰত অন্যতম হৈছে বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰী ৷ মহিলাৰীয়ে সোমবাৰে কোকৰাঝাৰ জিলাৰ দেবৰগাঁও সমষ্টিৰ প্রার্থী হিচাপে মনোনয়ন  দাখিলৰ পিছত মঙলবাৰে জিলাখনৰ গোসাঁইগাঁও মহকুমাৰ কচুগাঁও পৰিষদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে ৷ মনোনয়ন দাখিলৰ পিছত মহিলাৰীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, আসন্ন নির্বাচনত তেওঁ দুয়োটা সমষ্টিৰ পৰাই অৱতীর্ণ হোৱাৰ বাবেই মনোনয়ন দাখিল কৰিছে ৷ প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল আৰু এবছুক মূল নির্বাচনী প্রতিদ্বন্দ্বী বুলি অভিহিত কৰি মহিলাৰীয়ে আৰু কয় যে বিজেপি আৰু অগপৰ সৈতে বিপিএফৰ মিত্রতা অক্ষুণ্ণ থাকিব ৷

মহিলাৰীৰ উপৰি মঙলবাৰে বিপিএফৰ হৈ গোসাঁইগাঁও মহকুমাৰ গুমা সমষ্টিত ৰহিন্দ্র ব্রহ্ম, শ্রীৰামপুৰ সমষ্টিত আব্দুল খালেক মণ্ডল, যমদুৱাৰ সমষ্টিত ৰেওৰেৱা নার্জীহাৰী আৰু চৰাইবিল সমষ্টিত মৃত্যুঞ্জয় নার্জাৰীয়ে মনোনয়ন দাখিল কৰে ৷ ইয়াৰ বিপৰীতে ইউপিপিএলৰ তৰফৰ পৰা কচুগাঁও সমষ্টিত উকীল মুছাহাৰী, যমদুৱাৰ সমষ্টিত জিৰণ বসুমতাৰী, চৰাইবিল সমষ্টিত ছিলা বসুমতাৰী আৰু দোতমা সমষ্টিত যতিৰীন্দ্র নাথ ব্রহ্মই মনোনয়ন দাখিল কৰে ৷ একেদৰে কংগ্রেছৰ হৈ গুমা সমষ্টিত মমিনুৰ ইছলাম আৰু শ্রীৰামপুৰ সমষ্টিত সজল সিংহই মনোনয়ন দাখিল কৰে৷ কংগ্রেছৰ প্রার্থী দুগৰাকীৰ মনোনয়ন দাখিলৰ সময়ত প্রদেশ কংগ্রেছৰ উপ–সভাপতি ৰকিবুল হুছেইন আৰু সাধাৰণ সম্পাদক অপূর্ব কুমাৰ ভট্টাচার্য উপস্থিত থাকে৷ আনহাতে কোকৰাঝাৰৰ বাওখুংগ্রী সমষ্টিত ইউপিপিএলৰ প্রতিভা ব্রহ্ম, বনৰগাঁও সমষ্টিত ৰবিৰাম ব্রহ্ম, দেবৰগাঁও সমষ্টিত বুদ্ধদেৱ মুছাহাৰী আৰু চালেকাটি সমষ্টিত হিতেশ মুছাহাৰীয়ে মনোনয়ন–পত্র ৰিটার্নিং বিষয়াৰ ওচৰত দাখিল কৰে ৷ সেইদৰে জিলাখনৰ চালেকাটি সমষ্টিত নির্দলীয় প্রার্থী হিচাপে নিজম মুছাহাৰী আৰু দেবৰগাঁৱত গণ সুৰক্ষা পার্টীৰ মনোজ ৰাভাই মনোনয়ন দাখিল কৰে ৷ ইপিনে চিৰাং জিলাৰ বিজনী মহকুমাৰ চাৰিটা পৰিষদীয় সমষ্টিত আজি মুঠ ৬জন প্রার্থীয়ে মনোনয়ন দাখিল কৰে ৷ মন্ত্রী চন্দন ব্রহ্মৰ উপস্থিতিত নিচিমা সমষ্টিৰ পৰা বিপিএফৰ জেমছ বসুমতাৰীয়ে মনোনয়ন দাখিল কৰে ৷ ইয়াৰ বিপৰীতে ইউপিপিএলৰ হৈ নিচিমা সমষ্টিত নির্মল কুমাৰ ব্রহ্ম, সুভাইজাৰ সমষ্টিত গুণেশ্বৰ গয়াৰী, মানাস ছেৰফাং সমষ্টিত সুৰেশ দৈমাৰীয়ে মনোনয়ন দাখিল কৰে ৷

