নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ জানুৱাৰীত ১৮ ঘণ্টীয়া অসম বন্ধ আলফা স্বাধীনৰ 

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ দেশৰ ৭১সংখ্যক গণৰাজ্য দিৱস বর্জনৰ আহ্বান জনাইছে আলফা (স্বাধীন)–এ৷ লগতে সংগঠনটোৱে অহা ২৬ জানুৱাৰীত ১৮ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে৷

অৱশ্যে এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে বিপদকালীন বিভাগক৷ এই সন্দর্ভত কাকতলৈ প্রেৰণ কৰা এক ই–মেইলত আলফা (স্বাধীন)ৰ সভাপতি ডাঃ অভিজিৎ অসমে কয়– ‘অধিকৃত অসম ভূমিত ভৃত্যালী কৰা সংগঠনৰ সক্রিয় সহযোগত তথাকথিত ভাৰতীয় ঔপনিৱেশিক ৰাষ্ট্রৰ ৭১সংখ্যক গণৰাজ্য দিৱস উদ্যাপনৰ প্রতিবাদী কার্যসূচী পালন কৰি অসমবাসীয়ে সকলো আনুষ্ঠানিকতা বর্জনেৰে নিজ নিজ ঘৰত অৱস্থান আৰু বিপদকালীন বিভাগৰ বাদে আন সকলো ধৰণৰ যান–বাহনৰ চলাচল, ব্যৱসায়িক প্রতিষ্ঠান, দোকান ২৬ জানুৱাৰীৰ ০০ঃ০০ ঘণ্টাৰ পৰা ১৮ঃ০০ ঘণ্টালৈকে বন্ধ ৰাখিবলৈ আন্তৰিক আহ্বান জনোৱা হ’ল৷’

You might also like