অজিত ভূঞাৰ দৰে বুদ্ধিজীৱীসকলৰ মুখা খোল খাইছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
কংগ্ৰেছ-AIUDFৰ মিত্ৰতা সন্দৰ্ভত কি ক'লে হিমন্ত বিশ্ব শৰ্মাই?
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ অজিত ভূঞাই যদি আজমলৰ সৈতে একেখন মঞ্চত থিয় হ’ব খোজে, তাতকৈ দুখৰ কথা জাতিটোৰ বাবে একো হ’ব নোৱাৰে। CAA আন্দোলন ৰাজ্যসভাৰ সাংসদ হোৱাৰ বাবে চলিছিল নেকি? অজিত কুমাৰ ভূঞাই ভাৰতীয় জনতা পাৰ্টীক গালি পাৰি আছিল সেয়া আজমলৰ আঙুলিৰ নিচানত কৰি আছিল নেকি বুলি প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ লগতে কয় যে অসমৰ একাংশ বুদ্ধিজীৱীয়ে ৰাজ্যসভাৰ টিকটৰ লালসাত পৰিহে CAA আন্দোলন কৰিছিল কিন্তু যুক্তি একো নাছিল। CAA কৰি থকাৰ আঁৰত ৰাজ্যসভা আসনখন থকাৰ এটা পৰিৱেশ দেখা গৈছে। কোনোবাই যদি আজমলৰ ওচৰত আত্মসমৰ্পন কৰিব পাৰে তেওঁৰ কাৰণে আৰু একো নাথাকিল।
আনহাতে কংগ্ৰেছ-AIUDFৰ মিত্ৰতা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কয় যে গোটেই নাটক বিলাক এসময়ত বদৰুদ্দিন আজমল দৰে কোনোবা এজন আজমল অসমৰ মুখ্যমন্ত্ৰী হওঁক। বিধানসভাত কংগ্ৰেছ দলৰ সদস্যসকললৈ লক্ষ্য দেখা যায় যে ‘ছোটা আজমল’ সকলেই বহি আছে। লাহে লাহে অসমখনত এক মৌলাবাদী শাসনৰ ফালে গৈ আছে, ই ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিছে। তৰুণ গগৈৰ দৰে নেতাই যদি সেই মৌলাবাদৰ ওচৰত আত্মসমৰ্পণ কৰে তেন্তে অসমৰ ভৱিষ্যতক লৈ সকলোৰে মনত শংকা আৰম্ভ হ’ব।
কিন্তু আমাৰ দেহত শেষ বিন্দু তেজ থকালৈকে আমি আপ্ৰাণ চেষ্টা কৰিম যাতে আজমল আৰু ছোটা আজমল সকল যেন অসমৰ ভাগ্যনিয়ন্তা নহয়।ৰাইজৰ বিশ্ৱাসত আমি তেওঁলোকৰ ষড়যন্ত্ৰ বিফল কৰিব পাৰিম। অজিত ভূঞাৰ দৰে বুদ্ধিজীৱীসকলৰ মুখা খোল খাইছে আৰু আমাৰ সংগ্ৰামখন আজিৰ পৰা সহজ হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।