নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ জানুৱাৰীত সৰুসজাইত খেলো ইণ্ডিয়াৰ সামৰণী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ গুৱাহাটীত চলি থকা তৃতীয় সংস্কৰণৰ খেলো ইণ্ডিয়া য়ুথ গেমছৰ অহা ২২ জানুৱাৰীত সামৰণি পৰিব৷

যুৱ খেলুৱৈৰ প্রতিভা বিকাশৰ উপযুক্ত মঞ্চ হিচাপে পৰিচিত ৰাষ্ট্রীয় পর্যায়ৰ প্রতিযোগিতাখনৰ সামৰণী অনুষ্ঠানৰ বাবে সাজু হৈ উঠিছে আয়োজক মণ্ডলী আৰু অসম চৰকাৰ৷ খেলো ইণ্ডিয়া য়ুথ গেমছৰ সামৰণী অনুষ্ঠানৰ প্রস্তুতি সন্দর্ভত এক সংবাদ মেলত প্রতিযোগিতাখনৰ মুখ্য কার্যবাহী বিষয়া অবিনাশ যোশীয়ে কয় যে অহা ২২ জানুৱাৰীৰ সন্ধিয়া ৬ বজাৰ পৰা সৰুসজাই ক্রীড়া প্রকল্পৰ নবীনচন্দ্র বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত আকর্ষণীয় ৰূপত সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷

এই অনুষ্ঠানত বলীউডৰ চেলিব্রিটীৰ লগতে অসমৰ জনপ্রিয় কণ্ঠশিল্পী আৰু কলা–কুশলীয়ে অনুষ্ঠান পৰিৱেশন কৰিব৷ চীনৰ সমৰ কলাবিদে অনুষ্ঠানত ছাইনিজ মার্চিয়েল আর্টছ প্রদর্শন কৰিব বুলিও অবিনাশ যোশীয়ে জানিবলৈ দিয়ে৷ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব৷

কেন্দ্রীয় ক্রীড়া মন্ত্রী কিৰেণ ৰিজিজু আৰু অসম বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তেওঁক সংগ দিব৷ সম্পূর্ণ বিনামূলীয়াকৈ দর্শকে খেলো ইণ্ডিয়া য়ুথ গেমছৰ সামৰণী অনুষ্ঠান উপভোগ কৰিব পাৰিব৷ সংবাদ মেলত ছাইৰ সচিব ৰোহিত ভৰদ্বাজো উপস্থিত থাকে৷ খেলো ইণ্ডিয়া য়ুথ গেমছৰ বাবে অসম চৰকাৰে বিশ্বমানৰ আন্তঃগাঁথনি প্রস্তুত কৰা বুলি তেওঁ প্রশংসা কৰে৷ বিশেষকৈ কাহিলিপাৰাস্থিত শ্বুটিং ৰেঞ্জক ৰোহিত ভৰদ্বাজে বিশ্বৰ অন্যতম শ্রেষ্ঠ বুলি আখ্যা দিয়ে৷

You might also like