অসমত ১,৪৮০ জন লোকক প্ৰথম পৰ্যায়ৰ লকডাউন উলংঘা কৰাৰ বাবে গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা ১৪ এপ্ৰিলঃ অসম আৰক্ষীৰ আইন শৃংখলাৰ মহাপৰিদৰ্শক জি পি সিঙে মঙলবাৰে কয় যে অসমত প্ৰথম পৰ্যায়ৰ লকডাউনত আইন উলংঘা কৰাৰ কাৰণে মুঠ ১,৪৮০ জন লোকক গ্ৰেপ্তাৰ আৰু লগতে ১২,৭০৭ খন বাহন জব্দ কৰে। আনহাতে আৰক্ষীৰ আইন শৃংখলাৰ মহাপৰিদৰ্শক জনে জনায় যে লকডাউন উলংঘাকাৰীৰ পৰা ৫০,৫৯,৬০০ টকা জৰিমনা আদায় কৰা হয়। আনহাতে কোভিড-১৯ক লৈ ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি প্ৰচাৰ কৰা বাবে ৬১টা গোচৰ ৰুজু কৰা হয় আৰু ৩৬ জনক গ্ৰেপ্তাৰ আৰু ইয়াৰে ৯ জন লোকক জামিনত মুক্তি দিয়া হয়।