নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্টম ভৈৰৱকুণ্ড পর্যটন মহোৎসৱক লৈ মুখৰ প্রকৃতিৰ ৰাণী

জিলিকিল বর্ণিল জনগোষ্ঠীয় সংস্কৃতি

নিয়মীয়া বার্তা,১৮ জানুৱাৰীঃ প্রকৃতিৰ বিনন্দীয়া সৌন্দর্যৰ আকৰ ভৈৰৱকুণ্ডত এতিয়া আনন্দৰ মেলা ৷ অসমৰ অন্যতম পর্যটনস্থলী ভৈৰৱকুণ্ড নিজেই সৌন্দর্যৰ ভাণ্ডাৰ ৷ চুবুৰীয়া ৰাষ্ট্র ভূটান আৰু চুবুৰীয়া ৰাজ্য অৰুণাচলৰ সুউচ্চ পাহাৰ, তাৰ মাজেৰে বৈ গৈছে ধনশ্রী নৈ৷ এই নৈসর্গিক পৰিৱেশৰ মাজত কালিৰে পৰা আৰম্ভ হয় অষ্টম ভৈৰৱকুণ্ড পর্যটন মহোৎসৱ৷ ৰাজ্য চৰকাৰৰ পর্যটন বিভাগ আৰু বিটিচি পৰিষদৰ পর্যটন বিভাগৰ উদ্যোগত আয়োজিত অষ্টম ভৈৰৱকুণ্ড পর্যটন মহোৎসৱৰ দ্বিতীয় দিনাও উখল–মাখল পৰিৱেশে বিৰাজ কৰিছে প্রকৃতিৰ ৰম্যভূমি ভৈৰৱকুণ্ডত৷ বিভিন্ন জাতি–জনগোষ্ঠীৰ কৃষ্টি–সংস্কৃতি, থলুৱা খাদ্য সম্ভাৰৰ লগতে ভৈৰৱকুণ্ড মহোৎসৱত স্থলীত চলিছে বিভিন্ন ক্রীডা প্রতিযোগিতাও৷ ভৈৰৱকুণ্ড পর্যটন মহোৎসৱৰ দ্বিতীয় দিনাও অন্যতম আকর্ষণ হৈ পৰিছে হাতী ছাফাৰি, জীপ ছাফাৰিৰ পৰা আৰম্ভ কৰি এটিভি আৰু পেৰাগ্লাইডিঙলৈ৷ কণ কণ ল’ৰা–ছোৱালীৰ আকর্ষণ হৈ পৰিছে প্রকাণ্ড হট এয়াৰ বেলুন৷ ভৈৰৱকুণ্ড পর্যটন আৱাসস্থলী মুখ্য মণ্ডপৰ লগতে আন দুটাকৈ স্থানত চলিছে বিভিন্ন খেল–ধেমালি, দুঃসাহসিক ক্রীডাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান৷ ধনশ্রী নৈৰ পাৰত আয়োজন কৰা প্রদর্শনীস্থলীত দেখা গৈছে স্থানীয়ভাৱে উৎপাদিত সামগ্রীৰ ব্যাপক সমাদৰ৷ এই স্থলীতে এফালে জনজাতীয় থলুৱা খাদ্য সম্ভাৰৰ বিপণী৷ পোৰা মাছ, পোৰা গাহৰি, মুর্গীৰ মাংস, পলু পোক আদি বিভিন্ন খাদ্য৷ অজস্রজনে সোৱাদ হ’লে এই থলুৱা খাদ্যৰ৷ মহোৎসৱৰ কার্যসূচী অনুসৰি আজি পুৱা ৮ বজাত চপনগাঁৱৰ পৰা ভৈৰৱকুণ্ডলৈ উলিওৱা হয় এক বিশাল চাইকেল ৰেলী৷ ৯ বজাত আৰম্ভ হয় ক্রীডা প্রতিযোগিতা৷ ১০ বজাত আৰম্ভ হয় চিত্র আৰু ফটো গেলেৰী৷ মানৱসৃষ্ট ফ’ৰেষ্ট জে এফ এম চিত অনুষ্ঠিত হয় অতি গুৰুত্বপূর্ণ দুখন আলোচনা–চক্র৷ এই দুয়োখন আলোচনা–চক্রতে জিলাখনৰ এক হাজাৰ ছাত্র–ছাত্রীয়ে ভাগ লয়৷ ইয়াৰ পিছত ক্রমে পৰম্পৰাগত জনগোষ্ঠীয় নৃত্য,বহুভাষিক কবি সন্মিলন, শৰীৰ চর্চা প্রতিযোগিতাৰ লগতে সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়া৷ আজিৰ সাংস্কৃতিক সন্ধিয়াৰ মূল আকর্ষণ আছিল কাঠমাণ্ডুৰ ৰকবেণ্ড৷ অষ্টম ভৈৰৱকুণ্ড পর্যটন মহোৎসৱ পূর্বতকৈও অধিক আকর্ষণীয় হৈছে যদিও ‘কা’ৰ প্রভাৱৰ বাবে এইবাৰৰ মহোৎসৱস্থলীত পূর্বৰ তুলনাত পর্যটকৰ সংখ্যা কম হোৱা অনুভৱ কৰে মহোৎসৱ উদ্যাপন সমিতিৰ মুখ্য আহ্বায়ক ৰিপেন দৈমাৰীয়ে ৷

You might also like