অসমত ১৩৩২ জন স্বেচ্ছাসেৱকে ক’ৰোনা যুঁজৰ বাবে পঞ্জীয়ন কৰিছে
নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ অসমত বিভিন্ন ক্ষেত্ৰৰ পৰা ১৩৩২ জন স্বেচ্ছাসেৱকে পঞ্জীয়ন কৰিছে। অসম চৰকাৰে স্বেচ্ছাসেৱকৰ পঞ্জীয়নৰ বাবে এটা পৰ্টেল মুকলি কৰিছিল। যাৰ পৰিপেক্ষিতত এতিয়ালৈকে অসমত ১৩৩২ গৰাকী লোকে পঞ্জীয়ন কৰিছে য’ত ইয়াৰে ২৯০ জন চিকিৎসক, ২২ গৰাকী নাৰ্ছ, ১৪৯ জন পেৰামেডিকেলৰ, ১ জন আশা কৰ্মী, ১১১ জন মেডিকেল শিক্ষাৰ্থী, ১৭ জন কলেজ শিক্ষক, ৫৬ জন অভিযন্তা, ৩১ জন
চৰকাৰী চাকৰিয়াল, ৪জন বিজ্ঞানী, ২২০জন শিক্ষাৰ্থী, ৭৬ জন ব্যৱসায়ী, ২৩ জন কাৰিকৰী বিভাগৰ, ১০ জন কাউন্সিলাৰ, ১৯ জন চালক, ১ জন প্ৰাক্তন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, ৪৮ জন বিদ্যালয়ৰ শিক্ষক আৰু ২৫৫ জন অন্যান্য ক্ষেত্ৰৰ। উল্লেখ্য যে অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি কোনো চিকিৎসক, নাৰ্ছকে ধৰি অন্যান্য ক্ষেত্ৰৰ লগত জড়িত লোকসকলক ক’ৰোনাৰ যুঁজত স্বেচ্ছাসেৱক ৰূপে অংশ লবলৈ আহ্বান জনাইছিল।