নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ৩.৫ বছৰত ৬৫২৮ ধর্ষণ কাণ্ড

বধানসভাত উন্মোচিত ভয়াৱহ ছবি ঃ ২০১৬ৰ জুনৰ পৰা ২৫৭৮০টা অপহৰণ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ বর্তমানৰ চৰকাৰৰ দিনত ২০১৬ চনৰ জুন মাহৰ পৰা যোৱা অক্টোবৰ মাহলৈ ৰাজ্যখনত মুঠ ২৩জন লোকক ডাইনীৰ সন্দেহত হত্যা কৰা হৈছে৷ ইয়াৰে ১২জন পুৰুষ আৰু ১১গৰাকী মহিলা ৷ বিধায়ক নন্দিতা দাসৰ এক লিখিত প্রশ্ণৰ উত্তৰত গৃহ বিভাগৰ হৈ শনিবাৰে সদনত এই তথ্য সদৰী কৰে পৰিবহণমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে ৷ মন্ত্রী পাটোৱাৰীয়ে আৰু কয় যে ২০১১ চনৰ পৰা ২০১৬ চনৰ মে’ মাহলৈ মুঠ ৮৪জনক ডাইনী সন্দেহত হত্যা কৰা হৈছিল ৷ ডাইনী সন্দেহত হত্যা ৰোধৰ বাবে চৰকাৰে ২০১৫ চনত এখন আইন প্রণয়ন কৰে আৰু ২০১৮ চনৰ ১ অক্টোবৰৰ পৰা আইনখন কার্যকৰী কৰা হয় ৷ তদুপৰি ডাইনী সন্দেহত হত্যা কৰা ঘটনা সম্পর্কত মোকর্দমা ৰুজু কৰি আইনগত ব্যৱস্থা লোৱা হয়৷ ডাইনী সন্দেহৰ হত্যাৰ বিৰুদ্ধে অসম পুলিচৰ প্রহৰী প্রকল্প ২০০১ চনতে আৰম্ভ কৰি কাম কৰি আছে ৷ অসমৰ বিভিন্ন জিলাত এই সম্পর্কে সময়ে সময়ে বিভিন্ন সজাগতা সভা আয়োজন কৰি অহা হৈছে ৷ অসম আৰক্ষী সঞ্চালকপ্রধানৰ নেতৃত্বত যোৱা ১০ জুলাইত মৰিগাঁৱত এখন বিশাল জনসভা আয়োজন কৰি ডাইনী সন্দেহত হত্যাৰ ওপৰত সজাগতা বৃদ্ধি কৰে ৷ তদুপৰি গাঁওৰক্ষী বাহিনীক বিভিন্ন সজাগতা সভাত নিয়োগ কৰি গাঁৱৰ ৰাইজক ডাইনী সন্দেহত হত্যাৰ ওপৰত সজাগ কৰি অহা হৈছে বুলি তেওঁ সদনক জানিবলৈ দিয়ে ৷ ইপিনে, বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ আন এক লিখিত প্রশ্ণৰ উত্তৰত মন্ত্রী পাটোৱাৰীয়ে কয় যে ২০১৬ চনৰ এপ্রিল মাহৰ পৰা চলিত বর্ষৰ অক্টোবৰ মাহলৈ ৰাজ্যখনত ৫২,৯৬৪টা চুৰি, ৬১০টা ডকাইতি, ২৫,৭৮০টা অপহৰণ, ৩০,৮২০টা যৌতুক, ৬টা বেংক লুট, ৬,৫২৮টা ধর্ষণৰ ঘটনা সংঘটিত হয়৷ ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীতেই ১৩,৮৪৪টা চুৰি, ২৯টা ডকাইতি, ২৩৬১টা অপহৰণ, ১৬৯টা যৌতুক, ২৪৮টা ধর্ষণৰ ঘটনা সংঘটিত হয়৷ এই সময়ছোৱাত গুৱাহাটী মহানগৰীত ১,৩৬৩টা চাইবাৰ ক্রাইমৰ গোচৰ ৰুজু হয় ৷ ইয়াৰ বিপৰীতে ২০১৬ চনৰ পৰা চলিত বর্ষৰ মে’ মাহলৈ ৰাজ্যখনত মুঠ ৩,৬৪৬টা চাইবাৰ ক্রাইমৰ গোচৰ ৰুজু হয় ৷ তদুপৰি ২০১৬ চনৰ পৰা চলিত বছৰৰ অক্টোবৰ মাহলৈ ৰাজ্যখনত মুঠ ২৯,৮৪০টা মটৰ দুর্ঘটনাৰ গোচৰ ৰুজু হৈছে ৷ গুৱাহাটী মহানগৰীত ২০১৬ চনৰ এপ্রিল মাহৰ পৰা চলিত বছৰৰ অক্টোবৰলৈ মুঠ ৩,৫৩৪টা মটৰ দুর্ঘটনাৰ গোচৰ ৰুজু হৈছে ৷ ইয়াৰ ফলত মুঠ ৯৩৩জনৰ মৃত্যু আৰু ২,৮৩২জন আঘাতপ্রাপ্ত হৈছে ৷

You might also like