নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’এনজিচিৰ উন্মুক্ত পাইপে বিপদ মাতিছে ভটীয়াপাৰবাসীলৈ

নিয়মীয়া বার্তা,২১ জানুৱাৰীঃ নৱৰত্ন উদ্যোগ ৰূপে খ্যাত অ’এন জি চিয়ে অসমৰ ভূ–গর্ভৰ পৰা প্রচুৰ পৰিমাণে খাৰুৱা তেল উৎপাদন কৰিবলৈ সক্ষম হৈছে যদিও তেল ক্ষেত্র এলেকাৰ সাধাৰণ কৃষক ৰাইজৰ সেউজ ভূমিৰ সুৰক্ষাৰ ক্ষেত্রত বিভাগটোৱে সদায়েই মাহী আইৰ দৃষ্টি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ বিশ্বত বিভিন্ন প্রান্তত থকা তৈল উৎপাদনকাৰী প্রতিষ্ঠানসমূহে যিদৰে নিজ নিজ এলেকাৰ উন্নয়নৰ বাবে বুজন পৰিমাণৰ অর্থ খৰচ কৰি আহিছে, কিন্তু অ’ এন জি চিয়ে সদায়ে নিজৰ এলেকাধীন কৃষক ৰাইজৰ সমস্যা সমাধান কৰাটো দূৰৈৰ কথা খাৰুৱা তেলে বছৰে বছৰে নষ্ট কৰি অহা কৃষিভূমিৰ গৰাকীক ক্ষতিপূৰণ আদায় দিয়াৰ ক্ষেত্রটো ব্যর্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আন নালাগে অসমৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব নিদিয়াৰ উপৰি অ’ এন জি চিয়ে অসমৰ কৃষিভূমিৰ প্রতিও সচেতন নোহোৱাৰো অভিযোগ উত্থাপিত হৈছে ৷

শিৱসাগৰ নগৰৰ সমীপৰ ভটীয়াপাৰ অঞ্চললৈ দৃষ্টি দিলেই এই অভিযোগসমূহৰ সত্যতা পোহৰলৈ আহিব ৷ উল্লেখ্য যে ভটীয়াপাৰত থকা নিগমৰ ডব্লিউ এছ এছটোৰ পৰা কাষৰ পথাৰখনলৈ উন্মুক্ত হৈ থকা তৈলপৰিৱাহী পাইপ কেইডালে কাষৰ কৃষিভূমিখনলৈ সদায়েই ভাবুকি নমাই আনিছে৷ অ’ এন জি চিৰ অসম এছেটৰ ৰুদ্রসাগৰ তৈল ক্ষেত্রৰ অধীনস্থ বিভিন্ন তেল খাদৰ পৰা খাৰুৱা তেলসমূহ ভূ–গর্ভৰ তলেদি পৰিবহণ হোৱা পাইপৰ যোগেদি এই ডব্লিউ এছ এছটোত জমা হয়হি৷ ইয়াৰ পিছত নিগমৰ এই ভটীয়াপাৰ ডব্লিউ এছ এছৰ পৰা এই কাষৰ পথাৰখনলৈ উন্মুক্ত হৈ থকা পাইপ কেইডালৰ জৰিয়তে নিগমৰ বিভিন্ন জি জি এছলৈ তেলসমূহ পৰিবহণ কৰা হয়৷ অভিযোগ অনুসৰি বছৰ বছৰ ধৰি এনেদৰে এই তৈল পৰিবাহী পাইপ কেইডালৰ মাজেৰে এনেদৰেই তৈল নিগমে খাৰুৱা তেল পৰিবহণ কৰি আছে ৷

কিন্তু আওপুৰণি পাইপ কেইডাল ফাটি সদায়েই ক্ষতি কৰি আহিছে কৃষক ৰাইজৰ কৃষিভূমি৷ কাষৰ কৃষিভূমিৰ সুৰক্ষাৰ স্বার্থত এই পুৰণি পাইপ কেইডাল সলনি কৰি নতুন পাইপ সংযোজন কৰিবৰ বাবে স্থানীয় ৰাইজে নিগমক বাৰম্বাৰ আহ্বান জনাই আহিছে যদিও জনসাধাৰণৰ আহ্বানৰ প্রতি অ’ এন জি চিয়ে কোনো গুৰুত্ব প্রদান কৰা নাই৷ সেই ঠাইত নতুন পাইপ সংযোগ কৰাৰ পৰিৱর্তে নিগমে আজি কিছুদিনৰ পূর্বে পাইপ কেইডালত ক’লা প্রলেপ সানি, টাপলি মাৰিয়েই দায়িত্ব সামৰিছে৷ এনেদৰে ভটীয়াপাৰ ডব্লিউ এছ এছটোৰ পৰা নিগমৰ এই উন্মুক্তভাৱে থকা পুৰণি পাইপ কেইডালৰ পৰা তৈল নির্গত হৈ কৃষিভূমিৰ বিস্তৰ ক্ষতি কৰাৰ আশংকাত ভুগিছে স্থানীয় কৃষকসকল৷উল্লেখ্য যে আজিৰ পৰা এটা বছৰৰ পূর্বে ৰুদ্রসাগৰ তৈল ক্ষেত্রৰ পৰা এই ডব্লিউ এছ এছটোলৈ অহা পাইপ ফাটি পৰাৰ বাবেই ৰুদ্রসাগৰৰ শ শ হেক্টৰ কৃষিভূমি বিনষ্ট হৈ পৰিছিল৷ ৰুদ্রসাগৰৰ বহু ব্যক্তিৰ ঘৰৰ ভিতৰলৈকে খাৰুৱা তেল বিৰিঙি পৰিছিল ৷ চৰিবলৈ অহা পোহনীয়া হাঁহৰ মুহূর্তৰ ভিতৰতে বৰণ সলনি হৈছিল ৷ সেই সময়ত উক্ত অঞ্চলটোত সৃষ্টি হৈছিল এক ভয়ংকৰ পৰিস্থিতিৰ ৷ তেনেস্থলত এতিয়া এই পাইপ কেইডালৰ বাবেও একেই পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে ৷

You might also like