নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ জানুৱাৰীত মুকলি নহয় ৰহাৰ টোলগেট

অখিলক জে’লত ভৰাই টোলগেট মুকলিৰ চেষ্টাঃ হোজাই কৃষক মুক্তি

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে নগাঁও জিলাৰ ৰহা টোলগেট মুকলি কৰাৰ বাবে প্রস্তুতি অব্যাহত ৰাখিছে ৷ ইতিমধ্যে প্রাধিকৰণে নগাঁও জিলা উপায়ুক্তলৈ লিখা এখন পত্রত ৰহা টোলগেট ১৪ জানুৱাৰীৰ পৰা মুকলি কৰাৰ বিষয়ে অৱগত কৰিছে ৷ উল্লেখ্য যে ২০১৫ চনৰ পৰা অসমত ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে আন টোলগেটৰ লগতে ৰহা টোলগেটো মুকলি কৰি ৰাজহ সংগ্রহৰ বাবে দুবাৰকৈ চেষ্টা কৰিছিল যদিও কৃষক মুক্তি সংগ্রাম সমিতি, জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদকে ধৰি কেইবাটাও সংগঠনে প্রতিবাদ সাব্যস্ত কৰাত টোলগেট মুকলি কৰা প্রক্রিয়া বন্ধ হৈ পৰিছিল৷ এতিয়া পুনৰ ১৪ জানুৱাৰীৰ পৰা মুকলি কৰাৰ কথা আছিল যদিও ১৪ জানুৱাৰীত ৰহা টোলগেট মুকলি নহয়৷ আজি এই সন্দর্ভত নগাঁও জিলা উপায়ুক্তৰ লগত ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ উত্তৰ–পূবৰ কর্তৃপক্ষৰ প্রতিনিধিৰ লগত এক আলোচনা অনুষ্ঠিত হয়৷ জানিব পৰা মতে, ৰহা টোলগেট মুকলি কৰাত পলম হ’ব পাৰে৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্পষ্ট নির্দেশনা অহাৰ পিছতহে জিলা প্রশাসনে পদক্ষেপ গ্রহণ কৰিব বুলি জানিব পৰা গৈছে৷ ইপিনে, ৰহা টোলগেট পুনৰ মুকলি কৰিব বিচাৰিলে জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিয়ে তীব্র বিৰোধিতা কৰিব বুলি জিলা সমিতিৰ সাধাৰণ সম্পাদক প্রাগজ্যোতিষ বণিয়াই চৰকাৰক সতর্ক কৰি দিয়ে৷ ইফালে, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যবাসীয়ে আন্দোলন অব্যাহত ৰখাৰ মাজতেই ৰাষ্ট্রীয় ঘাইপথত পুনৰ মুকলি হ’ব টোলগেট৷ মুকলি হ’ব ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ৰহা, নাজিৰাখাট, মদনপুৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ চলপাৰা, পাতগাঁও আৰু ৩৬নং ৰাষ্ট্রীয় ঘাইপথৰ ডবকাৰ মিকিৰ আটি হাওগাঁও৷ কিন্তু ডবকাৰ মিকিৰ আটি হাওগাঁৱত টোলগেটৰ কোনো চিনচাবেই নাই৷ ডবকাৰ পৰা কুৰি কিলোমিটাৰ নিলগত হোজাই শংকৰদেৱ নগৰত আছে এটা টোলগেট৷ উক্ত টোলগেট বর্তমান জহি–খহি গৈছে৷ কৃষক মুক্তিৰ হোজাই জিলা সমিতিৰ কার্যকৰী সভাপতি আৰিফ উদ্দিন মজুমদাৰে কয় যে বিজেপি চৰকাৰে অখিল গগৈ আৰু কৃষক মুক্তিক ভয় কৰে৷ অখিল গগৈ জে’লত থকাৰ সুযোগতে টোলগেট খুলিব বিচাৰিছে৷ আমি কৃষক মুক্তি সংগ্রাম সমিতিয়ে বিৰোধিতা কৰিম, কেনোপধ্যেই খুলিব নোৱাৰিব টোলগেট৷ প্রথমে ৰাস্তা–ঘাট সম্পূর্ণভাৱে মেৰামতি কৰক চৰকাৰে৷ ৰাস্তা–ঘাটৰ জৰাজীর্ণ অৱস্থাত সঘনাই প্রাণ গৈছে লোকৰ৷ চৰকাৰৰ এই জাতিধ্বংসী কার্য কেতিয়াও সফল হ’বলৈ নিদিয়ে বুলি হুংকাৰ দিয়ে৷ লগতে ডবকাৰ মিকিৰ আটিৰ সচেতন ৰাইজৰ অভিযোগ– আমাক টোলগেট নালাগে, লাগে ফ্লাই অভাৰ৷ আমাৰ ডবকাবাসী ৰাইজক ঠগিছে ৰাষ্ট্রীয় ঘাইপথ কর্তৃপক্ষই৷ আমাৰ কোনো উপ–পথ নাই৷ ডবকা নগৰলৈ যাওঁতে সঘনাই দুর্ঘটনাত পতিত হৈছে লোক৷ দুর্ঘটনাত মৃত্যু হৈছে স্কুল–কলেজীয়া ছাত্র–ছাত্রীৰ৷ কোনো গুৰুত্ব নাই চৰকাৰ–কর্তৃপক্ষৰ্৷ আমাক টোলগেট নালাগে, আমাক লাগে ফ্লাই অভাৰ, আমাৰ জীৱনৰ নিৰাপত্তা দিয়াৰ বিপৰীতে চৰকাৰে মাধমাৰ শোধাবলৈ ধৰিছে বুলি কৈ ক্ষোভ উজাৰে মিকিৰ আটিৰ স্থানীয় ৰাইজে ৷

You might also like