সেইদৰে থুৰীবাৰী সমষ্টিত চিপিআইএমৰ লংকেশ্বৰ দেবৰয় আৰু নির্দলীয় মণিয়ন মুছাহাৰীয়ে মনোনয়ন দাখিল কৰে ৷ আনহাতে চিৰাং পৰিষদীয় সমষ্টিত ইউপিপিএলৰ হৈ মাউতী ব্রহ্ম হাজোৱাৰী আৰু বিপিএফৰ হৈ ছাইখং বসুমতাৰীয়ে আজি মনোনয়ন দাখিল কৰে৷ ছাইখং বসুমতাৰীৰ মনোনয়ন দাখিলৰ সময়ত বিটিচিৰ উপ–মুখ্য কার্যবাহী খাম্ফা বৰগয়াৰীয়ে সংগ দিয়ে ৷ কাজলগাঁও পৰিষদীয় সমষ্টিৰ বাবে ইউপিপিএলৰ ৰণগৌৰা নার্জাৰী আৰু চিৰাংদুৱাৰ পৰিষদীয় সমষ্টিৰ বাবে ইউপিপিএলৰ প্রার্থী হিচাপে ৰঞ্জিত বসুমতাৰীয়ে মনোনয়ন দাখিল কৰে ৷ ইপিনে বাগ্সাৰ উপায়ুক্তৰ কার্যালয়ত মঙলবাৰে মুঠ চাৰিজন প্রার্থীয়ে মনোনয়ন দাখিল কৰে ৷ গণ সুৰক্ষা পার্টীৰ হৈ মুছলপুৰ পৰিষদীয় সমষ্টিত খনীন ডেকা, বাগানপাৰা সমষ্টিত তৃষ্ণা মেধিয়ে মনোনয়ন দাখিল কৰে ৷ আনহাতে বিপিএফৰ ফলীন্দ্র বসুমতাৰী আৰু ইউপিপিএলৰ কাতিৰাম বড়োৱেও মনোনয়ন দাখিল কৰে ৷ সেইদৰে মন্ত্রী প্রমীলাৰাণী ব্রহ্মক লগত লৈ বাগ্সাৰ শালবাৰীৰ মহকুমাধিপতিৰ কার্যালয়ত বিপিএফৰ দুই প্রার্থী ক্রমে শালবাৰী সমষ্টিৰ জয় মুছাহাৰী আৰু মথনগুৰি সমষ্টিৰ বেগম আখতাৰা আহমেদে মনোনয়ন দাখিল কৰে৷ মথনগুৰি সমষ্টিৰ দুই নির্দলীয় প্রার্থী মাখন স্বর্গীয়াৰী আৰু গাজিবৰ ৰহমানেও আজি মনোনয়ন দাখিল কৰে৷ ইফালে তামুলপুৰৰ মহকুমাধিপতিৰ কার্যালয়ত বিপিএফৰ ছেৰফাং সমষ্টিৰ প্রার্থী গণেশ কছাৰী, গয়বাৰী সমষ্টিৰ প্রার্থী চণ্ডী বসুমতাৰী, গোৰেশ্বৰ সমষ্টিৰ প্রার্থী মহেশ্বৰ বসুমতাৰীয়ে মনোনয়ন দাখিল কৰে৷ নাগ্রীজুলি সমষ্টিত নির্দলীয় আলাউদ্দিন আহমেদে মনোনয়ন দাখিল কৰে৷ গণ সুৰক্ষা পার্টীৰ হৈ গয়বাৰী সমষ্টিৰ দিলীপ শৰণীয়া, শুক্লাই ছেৰফাং সমষ্টিত মুনীন্দ্র ডেকাই মনোনয়ন দাখিল কৰে ৷ ইউপিপিএলৰ হৈ শুক্লাই ছেৰফাং সমষ্টিত প্রদীপ নার্জাৰীয়ে মনোনয়ন দাখিল কৰে৷ গোৰেশ্বৰ সমষ্টিত নির্দলীয় প্রার্থী সুৰেশ চন্দ্র বড়োৱে মনোনয়ন দাখিল কৰে ৷

