নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাত এৰি ১০০ কিঃমিঃ চাইকেল চলাই ৰেকৰ্ডৰ লক্ষ্য লেখাপানীৰ ভূপেন লিকচনৰ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ : তিনিচুকীয়াৰ লেখাপানী থানাৰ অন্তৰ্গত এখন অখ্যাত গাওঁ খৰাংকং। উক্ত গাওঁখনৰ এক দুৰ্গম অঞ্চলৰ পৰা চাইকেল চলাই গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভূক্ত কৰি বিশ্ব জয়ৰ সপোন ৰচিছে ৫৮ বছৰীয়া ভূপেন লিকচন নামৰ এজন ব্যক্তিয়ে। সৰুৰে পৰাই চাইকেল চলাই ভালপোৱা ভূপেন লিকচনে বৰ্তমানেও নিজৰ চাইকেল খনকেই একমাত্ৰ সাৰথি কৰি অসমৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰি আহিছে। অৱশ্যে ভূপেন লিকচনে চাইকেল চলাই ভালপোৱাৰ উপৰিও ইয়াৰ অন্তৰালত চাইকেল চলোৱাটো তেওঁৰ বাবে এক বাধ্যতা মূলক দায়িত্ব হিচাপেও পৰিগণিত হৈ আহিছে। কিয়নো লিকচন যিখন গাঁৱত বাস কৰে সেই গাঁওখনৰ যোগাযোগ ব্যৱস্থা সূচল নোহোৱাত সৰুৰে পৰাই পৰিয়ালটোৰ বাবে প্ৰয়োজনীয় সকলো সা সুবিধাৰ বাবে বহুযোজন পথ চাইকেলেৰে অহা যোৱা কৰিব লগা হৈছিল । তেতিয়াৰে পৰা লিকচনে পৰিস্থিতিত পৰি চাইকেল চলাই পৰৱৰ্তী সময়ত চাইকেল চলোৱাটো তেওঁৰ এক হাবিয়াস ৰূপে চিহ্নিত হয়। চাইকেল খনকেই সাৰথি হিচাপে বাছি লোৱা ভূপেন লিকচনে ইতিমধ্যে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠান প্ৰতিষ্ঠান,দল সংগঠনৰ দ্বাৰা পুৰস্কৃত তথা প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ উপৰিও ২০১৩ চনত লিমকা বুক অফ ৰেকৰ্ডছ আৰু ২০১৫ চনত এছিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভূক্ত কৰি অসমৰ বাবে সুনাম অৰ্জন কৰে। কিন্তু দূৰ্ভাগ্যজনক কথাটো হৈছে যে অসম অৰুণাচল প্ৰদেশৰ সীমামুৰীয়া এক দুৰ্গম অঞ্চলৰ পৰা নিজৰ কষ্ট আৰু চেষ্টাৰ বলত অসম্ভৱকো সম্ভৱ কৰি তোলা ভূপেন লিকচন আজিও ৰজাঘৰীয়াৰ দ্বাৰা উপেক্ষিত। ৰজাঘৰীয়াৰ দ্বাৰা উপেক্ষিত যদিও ভূপেন লিকচনৰ কিন্তু কোনো ধৰণৰ আক্ষেপ নাই আৰু একেই উদ্যমেৰে নিকট অৱসৰৰ সময়তো বিশ্ব জয়ৰ দুৰ্বাৰ হেপাহ মনত ৰাখি নিজৰ প্ৰস্তুতি চলায় গৈছে। ইতিমধ্যে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষই ভূপেন লিকচনক চাইকেল চলাই বিশ্ব জয়ৰ বাবে আমন্ত্ৰণ জনাইছে। অহা ইংৰাজী ২২ ছেপ্টেম্বৰ তাৰিখে দিল্লীৰ পৰা আগ্ৰালৈ মুঠ ১০০ কিলোমিটাৰ হাত এৰি চাইকেল চলাই গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ উদ্দেশ্যে ১৮ ছেপ্টেম্বৰ তাৰিখে ভূপেন লিকচন দিল্লী অভিমুখে ৰাওনা হব।

প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like