নিয়মীয়া বার্তা, ২২ এপ্রিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ দেশজুৰি চলিছে লকডাউন ৷ মঙলবাৰে ২৮ দিন অতিবাহিত কৰিলে লকডাউনে ৷ খাটিখোৱাসকলে উপার্জন হেৰুৱাই একপ্রকাৰ অনাহাৰে অর্ধাহাৰে জীৱন কটাই আছে ৷ লকডাউনত দৰিদ্র পৰিয়ালৰ মাজত নামি আহিছে ঘোৰ অমানিশা ৷ অধিকাংশ পৰিয়ালত দেখা দিছে খাদ্য সংকটে ৷ অভাৱে জুৰুলা কৰা এইসকল লোকৰ খাদ্যৰ নাটনি আৰু অভাৱ তৎকালীনভাৱে দূৰ কৰিবলৈ চৰকাৰৰ উপৰি বিভিন্ন দল–সংগঠন, জনদৰদী ব্যক্তিয়ে চাউল, দাইল, নিমখ, তেল, আলু আদি কৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্রী যোগান ধৰি সহায়ৰ হাত আগবঢ়াই আহিছে ৷ ইপিনে, চৰকাৰেও সুলভ মূল্যৰ দোকানীৰ জৰিয়তে বিনামূলীয়া চাউল দিয়াৰ উপৰি ৰেচন কার্ড নথকা পৰিয়ালক এককালীন এহেজাৰ টকা অনুদান দিছে ৷ লকডাউনৰ সময়ত সাহায্যৰ পৰা বঞ্চিত লোকসকলে ভোক দূৰ কৰাৰ বাবে বনৰ আলু, কচু, শাক– পাচলি খাই জীৱন নির্বাহ কৰিছে ৷
গোসাঁইগাঁৱৰ ২৩২টা আদিবাসী পৰিয়ালে কোনোধৰণৰ সহায় নাপাই জীৱন ৰক্ষার্থে বনৰ কচু শাক পাত খাবলৈ বাধ্য হৈছে ৷ এই ২৩২টা পৰিয়ালৰ মুঠ সদস্য সংখ্যা হৈছে ১১৭৮গৰাকী ৷ তেওঁলোকে তীব্র খাদ্য সংকটত ভুগিছে যদিও খবৰ নাই কোনো দল–সংগঠনৰ ৷ খবৰ নাই জিলা আৰু মহকুমা প্রশাসনৰ ৷ ফলত কণ–কণ শিশুবোৰৰ লগতে বৃদ্ধ–বৃদ্ধাসকলে অনাহাৰে কটাইছে ৷ উল্লেখ্য যে গোসাঁইগাঁও মহকুমাৰ বৰবাধা বন কার্যালয়ৰ গাতে লাগি থকা ধচফচ, আলুপাৰা, মটৰঝোৰা, বৰবাধা, শান্তিপাৰা আদি কৰি প্রায় আঠখন আদিবাসী জনবসতি গাঁও আছে ৷ ১৯৯৬–১৯৯৮ চনত সংঘটিত গোষ্ঠীগত সংঘর্ষত সর্বস্ব হেৰুৱাই গোসাঁইগাঁও মহকুমাৰ অন্তর্গত গ্রাহামপুৰ আৰক্ষী চকীৰ অধীনস্থ গুমা বনাঞ্চলৰ দাঁতিকাষৰীয়া এই অঞ্চলত আশ্রয় গ্রহণ কৰে ৷ এই গাঁৱৰ এই পৰিয়ালসমূহ বিগত ২০–২২ বছৰ ধৰি বসবাস কৰি আহিছে যদিও সিহঁতৰ অধিকাংশ পৰিয়ালৰ নাই ৰেচন কার্ড ৷ কিয়নো গৃহহাৰা এইসকল পৰিয়ালৰ নাই কোনো উপযুক্ত নথি ৷ যাৰবাবে এওঁলোক স্থায়ী বাসিন্দা হোৱা সত্ত্বেও একমাত্র প্রয়োজনীয় নথি–পত্রৰ অভাৱত ৰেচন কার্ডৰ পৰা বঞ্চিত হৈ আছে ৷
শেহতীয়াকৈ লকডাউন ঘোষণা কৰাৰ পাছত চৰকাৰে সকলোৰে বাবে বিনামূলীয়া চাউল যোগান ধৰিছে যদিও এওঁলোকে চাউল লাভ নকৰিলে৷ অকল সেয়াই নহয় ৰেচন কার্ড নথকা এই পৰিয়ালসমূহ চৰকাৰী এহেজাৰ টকা পাব লাগিছিল যদিও সেয়াও লাভ কৰা নাই ৷ ফলত বনৰ খৰি বুটলি আনি বিক্রী কৰি কোনোমতে জীৱন নির্বাহ কৰা পৰিয়ালসমূহৰ অৱস্থা হাঁহ নচৰা হৈছে ৷ ইপিনে লকডাউনৰ ফলত হাট–বজাৰ সকলো বন্ধ হৈ পৰাৰ লগতে ঘৰৰ পৰা বাহিৰত ওলাব নোৱাৰি বহু পৰিয়ালে একপ্রকাৰ অনাহাৰে দিন কটাইছে৷ ইয়াৰে একাংশ উপায়হীন হৈ বনৰ শাক–পাত,বনৰীয়া আলু, কচু খাই দিন–ৰাতি অতিবাহিত কৰিছে৷ খাদ্যৰ অভাৱ হোৱাত গাঁওসমূহত থকা কণ কণ শিশুবোৰৰ উপৰি বৃদ্ধ–বৃদ্ধাসকলে পুষ্টিহীনতাত ভুগিছে৷ যি সময়ত কণ কণ শিশুৰ বাবে চৰকাৰে অংগনৱাডী কেন্দ্রৰ জৰিয়তে শিশুৰ পুষ্টিযুক্ত খাদ্য যোগান ধৰিছে তেনে সময়ত গাঁওকেইখনৰ শিশুসকলে তাৰ পৰাও সম্পূর্ণৰূপে বঞ্চিত হৈ আহিছে ৷ কিয়নো উক্ত জনবসতি অঞ্চলত নাই কোনো অংগনৱাডী কেন্দ্র৷ বনৰ আলু, কচু, শাক– পাচলি, মাছ বিক্রী কৰি জীৱন নির্বাহ কৰা এইসকল পৰিয়ালে চৰকাৰৰ পৰা যাতে কিছু সকাহ পায় তাৰ বাবে স্থানীয় যুৱক লক্ষ্মীকান্ত মাৰাণ্ডীয়ে মহকুমা প্রশাসনৰ সৈতে অহৰহ যোগাযোগ কৰিছে যদিও বর্তমান লৈকে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ একপ্রকাৰ অনাহাৰে মৃত্যুৰ ক্ষণ গণিছে ২৩২টা পৰিয়ালে ৷