নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত একেদিনাই ৯জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৯ জুলাই : কালান্তক ক’ৰোনাৰ বিভীষিকা এতিয়া চৌদিশে বিয়পি পৰিছে৷ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত প্রতিদিনে বৃদ্ধি পাইছে ক’ৰোনা আক্রান্তৰ সংখ্যা৷ আক্রান্তৰ ঊর্ধ্বমুখী গ্রাফৰ মাজতে ভয়ংকৰ বিপদৰ অশনি সংকেত কঢ়িয়াই ৰাজ্যখনত একেদিনাই ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটিল ৯জন লোকৰ৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য সদৰী কৰে৷ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুবৰণ কৰাসকলৰ ৪জনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হোৱাৰ বিপৰীতে আন ৩জনৰ ব্যক্তিগত চিকিৎসালয়ত, এজনৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰু এগৰাকীৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি কাহিলিপুৱাতে মৃত্যু হোৱা লোককেইজন হ’ল– দিছপুৰ কাহিলিপাৰাৰ বাসিন্দা উৎপল কুমাৰ চলিহা (৭৫), মহানগৰীৰ লালগণেশৰ হৰিপ্রসাদ মণ্ডল (৬৮), গুৱাহাটীৰ হেদায়েৎপুৰৰ ছফিকুল ৰহমান (৬০) আৰু বৰপেটা জিলাৰ পাটাছাৰকুছিৰ ৰমণী মজুমদাৰ (৬০)৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হোৱা লোকজন হ’ল জিতেন্দ্র প্রসাদ (৩০) আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় শিৱসাগৰৰ মণিকা ভৌমিজ (১৯) নামৰ এগৰাকী যুৱতীৰ৷

ইফালে, নিশাৰ ভাগত মন্ত্রীগৰাকীয়ে আন এক টুইটযোগে আজিৰ দিনটোত ৰাজ্যখনত ৬৯৬গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্রান্ত হোৱাৰ তথ্য সদৰী কৰে৷ ইয়াৰে ৪২৩ গৰাকী কেৱল গুৱাহাটী মহানগৰীৰ৷ আজি চিকিৎসাধীন হৈ থকা ৩৯৭ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়৷ ইয়াকে লৈ ৰাজ্যখনত মুঠ ক’ৰোনা আক্রান্তৰ সংখ্যা হ’লগৈ ১৪,০৩২ গৰাকী৷ ইয়াৰে ৫,২৮১ ক’ৰোনা সংক্রমিত লোক বর্তমানেও চিকিৎসাধীন হৈ আছে৷ আনহাতে, সুস্থ হৈ উঠা ৮,৭২৬গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমত প্রকাশ কৰা মতে, গুৱাহাটীত আজি ৮জন ক’ভিড আক্রান্ত লোকৰ সৎকাৰ কৰা হ’ব বুলি জিলা উপায়ুক্তই জানিবলৈ দিছে৷ মন্ত্রীগৰাকীয়ে কয়– পৰিস্থিতি এতিয়া যথেষ্ট জটিল৷ বেমাৰৰ বীজাণু ডেকাসকলৰ পৰা ৬০ বছৰ ঊর্ধ্বৰ ব্যক্তিৰ শৰীৰলৈ বিয়পি পৰিছে৷ গতিকে মৃতকৰ সংখ্যা বৃদ্ধি হৈছে৷

আনহাতে, লকডাউন সন্দর্ভত তেওঁ কয়– এই লকডাউনৰ পৰা কি সুফল পোৱা গ’ল, ১০ জুলাইতহে তাৰ স্পষ্ট ধাৰণা এটা পোৱা যাব৷ লকডাউন আৰু এণ্টিজেন টেষ্টৰ পাছত ক’ৰোনা আক্রান্তৰ সংখ্যা নিশ্চিতভাৱে কিছু হ্রাস পাব৷ বিশেষকৈ এণ্টিজেন টেষ্টৰ বাবে এতিয়া এজন ক’ৰোনা আক্রান্তক লগে লগে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে৷ পূর্বে পৰীক্ষাৰ ফলাফল অহাৰ বাবে যথেষ্ট সময়ৰ প্রয়োজন হোৱা বাবে আক্রান্তৰ দ্বাৰা ভাইৰাছ সংক্রমণৰ সম্ভাৱনা আছিল৷ আক্রান্তৰ সংখ্যা এতিয়া ৩০ শতাংশৰ পৰা ১৬ শতাংশলৈ হ্রাস পাইছে৷ অহা ১০ জুলাইৰ ভিতৰত এই হাৰ ১০ শতাংশলৈ হ্রাস পাব৷ তথাপি ৰাজ্যবাসী তথা গুৱাহাটীবাসী সাৱধান আৰু সতর্ক হৈ থকাটো প্রয়োজনীয়৷ পূর্বে এই ভাইৰাছ বয়সস্থ লোকৰ শৰীৰত প্রৱেশ কৰা নাছিল৷ কিন্তু এতিয়া ৬০ৰ ঊর্ধ্বৰ লোকৰ শৰীৰতো এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ গতিকে সাৱধান হোৱাৰ বাহিৰে আন উপায় নাই৷ মন কৰিবলগীয়া যে গুৱাহাটী মহানগৰীত যোৱা ৪৮ ঘণ্টাত ১,১৮৬জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আনহাতে, বিগত ৩ দিনত আক্রান্তৰ সংখ্যা ৩,২৬৫লৈ বৃদ্ধি হৈছে৷ এনে অৱস্থাত সামাজিক সংক্রমণে যে এতিয়াও ভয়াৱহ ৰূপ লৈ আছে, সেয়া স্পষ্ট হৈ পৰিছে৷ ইফালে কালি স্বাস্থ্য বিভাগে মহানগৰীৰ ২নং ৱার্ডত আৰম্ভ কৰা এণ্টিজেন টেষ্ট আজি অব্যাহত ৰাখে৷

স্বাস্থ্য বিভাগৰ ১০টা দলে সমগ্র পাণ্ডু এলেকাত আজিও বহু লোকৰ ছোৱাব সংগ্রহ কৰে৷ উল্লেখ্য যে ক’ৰোনা আক্রান্তৰ এনে ভয়াৱহ পৰিস্থিতি জটিল কৰি ৰখাৰ সময়তে এইবাৰ আক্রান্ত হৈছে শিলচৰৰ প্রাক্তন সাংসদ তথা মহিলা কংগ্রেছৰ ৰাষ্ট্রীয় সভাপতি সুস্মিতা দেৱ৷

You might also like