ইপিনে পর্বতঝোৰাৰ মহকুমাধিপতিৰ কার্যালয়ত পর্বতঝোৰা সমষ্টিৰ বিপিএফৰ প্রার্থী তথা বিটিচিপ্রধান হাগ্রামা মহিলাৰীৰ খুলশালী মুনমুন ব্রহ্মই মনোনয়ন দাখিল কৰে৷ সেইদৰে ওদালগুৰি জিলাৰ ধনশ্রী সমষ্টিত বিপিএফৰ প্রার্থী ফ্রেচ মোছাহাৰী ওৰফে ফৈলাৰে মনোনয়ন দাখিল কৰে৷ সেইদৰে ওদালগুৰি জিলাৰ হৰিশিঙা সমষ্টিত বিপিএফৰ ত্রিদীপ দৈমাৰী, ভৈৰৱকুণ্ড সমষ্টিত বিপিএফৰ ৰিপেন দৈমাৰী, কংগ্রেছৰ প্রদীপ কুমাৰ দৈমাৰী, পাঁচনৈ সমষ্টিত বিপিএফৰ শ্যাম চুণ্ডী, কংগ্রেছৰ নৱ কুর্মী, নির্দলীয় ৰবীন মাঝি, ৰৌতা সমষ্টিত বিপিএফৰ খগেন মোছাহাৰী, কংগ্রেছৰ প্রেমানন্দ ব্রহ্ম, গণ সুৰক্ষা পার্টীৰ বিজুশংকৰ ৰাভাই মনোনয়ন দাখিল কৰে৷ মন্ত্রী ৰিহণ দৈমাৰীৰ উপস্থিতিত বিপিএফৰ প্রার্থীকেইজনে মনোনয়ন–পত্র দাখিল কৰে৷ মন কৰিবলগীয়া এয়ে যে এইবাৰৰ বিটিচি নির্বাচন বিপিএফৰ বাবে সন্মানৰ বিষয় হৈ পৰিছে৷ বিশেষকৈ ইউপিপিএল, গণ সুৰক্ষা পার্টীয়ে এইবাৰ বিটিচি নির্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক উৎখাতৰ হুংকাৰ দিয়াৰ পৰিপ্রেক্ষিতত ইতিমধ্যে বিপিএফৰ মন্ত্রী, সাংসদ, বিধায়কসকল নির্বাচনী প্রচাৰত উবুৰি খাই পৰিছে৷ আজি মনোনয়ন দাখিলৰ দিনটোতো দেখা গে’ল সেই পৰিৱেশ৷ মন্ত্রী চন্দন ব্রহ্ম আজিৰ দিনটোত চিৰাং জিলাৰ বিজনী মহকুমাত, মন্ত্রী প্রমীলাৰাণী ব্রহ্মই বাগ্সা জিলাত আৰু মন্ত্রী ৰিহণ দৈমাৰীয়ে ওদালগুৰি জিলাত দলীয় প্রার্থীসকলৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে৷ তদুপৰি বিধায়ক মাজেন্দ্র নার্জাৰী, ৰবিৰাম নার্জাৰীয়ে কোকৰাঝাৰ জিলাত, বিধায়ক কমলছিং নার্জাৰীয়ে চিৰাং জিলাত, বিধায়ক ইমানুৱেল মুছাহাৰী, মনেশ্বৰ ব্রহ্ম, থানেশ্বৰ বসুমতাৰীয়ে বাগ্সা জিলাত, বিধায়ক কমলী বসুমতাৰী, মহেশ্বৰ বড়ো আৰু চৰণ বড়োৱে ওদালগুৰি জিলাত দলৰ নির্দেশক্রমে দলীয় প্রচাৰ কার্য তীব্রতৰ কৰি তুলিছে৷ দলৰ একমাত্র সাংসদ বিশ্বজিৎ দৈমাৰীয়েও বিটিএডি অঞ্চলত নির্বাচনী প্রচাৰ কার্য পূর্ণগতিত অব্যাহত ৰাখিছে৷

You might also like